লখিমপুৰ জিলা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা : ঘিলামৰা নগৰ হাইস্কুল জয়ী

লখিমপুৰ জিলা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা : ঘিলামৰা নগৰ হাইস্কুল জয়ী
Published on
Updated on

ডিজিটেল সংবাদ ঘিলামৰা : অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু লখিমপুৰ জিলা ক্ৰীড়া বিষয়াৰ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা অনুষ্ঠিত হোৱা লখিমপুৰ জিলা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলসমূহ বুধবাৰে ঘিলামৰা নগৰ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়। ঘিলামৰা, ঢকুৱাখনা, লখিমপুৰ আৰু বিহপুৰীয়া মণ্ডলৰ বিভিন্ন বিদ্যালয়ৰ মাজত অনুষ্ঠিত হোৱা খেলসমূহৰ শেষত আজি চুড়ান্ত খেলসমূহ আৰম্ভ হয়।

দুপৰীয়া ১২-০০বজাত বিহপুৰীয়া মণ্ডলৰ নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঘিলামৰা মণ্ডলৰ ঘিলামৰা বাটমাৰি মডেল হাইস্কুলৰ ১৭ বছৰ অনুৰ্ধ ছোৱালীৰ মাজত চুড়ান্ত খেলখন অনুষ্ঠিত হয়। উক্ত খেলত নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৪-১ ৰ ব্যৱধানত জয়ী হয়।

আনহাতে ১৫ বছৰ অনুৰ্ধ পিলিক চৌধুৰী সোঁৱৰণী ল’ৰাৰ ফুটবল প্ৰতিযোগিতাত ঘিলামৰা মণ্ডলৰ নগৰ হাইস্কুল দলে নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ১-০ গ’লত পৰাস্ত কৰি বিজয়ী হয়। ১৭ বছৰ অনুৰ্ধ দেউকণ ট্ৰফী ল’ৰাৰ ফুটবল প্ৰতিযোগিতাত ঘিলামৰা নগৰ হাইস্কুল দলে নাওবৈচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলক পেনাল্টিত হৰুৱাই বিজয়ী হয়। বিজয়ী আৰু বিজিত দলক বিধায়ক নৱ কুমাৰ দলে বঁটা প্ৰদান কৰে।

লখিমপুৰ জিলা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতা : ঘিলামৰা নগৰ হাইস্কুল জয়ী
কাজলগাঁৱত বুজন পৰিমাণৰ ভেজাল পেট্ৰ'ল আৰু ডিজেল জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in