লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচী

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ,লখিমপুৰ : লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত "মোৰ মাটি মোৰ দেশ" শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীৰ অংশস্বৰূপে বুধবাৰ আৰু বৃহস্পতিবাৰে তেলাহী অঞ্চলত দুদিনীয়াকৈ দুই ঠাইত অনুষ্ঠানৰ আয়োজন কৰা হয়।

তেলাহী মণ্ডলৰ মধ্য তেলাহী পঞ্চায়তৰ অন্তৰ্গত কুটুহাগুৰি গাঁৱ আৰু চাবতিত আয়োজিত অনুষ্ঠানত বিধায়ক মানৱ ডেকা আৰু জিলা আয়ুক্তৰ লগতে প্ৰশাসনৰ লোকসকলে ভাগ লয় ৷ উল্লেখ্য যে,কুটুহাগুৰি গাঁৱৰ পৰা শুভাৰম্ভ কৰা এই কাৰ্যসূচী পৰৱৰ্তী সময়ত লখিমপুৰ সমষ্টিৰ প্ৰতিখন গাঁৱত ৰূপায়ণ কৰা হ'ব।

ইফালে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু দলীয় কাৰ্যকৰ্তাসকলে কলহত পৱিত্ৰ মাটি সংগ্ৰহ কৰে আৰু ভাৰতবৰ্ষক প্ৰগতি আৰু উন্নয়নৰ শিখৰত উপনীত কৰাৰ সংকল্প লয়।

লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত "মোৰ মাটি মোৰ দেশ" কাৰ্যসূচী
ঢকুৱাখনা কোষাগাৰত অৰ্থলোভীৰ জাল ! প্ৰাপ্যৰ পৰা বঞ্চিত একাংশ শিক্ষক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in