নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ, লখিমপুৰ: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত) ৰ মঙলবাৰে ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ ১৯৫২ চনত উত্তৰ লখিমপুৰৰ খেলমাটিত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খনে গৌৰৱোজ্বল ৭২ টা বছৰ সম্পূৰ্ণ কৰিলে ৷

এই উপলক্ষত মহাবিদ্যালয়খনৰ ৰংঘৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী অধ্যাপক ড° গোপাল হাজৰিকাই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগু আৰু স্থানীয় বিধায়ক মানৱ ডেকা উপস্থিত থাকে ৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ইতিহাস আৰু ইতিবৃত্ত শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰা হয় ৷

নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্ত্বশাসিত)ৰ প্ৰতিষ্ঠা দিৱস উদযাপন
ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, সমাজ তথা সাংস্কৃতিক কর্মীৰ বিজেপিত যোগদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in