ঢকুৱাখনাত মিনু দত্তৰ কাব্য গ্ৰন্থ "ভিন্ন অনুভৱৰ ছন্দ" উন্মোচন...

ঢকুৱাখনা বাণিজ্য মাধ্যমিক বিদ্যালয়ত মননশীল অনুষ্ঠান
ঢকুৱাখনাত মিনু দত্তৰ কাব্য গ্ৰন্থ "ভিন্ন অনুভৱৰ ছন্দ" উন্মোচন...
ঢকুৱাখনাত মিনু দত্তৰ কাব্য গ্ৰন্থ "ভিন্ন অনুভৱৰ ছন্দ" উন্মোচন...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কাব্য স্ৰষ্টা, জ্যেষ্ঠ শিক্ষাসদী মিনু দত্তৰ এক কাব্য সংকলন বৃহস্পতিবাৰে উন্মোচন কৰা হয় ঢকুৱাখনাত। শিক্ষক দিৱসৰ পবিত্ৰ দিনটোৰসৈতে ৰজিতা খুৱাই ঢকুৱাখনা বাণিজ্য মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক মননশীল অনুষ্ঠানত সুখপাঠ্য কাব্যগ্ৰন্থখন উন্মোচন কৰা হয়।

শিক্ষানুষ্ঠানখনৰ ইংৰাজী বিভাগৰ প্ৰবক্তা তথা সুলেখিকা মিনু দত্তৰ কাব্য সংকলন "ভিন্ন অনুভৱৰ ছন্দ" শীৰ্ষক কাব্য গ্ৰন্থখন উন্মোচন কৰে পদ্মা বৰাই। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, লখিমপুৰ জিলা লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী পদ্মা বৰাই মাংগলিক পৰিবেশত কাব্য গ্ৰন্থখন উন্মোচন কৰি দত্তৰ সৃষ্টিশীলতাৰ শলাগ লৈ নীৰৱ কাব্য স্ৰষ্টা দত্তৰ কাব্যৰ সুকীয়া মাদকতা উপলব্ধ হোৱা বুলি মন্তব্য কৰে।

উন্মোচনী অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে ঢকুৱাখনা বাণিজ্য জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা জয়শ্ৰী গগৈ, অৱসৰপ্ৰাপ্ত প্ৰবক্তা অনিতা দত্ত, সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি ঢকুৱাখনা বাণিজ্য জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। এটা সঞ্চিত সপোন বাস্তৱত ৰূপায়ন হোৱাত অতিশয় সুখী লেখিকা মিনু দত্তই অনাগত সময়তো কাব্য চৰ্চাৰ ধাৰা অব্যাহত ৰখাৰ বাবে অনুপ্ৰাণিত হব বুলি মত ব্যক্ত কৰে।

ঢকুৱাখনাত মিনু দত্তৰ কাব্য গ্ৰন্থ "ভিন্ন অনুভৱৰ ছন্দ" উন্মোচন...
নাৰী সুৰক্ষা ৰাজনীতিৰ খেলা !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in