-
লখিমপুৰ মেডিকেল কলেজলৈ ভাল খবৰ।
-
মেডিকেল কলেজখনত তৃতীয় বৰ্ষৰ নাম ভৰ্তিৰ বাবে অনুমোদন।
-
ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দিলে এই অনুমোদন।
-
১০০ খন আসনত পুনৰ কৰিব পাৰিব নাম ভৰ্তি।
-
আনহাতে দ্বিতীয় শিক্ষা বৰ্ষকো ৰিনুৱেল কৰা হৈছে।
-
আন্তঃগাঁথনি, পৰ্যাপ্ত ফেকালিটিৰ অভাৱৰ বাবে বাতিল কৰাৰ সম্ভাৱনাই দেখা দিছিল মেডিকেল কলেজখনৰ স্বীকৃতি।
-
১০ জুনত মেডিকেল কলেজখনৰ অধ্যক্ষ তথা অধীক্ষকে দাখিল কৰিছিল শপতনামা।
-
পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষকৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছিল এই শপতনামা।
-
সেই শপতনামাৰ আধাৰত কেৱল ২০২৩-২৪ শৈক্ষিক বৰ্ষৰ বাবে নামভৰ্তিৰ অনুমোদন জনাইছে।
-
পৰৱৰ্তী সময়ত পুনৰ নামভৰ্তিৰ বাবে পুনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ পৰা অনুমোদনৰ প্ৰয়োজন হ'ব।
Also Read: কাজিৰঙাত বিকল ১৮ কোটি টকীয়া ছেনছৰ কেমেৰা...