ঢকুৱাখনাত পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন...

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেই বিয়লি মাংগলিক পৰিবেশত উদ্বোধন কৰে এই কেন্দ্ৰ
ঢকুৱাখনাত পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন...
ঢকুৱাখনাত পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ প্ৰায় ৩.৫ কোটি অৰ্থসাহায্যৰে ঢকুৱাখনা নগৰৰ সৰলা পথাৰত নিৰ্মীত এটা প্ৰশিক্ষণ কেন্দ্ৰ শনিবাৰে উদ্বোধন কৰা হয়। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান, গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিয়লি মাংগলিক পৰিবেশত অত্যাধুনিক সা সুবিধা বিশিষ্ট সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰটো উদ্বোধন কৰে।

উদ্বোধনী অনুষ্ঠানত এছ আই পি আৰ ডিৰ চাউল ধোৱাৰ অধ্যক্ষ মুনিন্দ্ৰ নাথ শৰ্মা, লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জিতু কুমাৰ দাস, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতা, ৰাজ্যিক বিজেপিৰ সদস্য, যুৱনেতা বসন্ত শইকীয়া, ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি  প্ৰদীপ চমুৱাৰ লগতে বহু সংখ্যক বিষয়া আৰু দলীয় নেতা উপস্থিত থাকে।

এই সন্দৰ্ভত সমল কেন্দ্ৰৰ প্ৰাঙ্গনত এখন উদ্বোধনী সভাত বিধায়ক নৱ দলে, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যিক ভিত্তিত নিৰ্মাণ কৰা এই প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ উপকাৰিতা সন্দৰ্ভত বক্তব্য আগবঢ়াই।

ঢকুৱাখনাত পঞ্চায়ত সমল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন...
বটদ্ৰৱা ৰাধিকা ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুণা নন্দ দেৱ গোস্বামীৰ বিয়োগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in