লখিমপুৰৰ দুই স্থানত নিষিদ্ধ ঘোষিত সংগঠনে স্থাপন কৰা আই ই ডি উদ্ধাৰ

আৰক্ষীক সমালোচনা স্থানীয় ৰাইজৰ
লখিমপুৰৰ দুই স্থানত নিষিদ্ধ ঘোষিত সংগঠনে স্থাপন কৰা আই ই ডি উদ্ধাৰ
লখিমপুৰৰ দুই স্থানত নিষিদ্ধ ঘোষিত সংগঠনে স্থাপন কৰা আই ই ডি উদ্ধাৰ
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: সমগ্ৰ ৰাজ্যত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনত অসামৰিক আৰু আৰক্ষী প্ৰশাসন ব্যস্ত থকাৰ মাজতে অসম আৰক্ষীৰ উলংগ স্বৰূপ উদঙাই দিলে সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)য়ে। লখিমপুৰ জিলা আৰক্ষী, চোৰাংচোৱা, বিশেষ শাখাৰ লগতে নিৰাপত্তা বাহিনীৰ ফোঁপোলা স্বৰূপ দাঙি ধৰি বিদ্ৰোহী সংগঠনটোৱে স্থাপন কৰা এটা বিস্ফোৰক আই ই ডি উদ্ধাৰ হৈছে লালুকত।

লখিমপুৰ জিলা সদৰৰ বোমা বিশেষজ্ঞৰ দল, স্নিফাৰ দগ স্কোৱাদ, লালুক আৰক্ষী  আৰু নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান চলাই বৃহস্পতিবাৰে দুপৰীয়া বিদ্ৰোহী সংগঠনটোৱে সংস্থাপন কৰা বুলি ঘোষণা কৰা লালুক পৰিদৰ্শন বঙলাৰ সন্মুখত অৱস্থিত এখন বাঁহৰ পদপথৰ দোকানৰ তলত এটা বৃহৎ আকাৰৰ আই ই ডি বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

প্লাষ্টিকৰ বেগেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হোৱা আই ই ডিটোৰ সৈতে নিষ্ক্ৰিয় টাইম যন্ত্ৰ সংযুক্ত হৈ থকাৰ প্ৰাথমিক আশঙ্কা কৰা হয়। ইয়াৰ পিছতে উক্ত এলেকা আবদ্ধ কৰি আৰক্ষীৰ সতৰ্কতা বৃদ্ধি কৰে। ইফালে আলফাই প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰাৰ দৰেই লখিমপুৰ জিলা সদৰ থানাৰ অন্তৰ্গত হাতীলুং অঞ্চলৰ এখন পৰিত্যক্ত বাহনৰ পৰাও এটা বোমা উদ্ধাৰিবলৈ সক্ষম হয় লখিমপুৰ জিলা আৰক্ষী।

স্মৰ্তব্য যে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আৰক্ষী নিৰাপত্তা বাহিনীযে তীব্ৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো কিদৰে এনে ভয়ংকৰ পৰিকল্পনা বাস্তবায়িত কৰিবলৈ সংগঠনটো সক্ষম হ'ল সেয়া বিচাৰ্যৰ বিষয়। কৰ্তব্যৰ নামত তালাচী আৰু পহৰাৰ ফটো মাৰি সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা আৰক্ষীৰ ফোঁপোলা মানসিকতাৰ বাবেই এই দুষ্কাৰ্য সংঘটিত কৰিবলৈ সুযোগ পোৱা বুলি চর্চা চলিছে।

উল্লেখযোগ্য যে সংগঠনটোৱে যদি এনেবোৰ আৰক্ষীৰ সোপাধিলা ভূমিকাৰ সুযোগ লৈ বিস্ফোৰণ ঘটালে হয় ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ'লহেতেন বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।

লখিমপুৰৰ দুই স্থানত নিষিদ্ধ ঘোষিত সংগঠনে স্থাপন কৰা আই ই ডি উদ্ধাৰ
'অসমীয়া যুৱক নাথাকিলে কাকলৈ আমি অসমক উন্নত কৰিম, স্বাধীন কৰিম'- পৰেশ বৰুৱাক মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in