ঢকুৱাখনাত জনজাতিৰ স্বীকৃতিৰ দাবীৰে কোচ ৰাজবংশীৰ প্ৰতিবাদ

ঢকুৱাখনাত জনজাতিৰ স্বীকৃতিৰ দাবীৰে কোচ ৰাজবংশীৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলৰ সংবিধান প্ৰদত্ত স্বাধীকাৰ জনজাতিকৰণৰ স্বীকৃতি প্ৰদানৰ পৰা চক্ৰান্তমূলকভাৱে বঞ্চিত কৰি অহা হৈছে। ৰাজ্যখনত বসবাস কৰা লাখ লাখ ভূমিপুত্ৰসকলৰ প্ৰতি ৰজাঘৰীয়াই প্ৰদৰ্শন কৰি অহা বাঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে শনিবাৰে ঢকুৱাখনাত সবল প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ কোচ ৰাজবংশী সন্মিলনীৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত মহিলা সন্মিলনী আৰু যুৱ সন্মিলনীৰ সহযোগিতাত শনিবাৰে ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্য্যালয় প্ৰাঙ্গনত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

কোচ জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি দিয়া ,গুৱাহাটীৰ শিলসাঁকোৰ উচ্ছেদিত ভূমিপুত্ৰসকলৰ মুখ্য কাৰ্যালয় "চিলাৰায় ভৱন" উত্তৰ গুৱাহাটীত নিৰ্মাণৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা, ৰাজ্যখনত অন্যান্য পিছপৰা শ্ৰেণীৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ বেলিকা সংঘটিত ব্যাপক অনিয়ম বন্ধ কৰি এই জাতিগত প্ৰমাণপত্ৰ প্ৰদান প্ৰক্ৰিয়া কোচ ৰাজবংশীয় জাতীয় সংগঠনৰ জৰিয়তে সম্পন্ন কৰাৰ দায়িত্ব দিয়া আদি বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে সন্মিলনীৰ নেতা কৰ্মকর্তাসকলে।

সন্মিলনীৰ ঢকুৱাখনা জিলা সভাপতি দীনেশ কোচ,সম্পাদক নৰোত্তম কোচ, সাংগঠনিক সম্পাদক প্ৰশান্ত বৰা, ৰাজ্যিক সদস্য ৰূপম কোচ, জিলা যুৱ সন্মিলনীৰ সম্পাদকে ইন্দ্ৰজিত দত্ত, মহিলা সন্মিলনীৰ সভানেত্ৰী মিনতি বৰ্মন আদি গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু সদস্যই শনিবাৰে দুপৰীয়া ১১বজাৰ পৰা ১বজালৈ এই প্ৰতিবাদ সাব্যস্ত কৰে। পৰৱৰ্তী সময়ত ঢকুৱাখনা মহকুমা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন ৫ দফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

ঢকুৱাখনাত জনজাতিৰ স্বীকৃতিৰ দাবীৰে কোচ ৰাজবংশীৰ প্ৰতিবাদ
ডিব্ৰুগড়ত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in