নৰ্থ বেংক কলেজৰ জটিল পৰিস্থিতিৰ সন্দৰ্ভত ৰাজহুৱা প্ৰতিনিধিৰ বৈঠক...

উত্তৰ অসমৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষাৰ অনুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়। ১৯৬১ চনৰে পৰাই উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ অংশীদাৰ হৈ অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এইখন শিক্ষানুষ্ঠান সীমাহীন বিতৰ্কৰ গ্ৰাসত নিমৰ্জিত হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
নৰ্থ বেংক মহাবিদ্যালয়ৰ অচলাৱস্থা অব্যাহত

ডিজিটেল সংবাদ ঢকুৱাখনা: উত্তৰ অসমৰ অন্যতম উল্লেখযোগ্য উচ্চ শিক্ষাৰ অনুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়। ১৯৬১ চনৰে পৰাই উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ অংশীদাৰ হৈ অহা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এইখন শিক্ষানুষ্ঠান সীমাহীন বিতৰ্কৰ গ্ৰাসত নিমৰ্জিত হৈ আহিছে।

মহাবিদ্যালয়খনৰ অযোগ্য অধ্যক্ষ ড০ যুগল শইকীয়াই কাৰ্যভাৰ গ্ৰহণৰ দিনৰে পৰা শিক্ষানুষ্ঠানখনৰ অধোগতি আৰম্ভ হোৱাৰ অভিযোগ খোদ মহাবিদ্যালয়খনৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ মুখে মুখে। মহাবিদ্যালয়খনৰ উন্নয়নৰ শিতানত আবন্তিত কোটি কোটি টকা অপচয় কৰা, মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত বহু সংখ্যক মূল্যবান চেগুন গছ কাটি তহিলং কৰি নিশ্চিহ্ন কৰা, শিক্ষাৰ্থীসকলৰ ব্যৱহাৰৰ বাবে উপযুক্ত ডেস্ক, বেঞ্চৰ দীৰ্ঘদিনীয়া অভাৱ, ডিজিটেল লাইব্ৰেৰীৰ নামত আবন্তিত পুঁজি উদৰস্থ কৰা, শিক্ষক, কৰ্মচাৰী নিযুক্তিৰ বেলিকা ভয়ংকৰ দুৰ্নীতিৰ সূত্ৰপাত ঘটোৱা আদি অজস্ৰ প্ৰামানিক অভিযোগ মহাবিদ্যালয় পৰিয়ালৰ হাতত মজুত আছে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শইকীয়াই মহাবিদ্যালয়খনক পৈত্রিক সম্পত্তি গণ্য কৰি অত্যন্ত মইমতালি আৰু দাম্ভিক আচৰণেৰে পৰিচালিত কৰাত অতিষ্ঠ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰি স্পৰ্শকাতৰ বিষয়টো উচ্চ শিক্ষা বিভাগ, মুখ্যমন্ত্ৰী আৰু ঘিলামৰা উন্নয়ন সমিতিলৈ অভিযোগ প্ৰেৰণ কৰিছিল। মহাবিদ্যালয়ৰ ক্ষুব্ধ শিক্ষক, কৰ্মচাৰীসকলে মহাবিদ্যালয়ৰ বিপৰীতে আবন্তিত পুঁজিৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী তদাৰকী কোষলৈকো অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল।

এই অভিযোগৰ ভিত্তিত সোমবাৰে ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি অকণ গোঁহাই, সম্পাদক গুণ হাজৰিকা, সচেতন নাগৰিক মঞ্চৰ সম্পাদক সুভাষ দিহিঙীয়া, পেঞ্চনাৰ সন্থাৰ সভাপতি গিৰীশ দত্ত, সম্পাদক প্ৰেম গগৈ, বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ লগতে বিশিষ্ট নাগৰিক হেমন্ত বৰুৱা আদিৰ নেতৃত্বত এটা সঁজাতি দল মহাবিদ্যালয়ত উপস্থিত হয়। মহাবিদ্যালয়খনৰ বিতৰ্কিত অধ্যক্ষ ড০ শইকীয়াৰ লগত সুদীর্ঘ সময় শিক্ষক গোট ,শিক্ষাৰ্থী আৰু কৰ্মচাৰী সমাজৰ দ্বাৰা উত্থাপিত অভিযোগৰ সন্দৰ্ভত দলটোৱে আলোচনাত মিলিত হৈ এই সন্দৰ্ভত জবাবদিহি কৰে ।

