মৰণত শৰণ দি নৌকাৰে ভৰুণ নদী পাৰ হৈ ঘিলামৰাত বিদ্যালয়লৈ যাব লাগে শিক্ষাৰ্থী...

মৰণত শৰণ দি নৌকাৰে ভৰুণ নদী পাৰ হৈ ঘিলামৰাত বিদ্যালয়লৈ যাব লাগে শিক্ষাৰ্থী...
মৰণত শৰণ দি নৌকাৰে ভৰুণ নদী পাৰ হৈ ঘিলামৰাত বিদ্যালয়লৈ যাব লাগে শিক্ষাৰ্থী...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: সভাই সমিতিয়ে সুযোগ সুবিধা পালেই ঢকুৱাখনাৰ গ্ৰামাঞ্চলৰ দ্ৰুত উন্নয়ন বিকাশ হোৱাৰ ফটা ঢোল কোবাই বিধায়ক নৱ দলেয়ে। সমষ্টিটোৰ গ্ৰাম্য প্ৰধান অঞ্চলৰ কোনো অভাৱ সমস্যা নায়েই বুলি চিঞৰি ফুৰা গেৰুৱা দলৰ বিধায়ক আৰু চেলা চামুন্দাসকলৰ তথাকথিত উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ঘিলামৰাৰ এটা বিধ্বস্ত পথে।

ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দেৱলীয়া পঞ্চায়ত আৰু মৰনৈ পঞ্চায়ত সংযোগী এটা পথ। দেৱলীয়া পঞ্চায়তৰ বলাহীৰ পৰা মৰনৈ পঞ্চায়তৰ বৰজুল, বৰ কলীয়া, পাতৃচুক,হাতী গড় আদি গাঁওহৈ সোৱণশিৰী পঞ্চায়তলৈ যাতায়তৰ অতি চমু পথ হিচাবে ব্যৱহৃত হৈ আহিছে এই পথটো । 

বৃহত্তৰ অঞ্চলটোৰ চহা ৰাইজৰ লগতে কৰ্মচাৰী, শিক্ষাৰ্থীসকলৰ দৈনিক যাতায়ত হোৱা এই পথটোৱে বিগত ১০ বছৰ ধৰি লৈ আহিছে মৰণ ফাণ্ড ৰূপ। ঢকুৱাখনাৰ বিধায়ক নৱ দলে, ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাগ্যশ্রী ডেকা, দুয়োখন গাঁও পঞ্চায়তৰ এচাম কাণ্ডজ্ঞানহীন জনপ্ৰতিনিধিৰ সুদৃষ্টি নপৰা এই গ্ৰাম্য পথটোৰ  জৰাজীৰ্ণ অৱস্থাই পথচাৰী নাগৰিকক জুৰুলা কৰি অহাই নহয় যাতায়তৰ ক্ষেত্ৰত এক অবৰ্ণনীয় দুৰ্ভোগ ভোগাই আহিছে ।

বৃহত্তৰ অঞ্চলসমূহৰ ৰাইজে বাৰম্বাৰ বিধায়ক নৱ দলে, বি ডি অ' ভাগ্যশ্রী ডেকা,পঞ্চায়ত সভাপতি ক্ৰমে দিলীপ বৰা,অমিয়া চুতীয়া আদিক এই গুৰুত্বপূৰ্ণ পথটো যাতায়তৰ উপযোগী কৈ নিৰ্মাণৰ অনুনয় বিনয় কৰি আহিছে। দাবী জনাই আহিছে পথটোৰ শক্তিশালী নিৰ্মাণৰ লগতে দুই পঞ্চায়তৰ প্ৰায় মধ্যস্থলেৰে প্ৰবাহিত কঢ়া নদীৰ ওপৰত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰি নাগৰিকৰ বিপদ সংকুল দৈনিক জটিল জীৱন যাত্ৰা ব্যৱস্থাৰ উপশম ঘটোৱাৰ।

