নৰ্থ ইষ্ট স্পটৰ্ছ মিটত সোণৰ পদক অৰ্জনেৰে উজলিল ঢকুৱাখনাৰ সমীক্ষা...

নৰ্থ ইষ্ট স্পটৰ্ছ মিটত সোণৰ পদক অৰ্জনেৰে উজলিল ঢকুৱাখনাৰ সমীক্ষা...

Published on

ডিজিটেল ডেস্কঃ বিদ্যা ভাৰতী পূৰ্বোত্ত ক্ষেত্ৰৰ ৩৪ সংখ্যক পণ্ডিত ৰজনীকান্ত দেৱ শৰ্মা স্মাৰক নৰ্থ ইষ্ট স্পটৰ্ছ মিট ২০২৪ত দবা প্ৰতিযোগীতাত সোণৰ পদক লাভ কৰিছে সমীক্ষা গোহাঁয়ে। শংকৰদেৱ শিশু নিকেতন ঢকুৱাখানাৰ ছাত্ৰী সৰুৰে পৰা দবা খেলৰ প্ৰতি ৰাপ থকা সমীক্ষাৰ এই সফলতাই ঢকুৱাখনাৰ ক্ৰীড়াপ্ৰেমীক আনন্দিত কৰিছে। উল্লেখিত যে এই প্ৰতিযোগীতা ২ আৰু ৩ জুলাই ২০২৪ত ধেমাজি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈছিল।

প্ৰতিযোগীতাখনৰ আয়োজক আছিল শিশু শিক্ষা সমিতি অসম। সমীক্ষা শংকৰদেৱ শিশু নিকেতন ঢকুৱাখানাৰ নৱম শ্ৰেণীৰ ছাত্ৰী। সমীক্ষা ঢকুৱাখনাৰ বৰুৱাটিকা গাঁৱৰ নিবাসী পংকজ গোহাঁই আৰু লক্ষীমাই সন্দিকৈৰ জ্যেষ্ঠ কন্যা। এই সফলতাৰ সূত্ৰে সমীক্ষা বিহাৰত অনুষ্ঠিত হ'বলগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতালৈ যোগ্যতা অৰ্জন কৰিছে। এই বছৰৰ অক্টোবৰত এই প্ৰতিযোগীতা অনুষ্ঠিত হ'ব।

নৰ্থ ইষ্ট স্পটৰ্ছ মিটত সোণৰ পদক অৰ্জনেৰে উজলিল ঢকুৱাখনাৰ সমীক্ষা...
ঢকুৱাখনাত অৰুণাচলী সুৰা জব্দ: আটক ৩ সৰবৰাহকাৰী
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in