নৰ্থ বেংক মহাবিদ্যালয়ত নিযুক্তিৰ নামত পক্ষপাত আচৰণ অধ্যক্ষ যুগল শইকীয়াৰ

পুনৰ বিতৰ্কত নৰ্থ বেংক কলেজ

author-image
Asomiya Pratidin
New Update
নৰ্থ বেংক মহাবিদ্যালয়ত নিযুক্তিৰ নামত পক্ষপাত আচৰণ অধ্যক্ষ যুগল শইকীয়াৰ

নৰ্থ বেংক মহাবিদ্যালয়ত নিযুক্তিৰ নামত পক্ষপাত আচৰণ অধ্যক্ষ যুগল শইকীয়াৰ

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঘিলামৰাবাসীৰ অতুল্য ত্যাগ আৰু শ্ৰমৰ সুমিষ্ঠ ফচল  নৰ্থ বেংক মহাবিদ্যালয়। উত্তৰ অসমক সামৰি ১৯৬১ চনতে প্ৰতিষ্ঠা হোৱা এইখন মহাবিদ্যালয়ৰ সুনামত কালিমা সানি জনদৃষ্টিত এখন বিতৰ্কিত আৰু বদনামি শিক্ষানুষ্ঠানলৈ পতিত কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে অধ্যক্ষ ডঃ যুগল শইকীয়াৰ বিৰুদ্ধে ।

ডি এইচ ইলৈ শিক্ষক গোটৰ অভিযোগ
ডি এইচ ইলৈ শিক্ষক গোটৰ অভিযোগ

মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে ঐক্যবদ্ধ ভাবে উত্থাপন কৰিছে এই গুৰুতৰ অভিযোগ। বিগত ১২বছৰীয়া অধ্যক্ষৰ কাৰ্যকালত দাম্ভিক, মতলবী আৰু স্বেচ্ছাচাৰী শাসন চলাই বহু বাৰ গণৰোষ, ৰাজহুৱা প্ৰতিবাদৰ সন্মুখীন হোৱা এইজন অধ্যক্ষৰ বিৰুদ্ধে পুনৰবাৰ উথাপিত হৈছে নিযুক্তিৰ নামত পক্ষপাতী আচৰণ গ্ৰহণৰ অভিযোগ।

মহাবিদ্যালয়খনৰ যিকোনো নিযুক্তি মাত্ৰেই অনিয়ম ,অনীতিৰ আশ্ৰয় লৈ অভীষ্ট সিদ্ধিত নামি পৰা এইজন অদক্ষ অধ্যক্ষৰ বাবে শেহতীয়া ভাবে ৰাজনীতি বিজ্ঞান বিভাগৰ এটা পদৰ বিপৰীতে সাক্ষ্যৎকাৰ অনুষ্ঠিত কৰাত জটিলতা অনিশ্চয়তা আহি পৰিছে। মহাবিদ্যালয়খনৰ খালী হোৱা ৰাজনীতি বিজ্ঞান বিভাগৰ এটা পদৰ বিপৰীতে কৌশলী বিজ্ঞাপন  প্ৰকাশ কৰিছিল অধ্যক্ষ ডঃ শইকীয়াই ।

শিক্ষক গোটলৈ বঞ্চিত প্ৰাৰ্থীৰ পত্ৰ...
শিক্ষক গোটলৈ বঞ্চিত প্ৰাৰ্থীৰ পত্ৰ...

সেই অনুসৰি উক্ত পদৰ বিপৰীতে অন্য প্ৰাৰ্থীসহ ঘিলামৰাৰো ৩ গৰাকী মেধাবী প্ৰাৰ্থীয়ে আবেদন কৰিছিল সম্পূৰ্ণ বৈধ নথিপত্ৰসহ। মহাবিদ্যালয় কৰ্তৃপক্ষই সমূহ আবেদন নিৰীক্ষণ কৰি প্ৰাৰ্থীসকললৈ "কলিং লেটাৰ" প্ৰেৰণ কৰাৰ নামত অধ্যক্ষই আৰম্ভ কৰি দিলে পক্ষপাতী আচৰণ।

প্ৰাপ্ত তথ্যত প্ৰকাশ ঘিলামৰাৰ ৩ গৰাকী যোগ্য বিবেচিত প্ৰাৰ্থীলৈ "কলিং লেটাৰ" প্ৰেৰণ নকৰাকৈ অধ্যক্ষ শইকীয়াই সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ দিন নিৰ্ধাৰণ কৰে। কিন্তু বিধিগত নীতি নিয়ম অনুসাৰে আবেদন কৰিও আমন্ত্ৰণ পত্ৰ লাভৰ পৰা চক্ৰান্ত মূলক ভাবে বঞ্চিত হোৱাসকলৰ এজন প্ৰাৰ্থী প্ৰণয় প্ৰতীম গগৈয়ে অধ্যক্ষ,পৰিচালনা সমিতিৰ সভাপতিক এই সন্দৰ্ভত জানিবলৈ বিচাৰি বহুবাৰ সাক্ষ্যত কৰিও সুদত্তৰ লাভ নকৰি অৱশেষত মহাবিদ্যালয় শিক্ষক গোটলৈ পত্ৰ প্ৰেৰণ কৰে ন্যায় কামনাৰে।

শিক্ষক গোটে মহাবিদ্যালয়খনৰ নিযুক্তিৰ স্বচ্ছতাৰ ক্ষেত্ৰত আহি পৰা সন্দেহ আশঙ্কাৰ সন্দৰ্ভত আলোচনা কৰি অধ্যক্ষৰ হস্তক্ষেপ বিচাৰে। কিন্তু মতলবী অধ্যক্ষগৰাকীয়ে এই সন্দৰ্ভত কোনো উত্তৰ নিদি স্পৰ্শকাতৰ বিষয়টো অৱজ্ঞা কৰে। উপায়ন্তৰ হৈ যোৱা ৩০ছেপ্টেম্বৰত শিক্ষক গোটে উচ্চ শিক্ষা সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰি জৰুৰী হস্তক্ষেপ কামনা কৰে ।

সমান্তৰাল ভাৱে শিক্ষক গোটে যোৱা ২৮ছেপ্টেম্বৰত এই বিসংগতিপূৰ্ণ সাক্ষাৎকাৰ পৰ্বৰ নৈতিক বিৰোধিতা কৰি সুস্থিৰ সিদ্ধান্তলৈ নহা পৰ্যন্ত সাক্ষাৎকাৰ বাতিল কৰাৰ বাবে অধ্যক্ষলৈ গোটৰ প্ৰস্তাৱ সম্বলিত এখন পত্ৰ প্ৰদান কৰে। এইক্ষেত্ৰত  যোগ্য আবেদনকাৰীলৈ "কলিং লেটাৰ" প্ৰেৰণত বিধি পঠালি দিয়াৰ অন্তৰালত অধ্যক্ষৰ বিশেষ প্ৰাৰ্থীৰ প্ৰতি দৰদ নিৰ্হিত থকাৰ আশঙ্কা কৰা হৈছে ।

মহাবিদ্যালয় শিক্ষক গোটে স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে যোগ্য প্ৰাৰ্থীক নিযুক্তিত আহি পৰা অহেতুক হেঙাৰত হস্তক্ষেপ কৰিবলৈ উচ্চ শিক্ষা সঞ্চালকক আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি এই সাক্ষাৎকাৰ অনুষ্ঠিত হোৱা নাই ।  উল্লেখ্য যে কেৱল শিক্ষকৰে নহয় মহাবিদ্যালয়খনৰ নিম্ন বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰতো তদ্রুপ জটিলতাৰ সৃষ্টি কৰি অধ্যক্ষগৰাকীয়ে সূত্ৰপাত ঘটোৱা বিতৰ্কিত পৰিস্থিতিৰ বাবে এই পদসমূহৰ বিপৰীতে নিযুক্তিৰ ক্ষেত্ৰত স্থবিৰতা অব্যাহত আছে ।

সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ পাছতো নিযুক্তি দিব পৰা নাই এজনো কৰ্মচাৰীক । যাৰ পৰিণতিত সীমাহীন অভাৱ ,ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে মহাবিদ্যালয় পৰিয়াল ।নিযুক্তি মানেই  চতুৰ অধ্যক্ষই অভীষ্ট সিদ্ধিৰ এক পৰিকল্পিত ফন্দি পাতি অহাৰ বাবেই এনে হোৱা বুলি শিক্ষক কৰ্মচাৰীসকলে মুকলি ভাবেই মত ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত।

ডঃ শইকীয়াৰ কাৰ্যকালত ক্ৰমাৎ অধোগতি ঘটা শিক্ষানুষ্ঠানখনৰ উত্তৰণ বিকাশৰ স্বাৰ্থত এই সমূহ স্থিতাৱস্থা আৰু জটিলতাৰ স্থায়ী, সৰ্বজন গ্ৰাহ্য আৰু বিধিগত সমাধান কৰাত শিক্ষা মন্ত্ৰী, উচ্চ শিক্ষা সঞ্চালক, লখিমপুৰ জিলা আয়ুক্ত আৰু ঢকুৱাখনা সমজিলা প্ৰশাসনৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰিছে শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থী সমাজে।

স্মৰ্তব্য যে মঙ্গলবাৰে মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে অধ্যক্ষৰ মইমতালি আৰু বেপৰোৱা আচৰণৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ কৰিছিল । মহাবিদ্যালয়খনৰ অভ্যন্তৰত সূত্ৰপাত ঘটোৱা সীমাহীন দুষ্কাৰ্যৰ বিৰুদ্ধে মহাবিদ্যালয় পৰিয়ালে পুনৰ ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ আশঙ্কা কৰি অধ্যক্ষ ডঃ শইকীয়াই মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ (যিটো শাখা প্ৰাদেশীকৃত নহয় ) এগৰাকী কনিষ্ঠ শিক্ষকক বুধবাৰৰ পৰা অধ্যক্ষৰ ভাৰপ্ৰাপ্ত দায়িত্ব অৰ্পণ কৰি আঁতৰি থকা বুলি জনা গৈছে ।

Also Read: কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত বিদায় সভা...

ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়