উত্তপ্ত খেলমাটি আৰক্ষী চকীঃ ভাৰপ্ৰাপ্ত বিষয়া সহ ৩জনক নিলম্বন

উত্তপ্ত খেলমাটি আৰক্ষী চকীঃ ভাৰপ্ৰাপ্ত বিষয়া সহ ৩জনক নিলম্বন

author-image
Asomiya Pratidin
New Update
উত্তপ্ত খেলমাটি আৰক্ষী চকীঃ ভাৰপ্ৰাপ্ত বিষয়া সহ ৩জনক নিলম্বন

ডিজিটেল ডেস্কঃ নিলম্বন কৰা হৈছে লখিমপুৰ খেলমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইক। থানাত আচামীৰ মৃত্যু হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে শীৰ্ষ বিষয়া। ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাইৰ উপস্থিতিত হোৱা এই অঘটনৰ বাবে তেওঁক নিলম্বন কৰাৰ লগতে এজন কনিষ্টবল আৰু এজন গৃহৰক্ষীক নিলম্বন কৰে। আৰক্ষী সঞ্চালক প্ৰধান জেপি সিঙে এক্সত এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে লখিমপুৰৰ খেলমাটি থানাত বুধবাৰে নিশা মোবাইল চুৰি ঘটনাক কেন্দ্ৰ কৰি আৰ্চভ আলিক থানালৈ মতাই আনিছিল। থানাৰ ভিতৰতে হঠাতে অসুস্থ হৈ মজিয়াত বাগৰি পৰি আৰ্চভ আলিৰ মৃত্যু হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে আৰ্চভ আলি মোবাইল চুৰি গেঙৰ লীডাৰ আছিল। এই ঘটনাৰ পিছতেই লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। লোকজনৰ মৃত্যুক কেন্দ্র কৰি শ শ লোকৰ প্ৰতিবাদ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ।

Also Read: মৰিয়নিত পানী যোগান আঁচনিত কোটি টকাৰ কেলেংকাৰী...

accused SUSPEND gp singh IC khelmati