ডিজিটেল সংবাদ,মাজুলীঃ লখিমপুৰৰ পূব তেলাহীৰ ন-আলি, ঘাগৰমুখ বালিত গাঁৱৰ চাপৰিত জলসম্পদ বিভাগে আৰম্ভ কৰা নলা খনন প্ৰকল্পক কেন্দ্ৰ কৰি শুক্ৰবাৰে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য় প্ৰকল্পস্থলী । প্ৰায় দুই কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ'ব লগা এই বিতৰ্কিত নলা খনন প্ৰকল্পই লখিমপুৰ পূব তেলাহীৰ ন-আলি, ঘাগৰমুখ বালি গাঁও অঞ্চললৈ আনিব পৰা সম্ভাব্য অস্তিত্বৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰাৰ বাবে মিচিং জাতীয় সংগঠন টিএমপিকে, এমএমকে, টিএমএমকে ৰাদাং অৱনৰি আৰু এছেৰাকটা অৱনৰি আঞ্চলিক সমিতিৰ উদ্যোগত লখিমপুৰ জিলা সমিতিৰ সহযোগত দিনৰ এঘাৰ বজাত ন-আলি, ঘাগৰমুখ বালি গাঁৱত গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
পূব তেলাহী গাঁও পঞ্চায়তৰ ন-আলি, ঘাগৰমুখ বালি, মৰ্টন চাপৰি, ঢলা গাঁও, টামাৰ গাঁও, ঘূলি গাঁও, মাজৰ চাপৰি, গোৱালবাৰী, এছেৰাকটা আদি বিভিন্ন গাঁৱৰ পৰা ওলাই অহা হেজাৰ হেজাৰ প্ৰতিবাদী জনতাই প্ৰায় এক কিলো'মিটাৰ নিলগৰ পৰা প্ৰকল্পথলীলৈ শোভাযাত্ৰা কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড, বেনাৰ, পতাকা আদি লৈ মানৱ ডেকা মুৰ্দাবাদ, ন ইৰচন প্ৰটেকচন ন ৰেষ্ট, সোঁৱণশিৰি নৈৰ দুয়োপাৰে সুৰক্ষা নিশ্চিত কৰক, আমাক ন্যায় লাগিবই, এই সংগ্ৰাম চলিছে চলিবই, জলসম্পদ বিভাগ হায় হায়, লখিমপুৰ জিলা প্ৰশাসন হায় হায়, আমাক জীয়াই থকাৰ অধিকাৰ দিয়ক, বিতৰ্কিত চেনেল কাটিং বন্ধ কৰক, চেনেল কাটিং কৰাৰ পূৰ্বে ন-আলি ঘাগৰমুখ বালি অঞ্চলৰ বিজ্ঞানসন্মত সুৰক্ষামূলক কাম আৰম্ভ কৰক, ইনকিলাপ জিন্দাবাদ আদি বিভিন্ন শ্ল'গানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে।
ইপিনে যোৱা ১৪ মাৰ্চৰ পৰা আৰম্ভ হৈছে দুই কোটি টকীয়া নলা খনন প্ৰকল্পৰ কাম। কিন্তু এই বিতৰ্কিত প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰুদ্ধে প্ৰৱল জনমত গঠন হৈছে। আৰম্ভ হৈছে প্ৰতিবাদৰ জোৱাৰ। আইন শৃংখলাজনিত কাৰণত এতিয়া লখিমপুৰ জিলা প্ৰশাসনে বৰ্তমান আৰক্ষী প্ৰশাসন তথা চি আৰ পি এফ জোৱান মোতায়ন কৰি প্ৰকল্পৰ কাম চলাই আছে।
পৰিস্থিতিৰ আগতীয়াকৈ উমান পাই লখিমপুৰ জিলা প্ৰশাসনে এই প্ৰকল্প ৰূপায়ণৰ বাবে বিশেষ দায়িত্ব বহন কৰা ঢকুৱাখনা নিৰ্বাচনী বিষয়া কুলভোজন পেগুৰ হাতত সোঁৱণশিৰি নৈৰ নলা খনন কাৰ্য বন্ধ কৰা, সোঁৱণশিৰি নৈৰ দক্ষিণ পাৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত প্ৰকল্প শীৰ্ষে ৰূপায়ণ কৰা, বিধায়ক মানৱ ডেকাই পূব তেলাহীৰ খহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা, এন এইচপিচি কোম্পানীয়ে নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ সুৰক্ষাৰ বাবে বিভিন্ন গাঁৱৰ বাবে লোৱা প্ৰস্তাৱিত প্ৰকল্প পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰা আদি বিভিন্ন দাবীসম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰে । এই নলা খনন প্ৰকল্প সম্পূৰ্ণ নকৰাৰ পূৰ্বে ন-আলি, ঘাগৰমুখ বালি অঞ্চলত খহনীয়া প্ৰতিৰোধ প্ৰকল্প আৰম্ভ কৰাৰ কথা লখিমপুৰ জিলা প্ৰশাসনে প্ৰতিবাদস্থলীত প্ৰকাশ কৰে।
উল্লেখ্য যে, লখিমপুৰ জিলাৰ তেলাহী মৌজাৰ অন্তৰ্গত ন-আলি তেলীয়া পথাৰ অঞ্চলত দেখা দিয়া সোঁৱণশিৰি নৈৰ উত্তৰ অংশৰ বিধ্বংসী খহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এক পদক্ষেপ। শেহতীয়াকৈ লখিমপুৰ জিলা জলসম্পদ বিভাগে আৰম্ভ কৰিছে অত্যাধুনিক জিঅ'বেগ সুৰক্ষা মূলক আঁচনিৰ লগতে নলা খননৰ বৃহৎ প্ৰকল্পৰ কাম।
২০২২-২৩ বিত্তীয় বৰ্ষত নাবাৰ্ডৰ পুঁজিৰে ৰূপায়ণ হোৱা এই প্ৰকল্পৰ পুঁজিৰ পৰিমাণ পোন্ধৰ কোটি টকা। এই পোন্ধৰ কোটি টকীয়া প্ৰকল্পৰ ভিতৰতে সোমাই আছে দুই কোটি টকীয়া চেনেল কাটিংৰ প্ৰকল্প। সংশ্লিষ্ট জলসম্পদ বিভাগে সোঁৱণশিৰি নৈৰ উত্তৰ অংশ ন-আলি পথালি পথাৰ অংশৰ খহনীয়া ৰোধৰ বাবে অত্যাধুনিক জিঅ'বেগৰ লগতে ন-আলি, ঘাগৰমুখ বালি গাঁৱৰ চাপৰিত খনন কৰি চেনেল কাটিংৰ জৰিয়তে সোঁৱণশিৰি নৈৰ সোঁত সলনি কৰাৰ চিন্তাৰে এই প্ৰকল্প কাম সম্পূৰ্ণ হৈ উঠিলে ইয়াৰ দ্বাৰা এক দুৰ্যোগৰ সন্মুখীন হব । কিয়নো সোঁৱণশিৰি নৈৰ দক্ষিণ অংশত অৱস্থিত ন-আলি, ঘাগৰমুখ বালি গাঁৱৰ অংশত। এনে পৰিপ্ৰেক্ষিতত প্ৰথমলানি প্ৰতিবাদী কাৰ্যসূচী যোৱা ১৯ মাৰ্চত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
Also Read: ২০১৪ ৰ পাছত দেশত প্ৰায় দুগুণ হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা