উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশনঃ মুকলি সভা অনুষ্ঠিত

উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশনঃ মুকলি সভা অনুষ্ঠিত
Published on
Updated on

ডিজিটেল সংবাদ,লখিমপুৰঃ উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশন দুদিনীয়া (৬ আৰু ৭ জুলাই) কাৰ্যসূচীৰে শনিবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰথম দিনা কাৰ্য্যসূচীত প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি কুমুদ বৰুৱাই।বিয়লি নতুনকৈ নিৰ্মাণ কৰা প্ৰেছ ক্লাবৰ সভাকক্ষটি উন্মোচন কৰে জিলা ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক ফণীধৰ বৰুৱাই।

কাৰ্য্যকৰী সভা অনুষ্ঠিত কৰি নতুন সমিতি গঠন কৰা হয়। কুমুদ বৰুৱাক সভাপতি কৰুনা কৃষ্ণ নাথক সাধাৰণ সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী সমিতি গঠন কৰা হয়।দ্বিতীয় দিনা বিয়লি এখন মুকলি সভা অনুষ্ঠিত কৰা হয়।এই সভাৰ সভাপতিত্ব কৰে উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ সভাপতি কুমুদ বৰুৱাই।

সভাত লখিমপুৰ জিলা জন সংযোগ বিষয়া বংকিম ভাগৱতী,প্ৰকৃতিবিদ দেৱজিৎ ফুকন,ৰাজ্য সভাৰ সাংসদ তথা প্ৰবীণ সাংবাদিক অজিত কুমাৰ ভূঞাকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।এই সভাত সাংস্কৃতিক,সাহিত্য,সংবাদ মাধ্যম,চিকিৎসা,কৃষি আৰু প্ৰশাসনৰ বহু কেইজন ব্যক্তিয়ে বিশেষ অৱদান আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।

ভাষণ প্ৰসংগত সাংসদ অজিত কুমাৰ ভূঞাই উত্তৰ লখিমপুৰ প্ৰেছ ক্লাব জন্মৰে পৰা এক সবল প্ৰেছ ক্লাব বুলি মন্তব্য কৰে। উল্লেখ্য যে,আজিৰ সভাত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ ২০২৪-২৫-২৬ বৰ্ষৰ কাৰ্যকালৰ বাবে এখন নৱ নিৰ্বাচিত কমিটি গঠন কৰা হয়। সমিতিখনৰ সভাপতি কুমুদ বৰুৱা,কাৰ্যকৰী সভাপতি কুমুদ শইকীয়া,উপ সভাপতি বুবুল হাজৰিকা,দ্বীপেন বৰা,সাধাৰণ সম্পাদক কৰুণা কৃষ্ণ নাথ,সহকাৰী সম্পাদক মানৱ শইকীয়া,অজিত কুমাৰ মেধি।

উত্তৰ লখিমপুৰ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিবেশনঃ মুকলি সভা অনুষ্ঠিত
সোনাৰী চাপৰিত এমাহে সন্ধানহীন দুই সন্তানৰ মাতৃ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in