বিহপুৰীয়াৰ ৰাজবাৰীত 'ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয়'ৰ শুভ উদ্বোধন...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ অংশগ্ৰহণ
বিহপুৰীয়াৰ ৰাজবাৰীত 'ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয়'ৰ শুভ উদ্বোধন...
বিহপুৰীয়াৰ ৰাজবাৰীত 'ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয়'ৰ শুভ উদ্বোধন...
Published on
Updated on

ডিজিটেল সংবাদ বিহপুৰীয়া: বিহপুৰীয়া ৰাজবাৰীস্থিত উদ্যোগ ভৱনত আজি ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয় নামেৰে এখন নাট্য শিক্ষাৰ প্ৰতিষ্ঠান শুভ উদ্বোধন কৰা হয় ৷ এই উদ্দেশ্যে আজি বিয়লি আয়োজিত সভাখনত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বিনোদ কৃষ্ণ শৰ্মাই ৷

কণমানি বনজিৎ বৰাই খোল বাদনত প্ৰাণ পায় উঠা অনুষ্ঠানত বৰগীত পৰিবেশন কৰে শিশু শিল্পী জোনাক নেওগে ৷ হীৰকজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানত নতুনকৈ জন্মলভা ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে শংকৰদেৱ কলাক্ষেত্ৰ সমাজ আৰু মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে ৷

তেওঁ ভাষণ প্ৰসঙ্গত দূৰন্ত সাহসেৰে এই নাট্য বিদ্যালয়খন প্ৰতিষ্ঠা কৰিব ওলোৱা বিষয়টো ভূয়ঁসী প্ৰশংসা কৰাৰ লগতে বিদ্যালয়খনৰ সৈতে জড়িত থকা সকলোকে শুভেচ্ছা জনায় ৷ সভাত বিহপুৰীয়া প্ৰেছ ক্লাৱৰ সভাপতি বুলটন গগৈ,অসম সত্ৰ মহাসভাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক জগত মহন্ত, বিহপুৰীয়া পৌৰসভাৰ অভিযন্তা সত্যেন বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ বীৰেণ শইকীয়া, সমাজ সেৱক হেমন্ত নেওগ আদি বিশিষ্ট ব্যক্তিসকলে ভাষণ প্ৰদান কৰাৰ লগতে বিদ্যালয়খনৰ মূল চালিকা শক্তি কৃষ্ণ ভূঞাই নতুনকৈ জন্ম লাভ কৰা বিদ্যালয়খনৰ লক্ষ্য উদ্দেশ্য অৱগত কৰে ৷

বিশেষকৈ বিশিষ্ট নাট্যকৰ্মী কৃষ্ণ ভূঞাৰ উদ্যোগত আন কেইবাগৰাকী নাট্য কৰ্মীৰ পূৰ্ণ সহযোগত প্ৰাণ পায় উঠা এই বিদ্যালয়ত প্ৰশিক্ষণৰ নিৰ্ধাৰিত সময় এবছৰ ৷ সপ্তাহটোৰ শনি আৰু দেওবাৰে প্ৰশিক্ষণৰ ব্যৱস্থা ৰখা বিদ্যালয়খনত সভা সামৰণি ঘটাৰ পিছতে প্ৰশিক্ষণৰ নাম ভৰ্তীৰ কাম আৰম্ভ হয় ৷

এই বিদ্যালয়খনত কৃষ্ণ ভূঞাই মুখ্য প্ৰশিক্ষকৰ দায়িত্ব পালন কৰাৰ লগতে চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান নাট্য জগতেৰে জড়িত তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মৃদুল বৰুৱা , জ্যোতি নাৰায়ণ নাথ, অসীম শৰ্মা, পলাশ প্ৰতীম মেচ, জয়ন্ত ৰাভা, ভাস্কৰ বৰুৱা, দয়াল কৃষ্ণ নাথ, বাণী শইকীয়া আৰু বাবুল ভূঞাই প্ৰশিক্ষণ প্ৰদান কৰিব ৷

বিহপুৰীয়াৰ ৰাজবাৰীত 'ৰঙ্গভূমি চিনে আৰু নাট্য বিদ্যালয়'ৰ শুভ উদ্বোধন...
শিৱসাগৰৰ গেলেকীত তিনিটাকৈ শিশুৰ আকস্মিক মৃত্যু : আতংকময় পৰিৱেশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in