পশ্চিম মাছখোৱা সমবায় সমিতিত অনিয়মেই নিয়ম...

পশ্চিম মাছখোৱা সমবায় সমিতিত অনিয়মেই নিয়ম...
পশ্চিম মাছখোৱা সমবায় সমিতিত অনিয়মেই নিয়ম...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তর্গত পশ্চিম মাছখোৱা সমবায় সমিতি লিমিটেড। সীমাহীন দুৰ্নীতি অনিয়ম আৰু মুকলি লুণ্ঠনৰাজৰ ৰম্যভূমি হৈ পৰিছে এই সমবায় সমিতিখন।

সভাপতি বগেন বৰুৱা (বাঘ) , সচিব প্ৰদীপ চমুৱা আৰু ষ্টৰ ইনচাৰ্জ দুলাল চুতীয়াৰ নেতৃত্বত এই সমবায় সমিতিত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল আৰু সমাজ কল্যাণ বিভাগৰ এছ এন পি আঁচনিৰ চাউলৰ এক চোৰাং বেহা মেলি এইসকল দুৰ্নীতিগ্ৰস্তই কোৰুণাৰে ধন চপোৱাৰ অভিযোগ প্ৰতিগৰাকী সমবায় এজেন্টৰ মুখে মুখে । ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰায় ৮২ কুইণ্টল চাউল হৰলুকী কৰি চোৰাং বেহা চলাই অহা বাঘ বাহিনীৰ নেতৃত্বত এইবাৰ মধ্যাহ্ন ভোজনৰ লগতে অংগনৱাদী কেন্দ্ৰৰ চাউলো চোৰাং বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে।

সংগৃহীত তথ্য মতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা সমবায় সমিতিখনৰ অন্তৰ্গত গৰিষ্ঠ সংখ্যক সমবায় এজেন্টক এছ এন পি শিতানৰ চাউল যোগান ধৰা নাই কেন্দ্ৰ সমূহক বিতৰণৰ বাবে । প্ৰাপ্ত তথ্য মতে সমবায়খনৰ অংগনৱাদী কেন্দ্ৰসমূহৰ বিপৰীতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহ পৰ্যন্ত মুঠ ২৯ কুইণ্টল ৫৩ কেজি চাউল আবন্টনৰ পাছতো অদ্যপি বিতৰণ কৰা নাই সমবায় সমিতিখনে।

ৰাজহুৱা বিতৰণ ব্যৱস্থা চাউল কুক্ষীগত কৰি খক নমৰা এইসকলে এইবাৰ কণ কণ শিশুসকলৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে আবন্তিত চাউললৈকো লুলোপ দৃষ্টি দিলে। সমবায়ৰ মজুত ভঁৰালৰ পৰাই অন্তৰ্ধান হ'ল এছ এন পিৰ মুঠ ২৯ কুইণ্টল ৫৩ কেজি চাউল । চৰকাৰী চাউল মানেই অবৈধ ধন সংগ্ৰহৰ সামগ্ৰী কৰি গোগ্ৰাসে হজম কৰা এই দুৰ্নীতিপৰায়ন মুৰব্বীসকলৰ পৃষ্ঠপোষকতাত চলা মুকলি লুটপাত ইমানতে শেষ হোৱা নাই।

এইবাৰ লুণ্ঠনৰ লক্ষ্য হৈছে সমবায়খনৰ এজেন্টসকল । বিভিন্ন চৰকাৰী চাউলৰ বিপৰীতে প্ৰাপ্য বৈধ কমিচনৰ ধনো হজম কৰিছে এই ত্ৰিমূৰ্তিয়ে । সমবায় এজেন্টসকলে জনোৱা মতে তেওঁলোকৰ এছ এন পি শিতানৰ কমিচনৰ ধন সুদীৰ্ঘ দিন ধৰি এজেন্টসকলক ফুটা কড়ি এটাও আদায় দিয়া নাই সমবায়খনে। 

তদ্ৰুপ ভাবে ২০২২-২০২৩ বৰ্ষৰ মধ্যাহ্ন ভোজনৰ চাউলৰ কমিচন, এজেন্ট তথা সুলভ মূল্যৰ দোকানীসকলৰ চাউল অনা বষ্টাৰ ওজনৰ বিপৰীতে চৰকাৰে প্ৰেৰণ কৰা মুঠ ১১৬০ গ্ৰাম কৈ সৰ্বমুঠ ১৬৮ কুইন্টল চাউল আজি পৰ্যন্ত আদায় নিদি আত্মসাত কৰিছে বুলি এজেন্টসকলে মহকুমাধিপতি আৰু উপায়ুক্তক অৱগত কৰিছে লিখিত ভাবে। অতি পৰিতাপৰ বিষয় হৈছে মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া কবিন্দ্ৰ মেদকে এই ভয়ানক দুৰ্নীতি জানি আৰু পৰ্যাপ্ত তথ্য প্ৰমাণ লাভ কৰিও দুৰ্নীতিগ্ৰস্তৰ পক্ষ লৈ সুৰক্ষা প্ৰদানত গুৰুত্ব দি আহিছে ।

একে অভিযোগৰ ভিত্তিত পূব ঢকুৱাখনা সমবায় সমিতিৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়া যোগান বিষয়া মেদকে পশ্চিম মাছখোৱা সমবায় সমিতিৰ এই ভয়ানক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ লগতে অন্য চৰকাৰী আঁচনিৰ চাউলৰ চোৰাং বেহা মেলাৰ পাছতো লৈছে মুক বধিৰৰ ভূমিকা। যাক লৈ স্তম্ভিত প্ৰাপ্য বঞ্চিত এজেন্টসকলৰ লগতে সাধাৰণ গ্ৰাহক ৰাইজ।

যোগান বিভাগৰ এচাম অৰ্থলোভী বিষয়া কৰ্মচাৰীৰ চত্ৰছাঁয়াত বাঘ বাহিনীযে চলোৱা এই লুণ্ঠনৰাজৰ বাবেই আজিও মধ্যাহ্ন ভোজনৰ চাউলৰ পৰা বঞ্চিত হ'বলগা হৈ আহিছে একাংশ বিদ্যালয়। বিদ্যালয়সমূহৰ যোৱা সময়ৰ বকেয়া মধ্যাহ্ন ভোজনৰ প্ৰাপ্য চাউল বিতৰণ নামত এতিয়া যোগান বিষয়াৰ মন্ত্ৰনা লৈ লুণ্ঠনকাৰী চক্ৰটোৱে অন্য এক কৌশল গ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহিছে।

সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই সমবায়খনত সংঘটিত মুকলি লুণ্ঠনৰ সন্দৰ্ভত নিৰপেক্ষ বিচাৰ কৰিবলৈ ইতিমধ্যে লখিমপুৰ জিলা আয়ুক্ত আৰু ঢকুৱাখনাৰ মহকুমাধিপতিক অভিযোগ পত্ৰ প্ৰদান কৰিছে ।

পশ্চিম মাছখোৱা সমবায় সমিতিত অনিয়মেই নিয়ম...
কাছজান পানী যোগান আঁচনি পৰিদৰ্শন জয়ন্ত মল্ল বৰুৱাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in