ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ আমোলাপট্টি নিবাসী তথা প্ৰবীণ ধৰ্মপ্ৰাণ ব্যক্তি, বৰ্ষীয়ান নামঘৰীয়া, সমাজহিতৈষী কনক চন্দ্ৰ সূত আৰু নাই । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত শৰ্য্যাসায়ী হৈ থকা সদাহাস্যমুখী সূতৰ মঙলবাৰে পুৱা প্ৰায় ৯ বজাত পৰলোকপ্ৰাপ্তি ঘটে ।
মৃত্যুৰ সময়ত ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ বয়স হৈছিল প্ৰায় ৯০ বছৰ । আমোলাপট্টি নামঘৰৰ প্ৰতিষ্ঠাপক নামঘৰীয়া পাঠক হিচাপে আমৃত্যু অতুল্য সেৱা আগবঢ়াই যোৱা সূতে মৃত্যুৰ সময়ত পত্নী ,পুত্ৰ ,কন্যা সহ অজস্ৰ ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইহ সংসাৰত এৰি থৈ বৈকুণ্ঠগামী হয় ।
প্ৰবীণ ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ বিয়োগত সমগ্ৰ ঢকুৱাখনাত শোকৰ ছাঁ পৰিছে । আমোলাপট্টি হৰিমন্দিৰ পৰিচালনা সমিতি , আমোলাপট্টিবাসী ৰাইজে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে ।
Also Read: কচুৱাত বিধ্বংসী অগ্নিকাণ্ড