কিন্তু বিধায়ক, বি ডি অ', পঞ্চায়ত প্ৰতিনিধি কোনো পক্ষৰ এই স্পৰ্শকাতৰ সমস্যাৰ সমাধানৰ সন্দৰ্ভত গুৰুত্ব নাই। পৰিণতিত মৰণত শৰণ দি মৰনৈ,সোৱণশিৰী আদি পঞ্চায়তৰ দৈনিক শ শ নাগৰিক, ৰোগী,ছাত্ৰ-ছাত্ৰীয়ে বাৰিষাৰ ভৰুণ নদীৰ বুকুৰে বহু দীঘলীয়া সময় টুলুঙা নাও লৈ পাৰ হৈ অতি ভয়ানক ভাবে ৰ'দ, বৰষুণ নেওচি বিদ্যালয় আৰু গন্তব্য স্থানলৈ যাব লাগে ।

নদীৰ বাঢ়নী পানীৰ কোবাল সোঁতৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে বিশাল নদীৰ বুকুৰে ভয়ানক শিক্ষা গ্ৰহণ যাত্ৰা অব্যাহত ৰখাৰ সময়ত বহু বাৰ নৌকা দুৰ্ঘটনা সংঘটিত হোৱা বুলিও স্থানীয় ৰাইজে জানিবলৈ দিলে। অঞ্চলবাসীৰ আৰ্থ সামাজিক, শৈক্ষিক স্বাস্থ্য উন্নয়নত প্ৰধান প্ৰতিবন্ধক হিচাবে থিয় দি অহা এই পথ আৰু দলংৰ কৌটি কলীয়া অভাৱ সমস্যা দেখি জানি শুনিও নিবোকা চামুনৰ ভাও লোৱা বিধায়ক দলে,বি ডি অ' ডেকা, পঞ্চায়ত প্ৰতিনিধিসকলৰ অকৰম্যতাৰ বাবেই অচিৰেই ভয়াবহ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি আহিছে ভুক্তভোগী নাগৰিকে।

সুদীর্ঘ কাল ধৰি এনেদৰেই দুৰ্বিসহ জীৱন যাত্ৰা অতিবাহিত কৰা গঞা নাগৰিকে জনোৱা মতে খৰালি কঢ়া নদীৰ ওপৰত ৰাইজে গাঁঠিৰ ধন ভাঙি, শ্ৰম দান কৰি বাঁহৰ দলং সাজি যাতায়ত চলাই আহিছে। বাৰিষাৰ প্ৰথম ভাগতে এই বাঁহৰ দলংখন বানৰ ঢলে উটুৱাই নিয়াৰ পৰিণতিত এনেকৈ ভয়ানক বিপদ বুকুত বান্ধি শিক্ষাৰ্থী,ৰোগী পাৰ হ'ব লাগে টুলুঙা নাৱেৰে ।

বিধায়ক নৱ দলেয়ে এই জটিল আৰু বিপদাপন্ন সমস্যা জ্ঞাত হোৱাৰ পাছতো ইয়াৰ স্থায়ী সমাধান কৰাত গুৰুত্ব নিদিয়াত ক্ষুব্ধ নাগৰিক। ভুক্তভোগী ৰাইজে বিধায়ক নব কুমাৰ দলেৰ এই প্ৰবঞ্চনা আৰু প্ৰতাৰণাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী, লোকনিৰ্মাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি ৰাজহুৱা অভিযোগ প্ৰেৰণ কৰাৰ বাবে সাজু হৈছে আৰু আগন্তুক নিৰ্বাচন বর্জনৰো সিদ্ধান্ত গ্ৰহণৰ চিন্তা চৰ্চা কৰিছে বুলি জনাইছে। আনহাতে ভুক্তভোগী ৰাইজে এই ক্ষেত্ৰত জিলা উপায়ুক্তৰ জৰুৰী হস্তক্ষেপ দাবী জনাইছে।

মৰণত শৰণ দি নৌকাৰে ভৰুণ নদী পাৰ হৈ ঘিলামৰাত বিদ্যালয়লৈ যাব লাগে শিক্ষাৰ্থী...
ঈদৰ প্ৰাকক্ষণত নদীপথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ ! এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in