ঢকুৱাখনাত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ জিলা নামঘৰৰ লাইখুঁটা স্থাপন

ঢকুৱাখনাত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ জিলা নামঘৰৰ লাইখুঁটা স্থাপন
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত অন্যতম প্ৰধান ভূমিকা পালি আহিছে মহাপুৰুষীয়া সত্ৰ সমাজ অসমে । গুৰুজনাৰ  এক শৰণ নাম ধৰ্মৰ অমিয়া বাণী চিৰ প্ৰবাহিনী কৰাৰ লক্ষ্যৰে শনিবাৰে ঢকুৱাখনা জিলা মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ  জিলা নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় ।

ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত মধ্য ঢকুৱাখনা পঞ্চায়তৰ দীঘলা গাঁওৰ কেমেৰা পুখুৰীত শনিবাৰে এইভাগি হৰিমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয় । শনিবাৰে পুৱা ধৰ্মধজ্জা উত্তোলন কৰে ৰাজ্যিক সমিতিৰ সভাপতি মনহৰি ৰাজবংশীয়ে ।

ইয়াৰ পাছতে অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত । মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীৱন বৰা ,ঢকুৱাখনা জিলা মহাপুৰুষীয়া সত্ৰ সমাজৰ সভাপতি ঘনকান্ত শইকীয়া , সম্পাদক দিপুল শইকীয়া, কাৰ্যকৰী সভাপতি  পুতুল কোচ ,  বিমান বৰা, ইন্দ্ৰ গগৈ, দীপেন কুমাৰ গগৈ আদি বহুসংখ্যক ভক্ত প্ৰাণ আই বাপ সমস্ত উপস্থিত থকা অনুষ্ঠানত গায়ন বায়ন , আয়তীৰ উৰুলি আৰু হৰিধ্বনিৰ মাজত জিলা নামঘৰৰ লাই খুঁটাস্থাপন কৰে ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে।

বিমান বৰাই আঁত ধৰা এই লাইখুঁটা স্থাপন পৰ্বত উপস্থিত সকলো ভকত বৈষ্ণবে চিমেণ্ট শিল বালিৰ সংমিশ্ৰণ দি গুৰুজনাৰ নামত পবিত্ৰ  হৰিমন্দিৰ ভাগি উৎসৰ্গা কৰে । দুপৰীয়া চিলাপথাৰৰ ভকত বিমান বৰাৰ শ্ৰুতিমধুৰ ভাগৱত পাঠ আৰু সবলীকৰণ অনুষ্ঠানৰ পাছত ৰাজ্যিক সমিতিৰ অন্তৰ্গত ৬খন জিলাৰ ১৮খন মাণ্ডলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । বিয়লি পৰ্যন্ত শতাধিক ভকত বৈষ্ণৱৰ সমস্বৰৰ হৰিনাম আৰু গুৰুবন্দনাই সমগ্ৰ নামঘৰ প্ৰাঙ্গন বিধৌত কৰা পৰিলক্ষিত হয় ।

ঢকুৱাখনাত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ জিলা নামঘৰৰ লাইখুঁটা স্থাপন
অসমীয়া ভাষা সৰলীকৃত কৰিব লাগিব : ড০ দয়ানন্দ পাঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in