ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহুৱা সভা

ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহুৱা সভা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: সমাগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ কালত সন্মিলিত গণশক্তি অসম আৰু বিজেপি দলৰ মিত্ৰতা অটুট থাকিব ।শাসক দলটোৰ সৈতে নিৰ্বাচনী মিত্ৰতা অক্ষুন্ন ৰাখি ঐক্যবদ্ধভাৱে আগত পৰিষদীয় নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব গণশক্তি দল। বুধবাৰে এই ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে সন্মিলিত গনশক্তি অসম দলৰ মুখ্য উপদেষ্টা , প্ৰাক্তন কোষাধ্যক্ষ তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ।

মাতমৰাৰ খেৰকটা মহাবিদ্যালয় প্ৰাঙ্গনত বুধবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ সভাৰ অন্তত এই ৰাজনৈতিক সিদ্ধান্ত ব্যক্ত কৰে গনশক্তিৰ কেন্দ্ৰীয় নেতা পেগুৱে । স্বায়ত্ব শাসিত পৰিষদৰ ২১নং পূৱ ঢকুৱাখনা, মাতমৰা পৰিষদীয় সমষ্টিৰ ১০ বছৰীয়া খতিয়ান প্ৰকাশৰ লগত সংগতি ৰাখি অনুষ্ঠিত "প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা" শীর্ষক এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মিচিং জাতীয় সংগঠন টাকাম মিচিং মিমে কৌবাংৰ প্ৰাক্তন সভানেত্ৰী ভানুমতী পেগুৰ সঞ্চালনাত  অনুষ্ঠিত হয় এই সভা।

পৰিষদীয় সমষ্টিটোৰ কেইবা শতাধিক নাগৰিক, জাতীয় সংগঠনৰ নেতা, কৰ্মী সকল উপস্থিত থকা সভাত আদৰণি ভাষণ আগবঢ়াই পৰিষদৰ কাৰ্যবাহী সদস্য ভৱানী দুৱৰাই। সন্মিলিত নাৰী শক্তি অসমৰ সভানেত্ৰী তথা কাৰ্যবাহী সদস্য দুৱৰাই গণতান্ত্ৰিক ভাবে  নিৰ্বাচিত হৈ এখন প্ৰগতিশীল গণতান্ত্ৰিক সমাজ গঠনৰ লক্ষ্যৰে গঠিত স্বায়ত্ব শাসিত পৰিষদৰ ১০বছৰীয়া উন্নয়নমূলক কামৰ বিস্তৃত খতিয়ান প্ৰকাশ কৰি সমষ্টিবাসীৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰামানিক তথ্য ৰাজহুৱা কৰে। সভাত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে নিদিষ্ট বক্তা হিচাপে গুৰুত্বপুৰ্ণ বক্তব্য আগবঢ়াই  একক ভাবে গণতান্ত্ৰিক নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰিষদ গঠন কৰাৰ পৰৱৰ্তী সময়ত ৰাইজৰ সৰ্বাংগীন উন্নয়ন আৰু প্ৰগতিৰ বাবে কাৰ্যকৰী কৰি অহা জনহিতৈষী কাম কাজৰ বিস্তৃত বিশ্লেষণ দাঙি ধৰে।

কেৱল আঁচনিৰ নামত আঁচনি গ্ৰহণ নকৰি স্থায়ী আৰু পৰিষদিয় এলেকাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী, সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নতিৰ বাবে কাৰ্যকৰী কৰা প্ৰগতিশীল আঁচনিৰ স্বচ্ছ আৰু বাস্তৱিক খতিয়ানৰ ৰূপৰেখা দাঙি ধৰে। পেগুৱে  পৰিষদৰ এলেকাত বাস কৰা সকলো জাতি জনগোষ্ঠীয় বাসিন্দাক সম অধিকাৰ প্ৰদান , সম উন্নয়ন সাধনৰ লগতে  নিবনুৱা সকলৰ জীৱন জীৱিকাৰ নিশ্চিতকৰণ, শৈক্ষিক মানদণ্ড উন্নীতকৰণ, কুসংস্কাৰ আৰু অন্ধ বিশ্বাস দূৰীকৰণ, সামাজিক ব্যাধি নিৰ্মূলকৰণৰ ক্ষেত্ৰতো গ্ৰহণ কৰা বাস্তৱ কৰ্ম আঁচনিৰ সন্দৰ্ভত সূক্ষ্ম বিশ্লেষণ আগবঢ়াই।

