ডিজিটেল সংবাদ ঢকুৱাখনাঃ লোক কৃষ্টি সংস্কৃতিৰ বৰঘৰ ঢকুৱাখনা। এই ঢকুৱাখনাৰ পূৱ প্ৰান্তত অৱস্হিত মাতমৰাৰ বৰলুইতৰ পাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বৰনৈ আঃনৗ মিচিং মিউজিক ফেষ্টিভেল।
মাতমৰাৰ কাংকান অপেঃ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত আয়োজন কৰা এই মিচিং মিউজিক ফেষ্টিভেল অনুষ্ঠিত হ'ব ১২ নৱেম্বৰত। সংগীত আৰু লোক পৰম্পৰাৰ ক্ষেত্ৰত বৃহত্তৰ ঢকুৱাখনাৰ গ্ৰামাঞ্চলীয় সুপ্ত প্ৰতিভাধৰ নৱ প্ৰজন্মৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ প্ৰদানৰ লগতে আৰ্থ সামাজিক আৰু সাংস্কৃতিক উন্নয়ন বিকাশৰ উদ্দেশ্যেৰে সাংস্কৃতিক সংগ্ৰহালয়, ওপৰখামন ( মাতমৰা)ত আয়োজন কৰা হৈছে এই মিচিং মিউজিক ফেষ্টিভেল ।
অহা ১২ নৱেম্বৰত এদিনীয়াকৈ আয়োজিত এই বৰ্ণাঢ্য উৎসৱত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিজস্ব প্ৰতিভাৰে উজ্বলি উঠা শিল্পী বিনোদ(বায়) পেগু,নিচা অঃমৗ, পবা গৌৰৱ, যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী অক্ষয় প্ৰীত, প্ৰতিষ্ঠিত অভিনেতা ফিৰোজ পেগু, মোহময়ী অভিনেত্ৰী ডিম্পল দলে,আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰকলাবিদ তথা নিৰ্দেশক বিনোদ কুম্বাংৰ লগতে কেইবাগৰাকী স্থানীয় শিল্পীয়ে সাংস্কৃতিক সম্ভাৰ উপস্থাপন কৰিব।
বৰলুইতৰ পাৰক লোক গীত-নৃত্য, অভিনয়েৰে জীপাল কৰিবলৈ মাতমৰাবাসীৰ লগতে কাংকান অপে: নিৰন্তৰ প্ৰয়াস চলাই গৈছে। ফেষ্টিভেল' উদযাপন সমিতিৰ বিষয়ববীয়া অমৃত পেগু আৰু বণমালী পেগুৱে এই সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী গীত আৰু নৃত্য প্ৰতিযোগীসকলক তাৎক্ষণিকভাৱে উৎসৱৰ উদযাপন সমিতিৰ ৮১৩৪০০২০৫২, ৯১০১১৫৫৯০৭, ৯১০১০৫৪৪৩২, ৮৬৩৮৩৪০২৩৭ আৰু ৮১৩৬০৫৭৩১৩ নম্বৰত যোগাযোগ কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনাইছে৷
Also Read: শিৱসাগৰত চলন্ত অৱস্থাত জলিল ইণ্ডিগ': কথমপি ৰক্ষা গৰাকীৰ...