শাওনৰ প্ৰথম সোমবাৰে ঢকুৱাখনা মুক্তিনাথ মন্দিৰত বহু ভক্তৰ সমাগম...

বিশ্ববাসীৰ মংগল আৰু বিশ্ব শান্তিৰ কামনাৰে পূজা-অৰ্চনা
শাওনৰ প্ৰথম সোমবাৰে ঢকুৱাখনা মুক্তিনাথ মন্দিৰত বহু ভক্তৰ সমাগম...
শাওনৰ প্ৰথম সোমবাৰে ঢকুৱাখনা মুক্তিনাথ মন্দিৰত বহু ভক্তৰ সমাগম...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। ভক্তপ্ৰাণ ৰাইজৰ বহু অকাংক্ষিত এই পবিত্ৰক্ষণত ঢকুৱাখনা নগৰৰ শ্ৰী শ্ৰী মুক্তি নাথ মন্দিৰলৈ পুৱাৰ পৰাই অগণন ভক্তপ্ৰাণৰ আগমন ঘটে ।

পুৱাই হাতে হাতে পুষ্প,ঢোপ,বন্তি লৈ ভক্তপ্ৰাণ ৰাইজে মুক্তিনাথ মন্দিৰত এভাগি শৰাই আগবঢ়াই সেৱা লৈ মনোকামনা পূৰ্ণ হোৱাৰ বাবে মহাদেৱৰ আশীৰ্বাদ বিচাৰে। ঢকুৱাখনাৰ ভোজপুৰী শিৱ চর্চা মহিলা সমিতিৰ শতাধিক ভক্তপ্ৰাণৰ অংশগ্ৰহণেৰে সোমবাৰে পুৱা এক পদযাত্ৰা উলিয়াই এই পবিত্ৰ দিনটোৰ সতে সংগতি ৰাখি।

মহিলাসকলে পৰম্পৰাগত সাজ পৰিধান কৰি নগৰৰ চাৰিকড়ীয়া নদীৰ পাৰৰ ষঠ পূজা ঘাটৰ পৰা জল উত্তোলন কৰি পদব্ৰজে মুক্তিনাথ মন্দিৰত উপস্থিত হৈ পবিত্ৰ ধামৰ শিৱ লিংগত পুৰোহিতৰ মংগল ধ্বনিৰ মাজত জল প্ৰদান কৰে। বিগত প্ৰায় ১৪ বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি বিশ্ববাসীৰ মংগল আৰু বিশ্ব শান্তিৰ কামনাৰে এই দিনটোত এই কাৰ্যসূচী গ্ৰহণ কৰা বুলি মহিলাসকলে জানিবলৈ দিয়ে। বিয়লি পৰ্যন্ত মুক্তিনাথ মন্দিৰত অভূতপূৰ্ব ভক্তৰ সমাগম পৰিলক্ষিত হয়।

শাওনৰ প্ৰথম সোমবাৰে ঢকুৱাখনা মুক্তিনাথ মন্দিৰত বহু ভক্তৰ সমাগম...
অমৃত বৃক্ষৰ অৰণ্য গঢ়িছে মাজবাট আঞ্চলিক বন বিভাগে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in