সভাৰ মাজতে সংবাদ মাধ্যমেৰে হোৱা এক বাৰ্তালাপত আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত আঞ্চলিক  দলটোৰ স্থিতি স্পষ্ট কৰি গেৰুৱা দলৰ লগত নিৰ্বাচনী মিত্ৰতা অব্যাহত থাকিলেহে জনগোষ্ঠীটোৱে সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা কুক্ষীগত কৰিবলৈ সক্ষম হব বুলি জানিবলৈ দিয়ে ।

সভাত পৰিষদৰ কাৰ্যবাহী সদস্য  তথা জাতীয় সংগঠন টাকাম মিচিং মিমে কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ইন্দিৰা চিন্তে উপস্থিত থাকি এটি শ্ৰুতিমধুৰ ঐনিতমেৰে ভাষণ আৰম্ভ কৰি পৰিষদৰ ১০ বছৰীয়া কামৰ  নিখুঁত খতিয়ান দাঙি ধৰি বক্তব্য আগবঢ়াই। মিচিং জনগোষ্ঠীৰ বলিষ্ঠ নেতা তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়া উপস্থিত থাকি পৰিষদৰ ১০বছৰীয়া কাৰ্য্যালয়ত কি কি কাম কৰিলে সেয়া ৰাইজৰ আগত  স্বচ্ছতাৰে আৰু সাহসেৰে জনাবলৈ এনে কাৰ্যসূচী গ্ৰহণ কৰা বুলি কৈ ইয়াৰ জৰিয়তে পৰিষদৰ অন্তৰ্গত প্ৰতি গৰাকী নাগৰিকৰ  প্ৰতি থকা দায়বদ্ধতা প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে। চায়েঙিয়াই চৰকাৰী বিভাগ কিম্বা চৰকাৰে নকৰা বিভিন্ন কাম সুপৰিকল্পিত  ভাবে আৰম্ভ কৰি অব্যাহত ৰখাৰ উপমা অৱগত কৰি এখন প্ৰগতিশীল আত্মনির্ভৰ সংস্কাৰী সমাজ গঢ়াৰ বাবে আৰম্ভ কৰা সংগ্ৰামৰ খতিয়ান ডাঙি ধৰে।

সভাত উপস্থিত থাকি অল আচাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন পেগু , আই টি ডি পিৰ অধ্যক্ষ ৰঞ্জিত পেগু, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়েও বক্তব্য ৰাখে । মিচিং জাতীয় সংগঠন সমূহৰ কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক বিষয়ববীয়া , নেতৃ স্থানীয় ব্যক্তি , শিক্ষাব্ৰতী ৰাইজ উপস্থিত থাকি পৰিষদৰ এনে নিকা আৰু স্বচ্ছ স্থিতিৰ শলাগ লয় । উল্লেখযোগ্য যে পৰিষদৰ প্রতিতো সমষ্টিতে ধাৰাবাহিক ভাবে এই ১০ বছৰীয়া কামৰ খতিয়ান ৰাজহুৱা কৰা কৰ্মসূচী ৰূপায়িত হৈ আছে । বুধবাৰে পৰিষদৰ খেৰকটা-ডাংধৰা সমষ্টিৰ ডাংধৰাটো এনে সভা অনুষ্ঠিত হয় ।

ঢকুৱাখনাত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৰাজহুৱা সভা
স্বাধীনতাৰ ৭৮ বছৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in