ডিজিটেল সংবাদ,ঢকুৱাখনা: ৰাজ্যৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলক ভূমি অধিকাৰ প্ৰদানৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰৱৰ্তিত মিছন বসুন্ধৰা ৩.০ আঁচনি। সমগ্ৰ ৰাজ্যজুৰি ১ নৱেম্বৰৰ পৰা আৰম্ভ হবলগা এই সাৰ্বজনীন আঁচনি সন্দৰ্ভত জনসজাগতা সৃষ্টিৰ দায়িত্ব কান্ধ পাতি লৈছে মিচিং জাতীয় সংগঠনে।
টাকাম মিচিং পৰিন কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাংৰ উদ্যোগত মিচিং স্বায়ত্ব শাসিত এলেকাত এই নব্য প্ৰৱৰ্তিত আঁচনি সন্দৰ্ভত ব্যাপক সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সংগঠন কেইটাৰ ঢকুৱাখনা জিলা সমিতি সমূহৰ যৌথ উদ্যোগত সোমবাৰে মিচিং জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাঙ্গনত এই সজাগতা কৰ্মশালা অনুষ্ঠিত কৰা হয়।
মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৰ সঞ্চালনাত এই মনোজ্ঞ কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত কেইবা শতাধিক জনগোষ্ঠীয় সংগঠন আৰু দলৰ প্ৰতিনিধি উপস্থিত থাকে। সমল ব্যক্তি হিচাবে বক্তব্য আগবঢ়াই ক্ৰমে সুনীল কুমাৰ পেগু, ৰাজহ চক্ৰৰ কৰ্মচাৰী দীপক গগৈ আদিয়ে।
টি এম পি কেৰ জিলা সম্পাদক অমৰজিত দলেয়ে আঁত ধৰা কৰ্মশালাত টি এম এম কেৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, এম এম কেৰ কেন্দ্ৰীয় নেতা,ইন্দ্ৰ কুমাৰ চুংক্ৰাং , পদ্মলোচন দলে, টি এম পি কেৰ কেন্দ্ৰীয় নেতা যতীন পেগু, ক্ষীৰোদ পেগু,বৃগেন দলে, ভূপেন দলে, নাথুৰাম দলে, দ্বীপেন দলে, সঞ্জীৱ দলে, মহিলা নেত্ৰী সৰলা পেগু গণশক্তি অসমৰ ঢকুৱাখনা ব্লক সভাপতি নৰনাথ চণ্ডী, গাঁও প্ৰধান সন্থাৰ সভাপতি খগেন পেগু উপস্থিত থাকে।
উক্ত কৰ্মশালাত সুনীল পেগু আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰ কাননগুহ দীপক গগৈয়ে আঁচনিখনৰ জৰিয়তে খিলঞ্জীয়া ভূমিপুত্ৰ সকলে ভূমিস্বত্বৰ অধিকাৰ কি দৰে সহজে সাব্যস্ত কৰিব পাৰিব তাৰ বিশ্লেষণাত্মক অবলোকন কৰে।
কৰ্মশালাত উপস্থিত সংগঠনৰ কৰ্মকৰ্তা সকলে বসুন্ধৰাৰ সেৱা উপলব্ধ কৰাৰ চৰকাৰী প্ৰক্ৰিয়া আৰু বিধি ব্যৱস্থা সন্দৰ্ভত সমল ব্যক্তি সকলৰ পৰা অৱগত হয়। কৰ্মশালাৰ অন্তত জাতীয় সংগঠনৰ বিভিন্ন আঞ্চলিক আৰু গাঁও পৰ্য্যায়ৰ লগতে কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ উপস্থিতিত জিলা কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়।
তিনি জিলা সমিতিৰ সভাপতি মণ্ডলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জাতীয় সংগঠন কেইটাৰ উদ্যোগত গাঁৱে গাঁৱে মিছন বসুন্ধৰাৰ প্ৰচাৰ আৰু খিলঞ্জীয়া ৰাইজক এই অন্তিম স্বাধীকাৰ সাব্যস্তৰ সুবিধা গ্ৰহণৰ বাবে সজাগতা সৃষ্টিৰ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Also Read: 'কংগ্ৰেছৰ কৰুণা, দয়াত আঞ্চলিক দলবোৰ চলি থকা নাই'- অখিল গগৈ