উদক ভেটা ৰখীয়াঃ অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা নলয় যোগান বিভাগে

উদক ভেটা ৰখীয়াঃ অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা নলয় যোগান বিভাগে

author-image
Asomiya Pratidin
New Update
উদক ভেটা ৰখীয়াঃ অনিয়ম সংঘটিত কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা নলয় যোগান বিভাগে

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত পশ্চিম মাছখোৱা অঞ্চললৈ আবণ্টিত চাউলৰ বৃহৎ কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়াত নামিছে ঢকুৱাখনা যোগান বিভাগ। পশ্চিম মাছখোৱা সমবায় সমিতিৰ সভাপতি বগেন বৰুৱা (বাঘ), সচিব প্ৰদীপ চমুৱা আৰু ষ্টৰ ইনচাৰ্জ দুলাল চুতীয়াৰ নেতৃত্বত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় ৮২ কুইণ্টল চাউল হৰলুকী কৰি চোৰাং বজাৰত বিক্ৰী কৰাৰ সন্দৰ্ভত প্ৰামাণিক তথ্য পোহৰলৈ অহাৰ পাছত এইসকল চোৰাং চাউল বেপাৰীৰ প্ৰতি কোনো ধৰণৰ কঠোৰ অনুশাসনমূলক আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস কৰিব পৰা নাই ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে।

কেৱল ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ চাউলেই নহয়, মধ্যাহ্ন ভোজনৰ চাউল, সমাজ কল্যান বিভাগৰ অন্তৰ্গত "চাপ্লিমেণ্টেৰী নিউট্ৰেছন প্ৰগ্ৰাম" চমুকৈ এছ এন পি শিতানৰ চাউল, এজেণ্টসকলৰ প্ৰাপ্য বস্তা ওজনৰ বিপৰীতে আবণ্টিত চাউল আদি বিভিন্ন শিতানৰ চাউল সমূলঞ্চে উদৰস্থ কৰি অবৈধ ধন সংগ্ৰহ কৰা এনেবোৰ দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে আইনগত বিধি ব্যৱস্থা গ্ৰহণ নকৰি যোগান বিভাগে ৰহস্যজনক ভাবে গ্ৰহণ কৰা নৰম ভূমিকাই ক্ষুব্ধ কৰিছে ন্যায়কামী নাগৰিকক। যোগান বিভাগৰ বিষয়া কবিন্দ্ৰ মেদকৰ বেপৰোৱা আৰু দায়িত্বহীন ভূমিকাৰ বাবে পশ্চিম মাছখোৱা সমবায় সমিতিৰ এই ৩ লুণ্ঠনকাৰী বিষয়ববীয়াই চৰকাৰী চাউলৰ মুকলি চোৰাং বেহা মেলাৰ পাছতো  থানাত গোচৰ দিবলৈ সাহস নকৰাৰ অন্তৰালৰ গোপন ৰহস্য গ্ৰাহকসকলে বুজি উঠিছে। 

ইপিনে সমবায়খনৰ প্ৰৱঞ্চিত গ্ৰাহকসকলক অনাদায় চাউল দুদিনৰ ভিতৰত আদায় দিয়াৰ বাবে মহকুমা প্ৰশাসনে বান্ধি দিয়া সময়সীমা সোমবাৰে অতিক্ৰম কৰাৰ সময়তে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ ২ট্ৰাক চাউল সোমবাৰে সমবায়খনলৈ অনা হয়। অনাগত ছেপ্টেম্বৰ মাহৰ বাবে আবণ্টিত এই চাউলৰ নামতো এক অনিয়ম সংঘটিত হোৱাৰ ৰাজহুৱা অভিযোগ উঠিছে। ছেপ্টেম্বৰ মাহৰ বাবে আবণ্টন হোৱা এই চাউলৰ কিছু অংশ দুৰ্নীতিগ্ৰস্ত সভাপতি, সচিব ষ্টৰ ইনচাৰ্জ কেইজনে একাংশ এজেণ্টৰ জৰিয়তে পূৰ্বে চোৰাং বেপাৰৰ বাবে অনাদায় হৈ থকা অংগনাৱাড়ী কেন্দ্ৰ এছ এন পি শিতানৰ চাউল হিচাবে বিতৰণ কৰাৰ অভিযোগ উঠিছে। কণ কণ শিশুসকলৰ বাবে যোগান ধৰা বিশেষ পুষ্টিকৰ "চাপ্লিমেণ্টেৰী নিউট্ৰেছন প্ৰগ্ৰাম" চমুকৈ এছ  এন পি শিতানৰ চাউল উদৰস্থ কৰি এনে সাধাৰণ চাউলকে কণা হাঁহক পতান দিয়াদি বিতৰণ কৰাৰ পাছতো মুক বধিৰৰ ভূমিকা পালিছে যোগান বিষয়াই। 

