ডিজিটেল সংবাদ, ঢকুৱাখনা : ভূমিপুত্ৰ অজনজাতীয় জাতি , সম্প্ৰদায়ৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি প্ৰস্তাৱিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সীমাৰ অন্তৰ্ভূক্তিকৰণ কোনো কাৰণতে মানি লোৱা নহ'ব । মিচিং জনগোষ্ঠীক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে ক্ৰুটিপূৰ্ণভাৱে নিৰ্ধাৰণ কৰা এলেকাৰ সীমাত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ডেৰকুৰিৰো অধিক গাঁও অন্তৰ্ভুক্ত কৰা হৈছে ।
এয়া এক অগণতান্ত্ৰিক আৰু ভূমিপুত্ৰৰ অধিকাৰ খৰ্বকাৰী চৰকাৰী চক্ৰান্ত । এই মন্তব্য ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টি আৰক্ষণ মুক্ত দাবী সমিতিৰ ।
শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে সমিতিৰ সভাপতি বিশ্ব নাথ দত্ত , সম্পাদক চুছেন গগৈৰ লগতে ভদ্ৰ গগৈ আৰু গোবিন বৰুৱাই । এম এ চিৰ সীমা নিৰ্ধাৰণৰ বেলিকা সমষ্টিটোৰ ঢকুৱাখনা ,সোৱণশিৰী আৰু কদম ৰাজহ চক্ৰৰ প্ৰায় ৩০ খন অজনজাতি অধ্যুষিত গাঁও সন্নিবিষ্ট কৰা বুলি তথ্য সহ প্ৰদৰ্শন কৰি এনে বলপূৰ্বক অন্তৰ্ভূক্তিকৰণ কোনো কাৰণতে মানি লোৱা নহব বুলি সকীয়াই দিয়ে সমিতিয়ে ।
সমিতিয়ে কয় ১৯৬২ চনৰ পৰাই সমষ্টিটোৰ অজনজাতীয় নাগৰিকে চৰকাৰী চক্ৰান্তমূলক কাৰণত হেৰুৱাই আহিছে জন প্ৰতিনিধিত্বৰ অধিকাৰ । সংৰক্ষণৰ নামত বিধি বৰ্হিভূতভাৱে অজনজাতীয় ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব কৰি অহাৰ পৰৱৰ্তী সময়ত পুনৰ এনে দাসত্ব সদৃশ অৱস্থাৰ বোজা লোৱা নহ'ব বুলি সকীয়াই দিয়ে ।
সমষ্টিটোৰ এগৰাকী কৃষকৰ এফুট কৃষিভূমিও পৰিষদৰ সীমাৰ অন্তৰ্ভুক্ত হ'বলৈ দিয়া নহ'ব বুলি সবল মত দোহাৰে। লগতে ৰাজনৈতিক চক্ৰান্ত আৰু শাসকীয় গোষ্ঠীৰ সহযোগত অজনজাতীয় ৰাইজৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিলে ঐক্যবদ্ধ, সবল আৰু জংগী গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সমিতি বাধ্য হব বুলি জানিবলৈ দিয়ে ।
ভূমিপুত্ৰ খিলঞ্জীয়া অজনজাতীয় জাতি , জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ স্বাধীকাৰ কাঢ়িব খোজা শাসক পক্ষৰ এনে জনবিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত ইতিমধ্যে বিভিন্ন গাঁও সমিতিৰ তৰফৰ পৰা মহকুমা প্ৰশাসনক এনে হঠকাৰী পদক্ষেপৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে। তাৰোপৰি অহা সোমবাৰে সমিতিয়ে কেন্দ্ৰীয়ভাৱে মহকুমা প্ৰশাসনক অন্তিম দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে ।
যিকোনো পৰিস্থিতিতে চৰকাৰে অজনজাতীয় বসতি প্ৰধান গাঁও সমূহৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা নকৰিলে পৰিস্থিতি স্পৰ্শকাতৰ হলে চৰকাৰ ,প্ৰশাসন জগৰীয়া হ'ব বুলি সকীয়াই দিয়ে সমিতিয়ে ।
Also Read: আজিৰে পৰা শিলচৰত আৰম্ভ হৈছে ট্ৰেণ্ডছ- প্ৰতিদিন টেলেন্ট হান্ট