লখিমপুৰৰ বগীনদীত সংঘটিত হৈছে মৰেল পুলিচিঙৰ জঘন্য কাণ্ড।
৬ -৭ জনীয়া উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ'ল অৱন্তী দাস নামৰ এগৰাকী মহিলাৰ।
এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগত এটা যুৱকৰ দলে অৱন্তী দাসৰ পুত্ৰক খুটাত বান্ধি প্ৰহাৰ কৰিছিল।
পুত্ৰক বচাবলৈ গৈ উদণ্ড যুৱকৰ দলটোৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হয় মাতৃ।
আহত মাতৃক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাৰ পূৰ্বে মৃত্যু হয়।
সম্প্ৰতি এজাহাৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।