সীমাহীন দুৰ্নীতি অনিয়ম সৃষ্টি কৰি চৰকাৰী চাউলৰ চোৰাং বেহা মেলা সভাপতি বাঘ বাহিনীৰ হাততে পুনৰ চাউল বিতৰণৰ গুৰু দায়িত্ব দি লুণ্ঠনৰ সুবৰ্ণ সুযোগ দিয়া যোগান বিভাগৰ উদক ভেটা ৰখীয়া পতা দায়িত্বহীন নীতিক গ্ৰাহক ৰাইজে সহজভাৱে ল'ব পৰা নাই। ন্যায়কামী ৰাইজৰ দাবী বৃহৎ চাউল কেলেংকাৰীৰ বিবাদ নিস্পতি নোহোৱালৈকে এই চক্ৰটোক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সামগ্ৰী বিতৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰাখক যোগান বিভাগে। বিভাগীয় নথি পত্ৰ, হিচাপ-নিকাচ আৰু ভয়ংকৰ দুৰ্নীতিৰ প্ৰামাণিক তথ্য যাতে নোহোৱা কৰিব নোৱাৰে তাৰ বাবে এইসকল দুৰ্নীতিৰ নায়কক বিতৰণ ব্যৱস্থাটোৰ পৰা বিৰত ৰাখক। কিন্তু তাৰ প্ৰতি ভ্ৰূক্ষেপ নাই যোগান বিভাগৰ। দুৰ্নীতিৰ নায়কৰ হাততে পুনৰ দুৰ্নীতি কৰিবলৈ, সংঘটিত দুৰ্নীতিক নীতিলৈ পৰিৱৰ্তন কৰিবলৈ আৰু অনাদায় চাউল সংগ্ৰহ কৰি বিতৰণ কৰিবলৈ সুযোগ দি লুণ্ঠনকাৰীক বৰপীৰা পাৰি দিয়া যোগান বিভাগৰ এনে অবিবেচকী কাণ্ডত ক্ষুব্ধ নাগৰিক অংশীদাৰ।

ৰাইজৰ দাবী অহা ছেপ্টেম্বৰ মাহৰ পৰা এই বিতৰণ ব্যৱস্থা নিকা আৰু স্বচ্ছ হোৱাৰ স্বাৰ্থত বিভাগীয় ভাবে আৰু যোগান বিভাগৰ পৰ্যবেক্ষণত আঁচনিৰ চাউল বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। উল্লেখ্য যে, সমবায়খনৰ দুৰ্নীতি পৰায়ন সভাপতি-সচিব, ষ্টৰ ইনচাৰ্জৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে নিজে পতা জালত নিজে পৰাৰ ভয়ত আৰু যোগান বিষয়া মেদকৰ অন্য এক জঘন্য দুৰ্নীতি ফাদিল হোৱাৰ আশংকাত এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰাৰ পৰা বিৰত আছে যোগান বিষয়া। এই ক্ষেত্ৰত মহকুমা প্ৰশাসনৰ হস্তক্ষেপ দাবী জনাইছে গ্ৰাহকসকলে। লগতে তৎকালে এই দুৰ্নীতি পৰায়নসকলৰ পৰিৱৰ্তে বিভাগীয় ভাবে বা অন্য সঞ্চালক মণ্ডলীৰ জৰিয়তে স্বচ্ছতাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিতৰণ কৰাৰ কাৰ্যপন্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে।

Also Read: গোলাঘাটত আৰক্ষীৰ জিম্মাৰ পৰা পলাল ড্রাগছ সৰবৰাহকাৰী...

GOVT OF ASSAM