জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তঃ পুনৰ সাৰ পাইছে চি আই ডি...

অত্যাধুনিক পদ্ধতিৰে অনুসন্ধান আৰম্ভ
জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তঃ পুনৰ সাৰ পাইছে চি আই ডি...
জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তঃ পুনৰ সাৰ পাইছে চি আই ডি...
Published on
Updated on

ডিজিটেল ঢকুৱাখনা ঢকুৱাখনা: ঢকুৱাখনাৰ জাহাঙ্গীৰ হুছেইনৰ লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্তই পুনৰ সাৰ পাইছে।  বিগত প্ৰায় তিনিটা পষেক ধৰি তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান বিভাগৰ মৌনতাৰ পাছত সোমবাৰে পুনৰ নতুন গতি লৈছে ।

সোমবাৰে  বিয়লিৰ পৰা নিশা ১০ বজা পৰ্যন্ত চি আই ডিৰ তদন্তকাৰী বিষয়া ৰবীন ডেকাই অত্যাধুনিক কৌশল প্ৰয়োগেৰে সন্ধানহীন সুনীল গগৈৰ বাসগৃহত নিৰন্তৰ অভিযান চলাই। অসম আৰক্ষীৰ কাহিলিপাৰাৰ ফৰেঞ্চিক বিশেষজ্ঞৰ এটা দলৰ লগতে ঢকুৱাখনা সদৰ থানাৰ এটা আৰক্ষীৰ দলে সুনীল গগৈৰ সাপতিয়া চেতিয়া গাঁওৰ ঘৰত লাইট অফ কৰি অত্যাধুনিক কৌশলেৰে সুনীল গগৈৰ ঘৰ,ব্যক্তিগত এল্ট' বাহন আৰু সমস্ত এলেকাত হত্যাকাণ্ডৰ ক্লু বিচাৰি প্ৰাথমিক অনুসন্ধান কৰে।

জানিব পৰা মতে অত্যাধুনিক ই বি পি ,ই বি লাইভ পদ্ধতি ব্যৱহাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে এই দলটোৱে। অনুসন্ধান কালত কোনো বাহিৰৰ ব্যক্তি অথবা আত্মীয়ৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰি নিশা ১০ বজা পৰ্যন্ত এই তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে চি আই দিৰ দলটোৱে ঢকুৱাখনা আৱৰ্ত ভৱনত বাহৰ পাতি পুনৰ তদন্ত আৰম্ভ কৰিছে ।

জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তঃ পুনৰ সাৰ পাইছে চি আই ডি...
ধেমাজিত লোক কল্যাণ দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in