লখিমপুৰ জিলাৰ প্ৰধান শিক্ষকৰ হ'ব দৰমহা বন্ধ যদিহে....

লখিমপুৰ জিলাৰ প্ৰধান শিক্ষকৰ হ'ব দৰমহা বন্ধ যদিহে....

author-image
Asomiya Pratidin
New Update
লখিমপুৰ জিলাৰ প্ৰধান শিক্ষকৰ হ'ব দৰমহা বন্ধ যদিহে....

লখিমপুৰ জিলাৰ প্ৰধান শিক্ষকৰ হ'ব দৰমহা বন্ধ যদিহে....

ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰৰ জিলা আয়ুক্তৰ নিৰ্দেশৰ ভিত্তিত লখিমপুৰ জিলা শিক্ষা বিভাগে জাৰি কৰা এক নিৰ্দেশনাই কঁপনি সৃষ্টি কৰিছে জিলাখনৰ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ মাজত। জিলাখনৰ সকলো স্তৰৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ "আধাৰ" কাৰ্ড উপলব্ধ কৰাৰ বাবে জিলা প্ৰশাসনে নিৰ্ধাৰিত সময় সীমা বান্ধি দিয়াত এনে অৱস্থাৰ সূত্ৰপাত ঘটিছে নীতিনিষ্ঠ বিদ্যালয় প্ৰধানসকলৰ মাজত।

লখিমপুৰ জিলা আয়ুক্তৰ যোৱা ৭ জুনৰ এক নিৰ্দেশনাৰ উদ্ধৃতিৰে লখিমপুৰ জিলা  চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদর্শক তথা সৰ্বশিক্ষা অভিযানৰ লখিমপুৰ জিলা মিছন সমন্বয়কৰ স্বাক্ষৰিত যোৱা ৮ জুনৰ ডি এম চি /এছ এছ এ/ এল / ১২/ চি এম/ ইনুভেটিভ এক্টিভিতি ০৯/১৪৬ নং 'আধাৰ জৰুৰী" নিৰ্দেশনাত  জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ সকলো শিক্ষাৰ্থীৰ "আধাৰ কাৰ্ড" প্ৰস্তুতৰ অন্তিম সময় সীমা চলিত বর্ষৰ ৩০ জুন বান্ধি দিয়া হৈছে।

এই নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰত জিলাখনৰ বিদ্যালয়সমূহৰ সকলো অৱশিষ্ট শিক্ষাৰ্থীৰ "আধাৰ কাৰ্ড" প্ৰস্তুত কৰি প্ৰতিখন বিদ্যালয়ৰ প্ৰতিগৰাকী প্ৰধান শিক্ষকে  আধাৰ "এনৰ'লমেণ্ট"ৰ "সম্পূৰ্ণতাৰ প্ৰমাণপত্ৰ" ( কমপ্লিচন চাৰ্টিফিকেট)  সংশ্লিষ্ট শিক্ষা বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব। তাৎপৰ্যপূৰ্ণ ভাবে অতি গুৰুত্বপূৰ্ণ বিষয় হিচাবে গ্ৰহণ কৰিবলৈ জিলাখনৰ বিহপুৰীয়া,বৰদলনি, ঢকুৱাখনা,লখিমপুৰ,নাৰায়নপুৰ আৰু নাওবৈছা শিক্ষাখণ্ডৰ খণ্ড মিছন সমন্বয়কসকললৈ প্ৰেৰণ কৰা নিৰ্দেশনাটোত অৱশিষ্ট শিক্ষাৰ্থীৰ এই আধাৰ ব্যৱস্থা সম্পূৰ্ণ কৰাত ব্যৰ্থ হোৱা বিষয়তো কঠোৰ ভাবে গ্ৰহণ কৰা হ'ব আৰু এনে ব্যৰ্থতাৰ সন্মুখীন হোৱা সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ প্ৰধান শিক্ষকসকলৰ মাহিলি বেতন "আধাৰ এনৰ'লমেণ্ট" সম্পূৰ্ণ  নোহোৱা পৰ্যন্ত বন্ধ কৰা হ'ব।

ইতিমধ্যে মাহটোৰ এটা সপ্তাহৰো অধিক সময় অতিক্ৰম হোৱাৰ পাছত জিলাখনৰ অন্যান্য শিক্ষাখণ্ডসমূহৰ লগতে ঢকুৱাখনা মহকুমাটোৰ ঢকুৱাখনা, ঘিলামৰা আদি দুয়োটা শিক্ষা খণ্ডত এটাও প্ৰশাসন প্ৰদত্ত আধাৰ কাৰ্ড প্ৰস্তুত যন্ত্ৰ উপলব্ধ নোহোৱাত চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে কৰ্তব্য পৰায়ন প্ৰধান শিক্ষকসকল। মাহটোৰ অৱশিষ্ট মাত্ৰ ২০ টা দিনৰ ভিতৰত বাকী থকা শ শ শিক্ষার্থীৰ আধাৰ প্ৰস্তুত কৰি সম্পূৰ্ণ ৰূপ দিয়াটো কি দৰে সম্ভৱ তাকে ভাবি নিদ্ৰা নোহোৱা হৈছে দায়িত্বশীল প্ৰধান শিক্ষকসকলৰ ।

বাকী ইণ্টাৰনেটৰ ব্যয়, প্ৰিন্টৰ বাবে কাগজ ক্ৰয়ৰ খৰছ এইবোৰ আছেই । এনে প্ৰেক্ষাপটত একাংশ শিক্ষকৰ স্পষ্ট মত, যদি এই প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিব লাগে তেন্তে প্ৰতি শিক্ষাখণ্ডলৈ পৰ্যাপ্ত সংখ্যক আধাৰ প্ৰস্তুতকাৰী যন্ত্ৰ জিলা প্ৰশাসনে তৎকালে প্ৰেৰণ কৰক।

অন্যথাই একান্ত ইচ্ছা থকা স্বত্বেও বিভিন্ন চৰকাৰী কামৰ বোজা বহন কৰাৰ মাজতো এই দায়িত্ব কৰ্তব্য সম্পন্ন কৰাত জিলাখনৰ প্ৰধান শিক্ষক সমাজ অব্যক্ত জটিল সমস্যাৰ মাজত কৰ্ফাল খাই পৰি প্ৰাপ্য বেতনৰ পৰাও যে বঞ্চিত হ'বলগীয়া হ'ব সেয়া  নিশ্চিত। স্মৰ্তব্য যে, এনে আন্তঃগাঁথনিহীন পৰিস্থিতিয়ে গ্ৰাস কৰাৰ পাছতো চৰকাৰী নিৰ্দেশ পালনৰ বাবে সদা সষ্টম হৈ থকা বিদ্যালয় প্ৰধানসকলৰ বেতন আৱন্তন নিদিয়াৰ বাবে প্ৰশাসনে জাৰি কৰা কঠোৰ সকীয়নীক সহজভাৱে লব পৰা নাই শিক্ষাগুৰু সকলে।

Also Read: মন্ত্ৰী অতুল বৰাৰ গণ বিৰোধী স্থিতিঃ বোক‍াখাতৰ দুসুঁতীমুখত ৰাইজৰ সংবাদ মেল...

ঢকুৱাখনা শিক্ষা বিভাগ