ৰাজ্যজুৰি ২১ ছেপ্টেম্বৰত প্ৰাথমিক বিদ্যালয়ত পোষ্টাৰিং কাৰ্যসূচী...

ডাঃ ৰনোজ পেগুৱে উন্মোচন কৰছিল এই পোষ্টাৰ
ৰাজ্যজুৰি ২১ ছেপ্টেম্বৰত প্ৰাথমিক বিদ্যালয়ত পোষ্টাৰিং কাৰ্যসূচী...
ৰাজ্যজুৰি ২১ ছেপ্টেম্বৰত প্ৰাথমিক বিদ্যালয়ত পোষ্টাৰিং কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: কেৱল আনুষ্ঠানিক শিক্ষা দানেই নহয়। পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষিত কৰাৰ লগতে বিদ্যালয়ৰ মুখ নেদেখি শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত শিশুসকলক বিদ্যালয়মুখী কৰাৰো নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখি আহিছে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলে।

ৰাজ্যখনৰ ৩৪ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ প্ৰতিনিধিত্বকাৰী সংগঠন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত সমগ্ৰ ৰাজ্যখনৰ শিক্ষাগুৰু সকলে এখন শিক্ষিত, প্ৰদূষণ মুক্ত চিৰসেউজ সাৰ্বজনীন সমাজ নিৰ্মাণৰ বাবে চলাই অহা নিৰন্তৰ প্ৰয়াসৰ সমান্তৰালভাৱে অহা শনিবাৰে অৰ্থাৎ ২১ ছেপ্টেম্বৰত এক পোষ্টাৰিং কাৰ্যসূচী অনুষ্ঠিত কৰিব ।

শিক্ষক সন্মিলনীৰ ৰাজ্যিক প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীযে শুকুৰবাৰে এই কথা জানিবলৈ দিছে। গোস্বামীয়ে জনোৱা মতে সমগ্ৰ শিক্ষাৰ তথ্য মতে ৰাজ্যখনৰ মুঠ এক লাখ শিশুৱে অদ্যপি বিদ্যালয়ৰ মুখ দেখা নাই। শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা ৰাজ্যখনৰ এক লাখ শিশু বঞ্চিত হোৱাৰ তথ্যৰ ভিত্তিত সন্মিলনীয়ে নিজাববীয়াকৈ পৰীক্ষণমূলক ভাবে কামৰূপ জিলাৰ ডিমৰিয়া, ৰাণী, ৰামপুৰ আদি শিক্ষাখণ্ডৰ লগতে গোৱালপাৰা আৰু ডিব্ৰুগড় জিলাত জৰীপ চলাই চিন্তনীয় তথ্য উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত এনেবোৰ বিদ্যালয় বৰ্হিভূত শিশুক বিদ্যালয়মুখী কৰিবলৈ সক্ষম হয়।

ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰতি চৰম প্ৰত্যাহ্বানসূচক এনে উন্মোচিত তথ্যৰ সন্দৰ্ভত ৰাজ্যিক সন্মিলনীৰ ৪৬ সংখ্যক দ্বিবাৰ্ষিক হাইলাকান্দি অধিবেশনত সূক্ষ্ম বিশ্লেষণ কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অধিবেশনতে দুখন সজাগতামূলক পোষ্টাৰ মুকলি কৰিছিল সন্মিলনীয়ে।

ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উন্মোচন কৰা এই পোষ্টাৰ অহা ২১ ছেপ্টেম্বৰ শনিবাৰে বিশ্ব শান্তি দিৱসৰ সৈতে ৰজিতা খুৱাই ৰাজ্যখনৰ ৪৬ হাজাৰ প্ৰাথমিক বিদ্যালয়ত দৃশ্যমান কৰাৰ নিৰ্দেশনা দিছে সন্মিলনীযেয়ে। এখন পোষ্টাৰ হ'ব গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ আৰু পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষামূলক আৰু অন্যখন পোষ্টাৰ হ'ব প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত শিশুসকলক বিদ্যালয়মুখী কৰাৰ সজাগতামূলক ।

ৰাজ্যখনৰ ৪৬ হাজাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগিতাত প্ৰতিখন বিদ্যালয়ৰ চৌহদত দুয়োখন পোষ্টাৰ জনসাধাৰণৰ দৃষ্টিত পৰাকৈ আঁৰি দিয়া হ'ব। বিদ্যালয়ৰ নিয়মীয়া কাৰ্যত বাধা নপৰাকৈ এই সজাগতামূলক দুয়োখন পোষ্টাৰ দৃশ্যমান কৰি প্ৰাথমিক স্তৰৰ পৰাই পৰিবেশ সজাগতা সৃষ্টি আৰু প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয় বৰ্হিভূত শিশুসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বিদ্যালয় পৰিয়ালসমূহে।

গোস্বামীয়ে অনাগত দুটা বছৰ ধাৰাবাহিক ভাবে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দুই সজাগতামূলক কাৰ্যসূচী অব্যাহত ৰখা হ'ব বুলি জনায়। ঢকুৱাখনা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত প্ৰায় তিনি শতাধিক প্ৰাথমিক বিদ্যালয়ত শনিবাৰে প্ৰাতঃ সভাৰ সময়ত এই পোষ্টাৰিং কাৰ্যসূচী সম্পন্ন কৰা হ'ব বুলি সম্পাদক প্ৰশান্ত হাজৰিকাই জানিবলৈ দিছে ।

ৰাজ্যজুৰি ২১ ছেপ্টেম্বৰত প্ৰাথমিক বিদ্যালয়ত পোষ্টাৰিং কাৰ্যসূচী...
আমি খোৱা মিঠাইতো আছে নেকি গৰু-গাহৰিৰ চৰ্বি ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in