আলোচনা কালত অধ্যক্ষগৰাকীয়ে নিজকে নিষ্কলুষ প্ৰতিপন্ন কৰি বক্তব্য ৰাখে যদিও গৃহ নিৰ্মাণৰ "ফৰ্মা"ৰ তক্তাৰে বেঞ্চ ডেস্ক নিৰ্মাণ কৰা, আন্তঃগাঁথনি সবল কৰাত ব্যৰ্থ হোৱাৰ কথা নির্লজভাবে স্বীকাৰ কৰে। প্ৰায় ৮০ লাখ পুঁজিৰ আবন্টনৰ পাছতো মহাবিদ্যালয় চৌহদত বছৰ বছৰ ধৰি অৰ্ধনিমিত হৈ পৰি ৰোৱা "মাল্টি জিমনাছিয়াম" গৃহৰ দুৰৱস্থা, বৃহৎ সংখ্যক চেগুন গছ কটাৰ পাছত ব্যৱহাৰৰ প্ৰমাণ, মহাবিদ্যালয়ৰ মুখপত্ৰ "এনবিয়ান"ৰ বিপৰীতে পুঁজি প্ৰতিবছৰে সংগ্ৰহ কৰাৰ পাছতো প্ৰকাশ নকৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত কোনো পতিয়নযোগ্য সুদত্তৰ দিব নোৱাৰিলে দলটোক।

পাছত দলটো শিক্ষক গোট আৰু কৰ্মচাৰীসকলৰ সৈতে এক সভাত মিলিত হয়। সভাত ৰাইজৰ শ্ৰম আৰু ত্যাগৰ বিনিময়ত গঢ়ি উঠা শিক্ষানুষ্ঠানখনৰ এনে পশ্চাদগমনৰ বহু প্ৰামানিক তথ্য প্ৰকাশ কৰি ভুক্তভোগী শিক্ষক, কৰ্মচাৰীসকলে অদক্ষ অধ্যক্ষগৰাকীৰ কৰাল গ্ৰাসৰ পৰা সকাহ দিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰে। সভাত উপস্থিত গৰিষ্ঠ সংখ্যক শিক্ষক কৰ্মচাৰীৰ উপস্থিতিত মহাবিদ্যালয় শিক্ষক গোটৰ হৈ জ্যেষ্ঠ অধ্যাপক পুলক গগৈ, হৰেন শইকীয়া, মোহিত সোণোৱাল, ভবেশ মৰাং আদিয়ে ভোগ কৰি অহা অব্যক্ত অভাৱ সমস্যাৰ সন্দৰ্ভত বিস্তৃত বিশ্লেষণ আগবঢ়াই ৰাজহুৱা প্ৰতিনিধিবৰ্গক।

সঁজাতি দলটোৱে মহাবিদ্যালয়খনৰ বিপৰীতে আবন্তিত পুঁজিৰ অপপ্ৰয়োগ হোৱাৰ প্ৰামানিক তথ্য সমৃদ্ধ কামৰো চৰজমিন পৰিদৰ্শন কৰে। পৰৱৰ্তী সময়ত ৰাজহুৱা সভাৰ প্ৰতিনিধিত্বমূলক সঁজাতি দলটোৱে মঙলবাৰে সন্ধিয়া মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পূৰ্ণানন্দ গগৈক সাক্ষাৎ কৰি এই জটিল পৰিস্থিতি অৱসানৰ  লগতে আৰু মহাবিদ্যালয়খনত উদ্ভৱ হোৱা অনাহুত পৰিবেশ দূৰীকৰণৰ সন্দৰ্ভত আলোচনাত মিলিত হয়।

ঢকুৱাখনা নৰ্থ বেংক মহাবিদ্যালয়