ঘিলামৰাত ভিনিয়েকৰ কামনাৰ বলি হৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৩ মাহৰ অন্তঃসত্ত্বা...

দৰিদ্ৰ পৰিয়ালক ন্যায় দিয়াৰ দাবী ৰাইজৰ
ঘিলামৰাত ভিনিয়েকৰ কামনাৰ বলি হৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৩ মাহৰ অন্তঃসত্ত্বা...
ঘিলামৰাত ভিনিয়েকৰ কামনাৰ বলি হৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৩ মাহৰ অন্তঃসত্ত্বা...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: সভ্য সমাজক লজ্জিত কৰা এক চূড়ান্ত অমানৱীয় ঘটনা। যি ঘটনাই মানৱতাৰ আৰু পৰিয়ালৰ পবিত্ৰ সম্পৰ্কত অনাদি অনন্ত কাললৈ কলিমা সানিলে।

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত অমোদ চাপৰি গাঁৱত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা। গাঁওখনৰ এটা দৰিদ্ৰ নিৰ্জু পৰিয়ালৰ এগৰাকী প্ৰায় ১১ বছৰীয়া কিশোৰী তেওঁৰেই সম্পৰ্কীয় ভিনিহিয়েকৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হ'বলগীয়া  হোৱা ঘটনা পোহৰলৈ আহিছে।

ঘটনাৰ বিবৰণী মতে দৰিদ্ৰ পৰিয়ালটোৰ নিৰ্জু কিশোৰীগৰাকীক ঘৰলৈ মাতিনি বহু দিন ধৰি অসৎ কামনা চৰিতাৰ্থ কৰি আহিছিল তেওঁৰেই সম্পৰ্কীয় ভিনিহিয়েক বিজয় কামাদ নামৰ পাষণ্ডটোৱে। গহপুৰৰ বাসিন্দা আৰু অস্থায়ী কৰ্মসূত্ৰে দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ সমীপৰ এটা মৎস্য পালন কেন্দ্ৰত বাস কৰা গহপুৰৰ এইটো লম্পটে পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক সুযোগ বুজি অসৎ কামনা চৰিতাৰ্থ কৰাৰ পৰিণতিত কিশোৰীগৰাকী অন্তঃসত্ত্বা হ'বলগীয়া হয়। 

দৰিদ্ৰ পৰিয়ালটোৰ সৈতে পৰিয়ালকেন্দ্ৰিক সম্পৰ্ক থকা এই লম্পটটোৰ জঘন্য কাণ্ডৰ সন্দৰ্ভত পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ পিতৃ, মাতৃৰ অৱগত হোৱাত বিষয়টো গাঁওবাসীৰো জ্ঞাত হয় । অঞ্চলটোৰ মহিলা সমাজ, ৰাইজে এনে নির্লজ কাণ্ডৰ বিষয়ে অৱগত হোৱাত ভুক্তভোগী কিশোৰীগৰাকীৰ লগতে পিতৃ, মাতৃক সোধাপোচা কৰাৰ পাছত অভিভাৱক আৰু কিশোৰীগৰাকীয়ে প্ৰায় ৩ মাহৰ অন্তঃসত্ত্বা হোৱাৰ কথা স্বীকাৰ কৰে ৰাইজৰ আগত।

অঞ্চলটোৰ সুনামত কালিমা সনা এই নিকৃষ্ট ঘটনাক একেমুখে ধিক্কাৰ দি দোষীক  চিনাক্ত কৰি চূড়ান্ত আইনগত শাস্তি প্ৰদানৰ বাবে সহমত পোষণ কৰে ন্যায়কামী ৰাইজে। সেই অনুক্ৰমে আজি দুপৰীয়া দুৰ্ভগীয়া অভিভাৱক আৰু ভুক্তভোগী কিশোৰীগৰাকী ঘিলামৰা আৰক্ষী থানাত উপস্থিত হৈ ভুক্তভোগীৰ পিতৃয়ে এক গোচৰ ৰুজু কৰে।

ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত অমোদ চাপৰি গাঁওৰ ভুক্তভোগী কিশোৰীগৰাকীৰ ঘিলামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বয়স নিৰ্ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।

এই জঘণ্য কাণ্ডৰ সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰি জোৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘিলামৰা আৰক্ষীয়ে লম্পট বিজয় কামাদৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাসগৃহলৈ ৰাওনা হৈছে পাষণ্ডটোক গ্ৰেপ্তাৰৰ বাবে। স্মৰ্তব্য যে এই পাশবিক ঘটনা গাঁওবাসীৰ জ্ঞাত হোৱাত এইটো লম্পটে অমোদ চাপৰি গাঁৱৰ অস্থায়ী পাম ঘৰ এৰি স্বগৃহলৈ পলায় গৈছিল প্ৰায় ৪ দিন পূৰ্বে।

ইপিনে ভুক্তভোগী কিশোৰীগৰাকীয়ে এই ঘটনাৰ সৈতে এগৰাকী স্থানীয় বয়স্ক ব্যক্তিৰো নাম লৈছে আৰক্ষী আৰু ৰাইজৰ আগত। জনৈক খনিকৰ উপাধিৰ এজন বয়স্ক ব্যক্তিৰ নাম লাঞ্চিতা কিশোৰীগৰাকীয়ে আৰক্ষী আৰু ৰাইজৰ আগত ব্যক্ত কৰাত ঘিলামৰা আৰক্ষীয়ে দুয়োৰে ওপৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

ইয়াৰ বিপৰীতে বয়স্ক খনিকৰৰ পৰিয়ালবৰ্গই কোনো  চক্ৰৰ প্ৰৰোচনাত পৰি বৃদ্ধগৰাকীক এই নির্লজ ঘটনাৰ সৈতে জড়িত কৰাৰ বাবে কিশোৰীগৰাকীক ব্যৱহাৰ কৰি কৌশল ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। সেয়া যিয়েই নহওঁক অঞ্চলবাসী ৰাইজে ঘটনাৰ সতে জড়িত সকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে বিশেষ দাবী জনাইছে।

ঘিলামৰাত ভিনিয়েকৰ কামনাৰ বলি হৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৩ মাহৰ অন্তঃসত্ত্বা...
বিহপুৰীয়াত ড্ৰাগছ আসক্ত যুৱকক আঠু কঢ়ালে গাওঁৰক্ষী বাহিনীয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in