৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?

৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?
৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ক্ৰমাৎ অসৎ কাণ্ড-কাৰখানাৰ ৰম্যভূমিলৈ পতিত হৈছে চিচি টেকেলিফুটা মথাউৰীৰ ৰাজপথ।  চোৰাং গৰু, কাঠ, অৰুণাচলী সুৰাৰ অবৈধ সৰবৰাহৰ সুচল পথ হিচাবে ব্যৱহৃত এই পকী পথত এতিয়া শুনিবলৈ পোৱা গৈছে মাৰণাস্ত্ৰৰ  ঝনঝননি ।

সোমবাৰে মাজ নিশা এনে এক ভয়ংকৰ কাণ্ড সংঘটিত হ'ল মাতমৰা মথাউৰীত। সোমবাৰে নিশা প্ৰায় ১ বজাত মাতমৰা মথাউৰীৰ জিৰ' পইণ্টৰ সমীপৰ নব নিৰ্মিত স্পাৰৰ নদীৰ পাৰত গৰজি উঠিছিল ৯ জাই গুলীৰ পৰা প্ৰচণ্ড শব্দ।

নদীপৰিয়া নিদ্ৰাৰত অৱস্থাত থকাৰ সুযোগ লৈ কোবাল নদীৰ পাৰত নিশাৰ নির্জনতা ভেদী হোৱা প্ৰচণ্ড গুলীৰ শব্দত নদীপৰিয়া স্তম্ভিত হৈছিল।  ভয়, শংকা আৰু প্ৰবল বৰষুণৰ বাবে ঘটনাস্থলীলৈ ওলাই আহিবলৈ এলাহ কৰিছিল ৰাইজে।

পৰৱৰ্তী সময়ত মঙলবাৰে পুৱা ৰাইজ ওলাই আহি স্পাৰৰ অন্তিম মূৰত তিনিটা গুলীৰ খোলা কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ৰাইজে উদ্ধাৰ হোৱা গুলীৰ খোলাসমূহ সংৰক্ষণ কৰি গাঁওৰক্ষী বাহিনীক অৱগত কৰে। মংগলবাৰে পুৱা মাতমৰাৰ গাঁও প্ৰধান, গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্য  ঘটনাস্থলীত উপস্থিত হয় । 

ঘটনাস্থলীত সদৰ থানাৰ এটা আৰক্ষীৰ দল উপস্থিত হৈছে যদিও কাৰ দ্বাৰা, কি উদ্দেশ্যেৰে এই নিৰ্বিচাৰ গুলীবর্ষণ কৰিছিল তাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মুষলধাৰ বৰষুণৰ মাজতো কি উদ্দেশ্যেৰে মাজনিশা নিৰ্জন স্পাৰৰ ব্ৰহ্মপুত্ৰৰ সোঁতৰ পাৰত কোনে এই গুলীবর্ষণ কৰিছিল তাক লৈ চিন্তিত ঢকুৱাখনা আৰক্ষী আৰু স্থানীয় ৰাইজ।

একাংশ ৰাইজৰ আশংকা বর্ষণমুখৰ মাজনিশা নিৰ্জনতাৰ সুযোগলৈ কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে কোনো লোকক হত্যা কৰি ব্ৰহ্মপুত্ৰৰ বুকুলৈ নিক্ষেপ কৰিছে। ঢকুৱাখনা আৰক্ষীয়ে ৰাইজে উদ্ধাৰ কৰি দিয়া গুলীৰ খালী কার্টিজ তিনিটা জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও একো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে ডিব্ৰুগড়ৰ বগীবিল দলংৰ সংযোগী এই মথাউৰীৰ পথটো এচাম অপৰাধী দুস্কৃতিকাৰীৰ সুৰক্ষিত কৰিদৰ হিচাবে ব্যৱহৃত হৈ আহিছে। ঢকুৱাখনা আৰক্ষীৰ সোপাধিলা আৰু বেপৰোৱা নীতিৰ বাবে চোৰাং বেহাৰ ৰম্যভূমি হোৱা এই পকী পথত সোমবাৰে সংঘটিত এই গুলীবর্ষণৰ ঘটনাই সমগ্ৰ নদীপৰিয়া অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

৯ জাই গুলীত কঁপিল মাতমৰাঃ কোনে, কিয় কৰিলে এই কাম?
ৰাজ্যত ক্ৰমাৎ জটিল বান পৰিস্থিতিঃ ১৯ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in