ঢকুৱাখনাৰ ৰাজপথত আবদ্ধ মন্ত্ৰী ৰণোজ পেগুঃ প্ৰতিবাদত উত্তাল ঢকুৱাখনা থানা...

মুকলি হ'ল কৌস্তভ কিশোৰ চুতীয়া
ঢকুৱাখনাৰ ৰাজপথত আবদ্ধ মন্ত্ৰী ৰণোজ পেগুঃ প্ৰতিবাদত উত্তাল ঢকুৱাখনা থানা...
ঢকুৱাখনাৰ ৰাজপথত আবদ্ধ মন্ত্ৰী ৰণোজ পেগুঃ প্ৰতিবাদত উত্তাল ঢকুৱাখনা থানা...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু বুধবাৰে ঢকুৱাখনাৰ ৰাজপথত আবদ্ধ হ'বলগীয়া হয়। ঢকুৱাখনা মহাবিদ্যালয়ৰ "ৰোচা" আবন্তিত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষ এটা শ্ৰেণী কোঠা নিৰ্মাণৰ শুভ উদ্বোধন কৰি ঢকুৱাখনা অভিমুখে আহি থকা অৱস্থাত নগৰ চাৰিআলিত আবদ্ধ হয়।

চুতীয়া যুৱ সন্মিলনৰ ধেমাজি আৰু লখিমপুৰ জিলা সমিতিৰ শতাধিক নেতা কৰ্মীযে মন্ত্ৰীগৰাকীৰ লগতে ঢকুৱাখনাৰ বিধায়ক নৱ দলেক সদৰ চাৰিআলিত আবদ্ধ কৰে। যুৱ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াক যোৱা নিশা ঢকুৱাখনা আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত আৰু বিনাচৰ্তে মুক্তিৰ দাবীত চুতীয়া যুৱ সন্মিলনৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তাই মন্ত্ৰী ডাঃ পেগুৰ কনভয় আগুৰি ধৰি বহু সময় ধৰি আবদ্ধ কৰি ৰাখে।

ঢকুৱাখনা সদৰ থানাৰ অ' চি কুলদ্বীপ গগৈৰ নেতৃত্বত এটা আৰক্ষী নিৰাপত্তা বাহিনীৰ বৃহৎ দল উপস্থিত থকা স্বত্বেও বহু সময় ধৰি মন্ত্ৰীৰ কনভয় আবদ্ধ কৰি ৰাখে। ইয়াৰ পাছতে প্ৰতিবাদী কৰ্মীসকলে ঢকুৱাখনা সদৰ থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

থানাৰ ভিতৰত আটক কৰি ৰখা যুৱ সন্মিলনৰ সম্পাদক চুতীয়াক বিনা চৰ্তে মুক্তিৰ দাবী জনাই থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, বিজেপি গ'বেক, নৰেন্দ্ৰ মোডী হায় হায় , লখিমপুৰ আৰক্ষী হুচীয়াৰ, ঢকুৱাখনা আৰক্ষী কাম নাই , নৌ এছ টি নৌ ৰেষ্ট , কৌস্তভ চুতীয়াক মুক্তি দিয়ক, যুৱ সন্মিলন জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি থানাৰ সন্মুখ উত্তাল কৰি ৰাখে বহু সময় ধৰি ।

গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা নুবুজা হিমন্ত চৰকাৰে সন্মিলনৰ নাৰ্য অধিকাৰ প্ৰদানৰ প্ৰতি গ্ৰহণ কৰা দায়িত্বহীন মনোভাব, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা আদিৰ প্ৰতিবাদত  জংগী প্ৰতিবাদ সাব্যস্ত কৰে থানাৰ সন্মুখত। যুৱ নেতাগৰাকীক নিঃচৰ্ত মুক্তি নিদিলে প্ৰতিবাদকাৰী সকলে থানাৰ সন্মুখৰ পৰা আঁতৰি নোযোৱাৰ সকীয়াই দি নিজৰ দাবীত অটল হৈ থাকি অৱস্থান কাৰ্যসূচী ৰূপায়ন কৰি থাকে।

ৰাইজৰ প্ৰতিবাদত সেও মানি বিয়লি ৩-১৫ বজাত যুৱ নেতাগৰাকীক ঢকুৱাখনা আৰক্ষীয়ে মোকলাই দিবলৈ বাধ্য হয়। আৰক্ষী থানাৰ পৰা মুকলি হৈ নেতাগৰাকীয়ে যিদিনা লৈকে খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ নাৰ্য জনগোষ্ঠীৰ স্বীকৃতি নিদিব, সংবিধান প্ৰদত্ত অধিকাৰ ভোগ কৰিবলৈ নিদিব তেতিয়ালৈকে ঐক্যবদ্ধ প্ৰতিবাদী সংগ্ৰাম অব্যাহত থাকিব বুলি কৈ কোনো ভয় ভাবুকিয়ে এনে প্ৰাপ্য বিচৰা গণতান্ত্ৰিক সংগ্ৰাম ৰুদ্ধ কৰিব নোৱাৰে বুলি সকীয়াই দিয়ে মুক্তি প্ৰাপ্ত সম্পাদক চুতীয়াই।

ঢকুৱাখনাৰ ৰাজপথত আবদ্ধ মন্ত্ৰী ৰণোজ পেগুঃ প্ৰতিবাদত উত্তাল ঢকুৱাখনা থানা...
সাৱধান হওঁক! শোণিতপুৰটো আটক ৯ জনকৈ বিত্তীয় প্ৰৱঞ্চক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in