বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হৈ লোকনিৰ্মাণ বিভাগত মহেন্দ্ৰ গুৰুঙৰ দৌৰাত্ম্য...

দম্ভালি মাৰি ঠিকাদাৰে ক'লে- "মোৰ ইচ্ছা গলে বনাম, নগলে নবনাও''
বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হৈ লোকনিৰ্মাণ বিভাগত মহেন্দ্ৰ গুৰুঙৰ দৌৰাত্ম্য...
বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হৈ লোকনিৰ্মাণ বিভাগত মহেন্দ্ৰ গুৰুঙৰ দৌৰাত্ম্য...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা ক্ষেত্ৰীয় লোক নিৰ্মাণ বিভাগত এজন ঠিকাদাৰ আছে। এইগৰাকী মহা প্ৰতাপী ঠিকাদাৰৰ ইচ্ছাই আইন হৈছে ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ সংমণ্ডলত। বিভাগীয় নীতি নিৰ্দেশনাক পদপিষ্ট কৰি নিজৰ ইচ্ছাকেই নিয়ম বনাই সীমাহীন উৰ্ধবাহু নৃত্য কৰি থাকে এইজন দাম্ভিক ঠিকাদাৰে।

ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ দলেৰ ভাতঘৰৰ সংগী এইজন গুৰু গোঁসাই নমনা ঠিকাদাৰ হ'ল চাউলধোৱাৰ মহেন্দ্ৰ গুৰুং। নিজকে বিধায়কৰ ঘনিষ্ঠ বুলি জাহিৰ কৰি ঢকুৱাখনা লোকনিৰ্মাণ বিভাগত পথ নিৰ্মাণৰ ঠিকা লোৱা এইজন অকমন্য ঠিকাদাৰৰ কৰাল গ্ৰাসত পৰি বছৰ বছৰ ধৰি যমৰ যন্ত্ৰণা ভূগিছে ঘিলামৰাবাসীয়ে ।

যোৱা ২০২১চনৰ ২৬ফেব্ৰুৱাৰীত প্ৰাক্তন মন্ত্ৰী ,বিধায়ক নৱ দলেয়ে এইজন ঠিকাদাৰক ঘিলামৰা ২২নং ৰাজ্যিক ঘাইপথৰ পৰা লামু গাওঁলৈ যোৱা পথৰ প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘৰ পথৰ ঠিকা দি কামৰ শুভ উদ্বোধন কৰিছিল। প্ৰায় ১ কোটি ৩২ লাখ ব্যয় সাপেক্ষ ২০২০-২০২১ বর্ষৰ এছ অ' পি ডি (জি) শিতানত আবন্তিত কামৰ শুভাৰম্ভ কৰা এই পথটো আজি ৪বছৰে সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি নিদিলে বিধায়কৰ ঘনিষ্ঠ সোপাধিলা ঠিকাদাৰ গুৰুঙে ।

কেৱল লামু গাঁৱেই নহয় বৃহত্তৰ অঞ্চলটোৰ ভকত গাঁও ,চাকুলি আদি দেউলিয়া পঞ্চায়তৰ বিভিন্ন গাঁৱৰ ৰাইজৰ যাতায়তৰ অন্যতম প্ৰধান আৰু সদাব্যস্ত পথটোৰ নিৰ্মাণ কাৰ্য আধৰুৱা কৰি বছৰ বছৰ ধৰি পেলাই ৰাখিছে। অঞ্চলৰবাসী ৰাইজে বহুবাৰ অকমন্য ঠিকাদাৰজনক পথটো সম্পূৰ্ণৰূপে নিৰ্মাণৰ খাটনি ধৰি আহিছে।কিন্তু "মোৰ ইচ্ছা গলে বনাম, নগলে নবনাও" বুলি দম্ভালি মাৰি ৰাইজক বিমুখ কৰি আহিছে ঠিকাদাৰ গুৰুঙে।

ৰাইজৰ অভিযোগত প্ৰকাশ পথটোৰ বিগত ৪বছৰে নিৰ্মাণ নকৰাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে পথচাৰী। বিধায়কৰ ক্ষমতাৰে বলিয়ান হৈ ঠিকাদাৰ গুৰুংঙে ৰাইজৰ সুবিধালৈ পিঠি দি কেইবা বছৰ ধৰি অৰ্ধ নিৰ্মিত ভাবে পথটো পেলাই ৰখাৰ বাবে জনজীৱন বিপদাপন্ন হোৱাই নহয় বহু সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বিগত সময় চোৱাত।

বিধায়কৰ ঘনিষ্ঠ হোৱাৰ বাবেই কাম নকৰাকৈ সমূদাই পুঁজি উদৰস্থ কৰাৰ পাং পতা বুলি ভুক্তভোগী ৰাইজে অভিযোগ উথাপন কৰি এইক্ষেত্ৰত ঢকুৱাখনা ক্ষেত্ৰীয় লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা দণ্ডীধৰ মিলিৰ নমনীয় স্থিতিক ৰাইজে কটু সমালোচনা কৰিছে। অতি ভয়ানক কথা হ'ল এইজন সোৰোপা অকমন্য ঠিকাদাৰে আধৰুৱাকৈ নিৰ্মিত পথৰ ওপৰতে এখন অচল ৰোড ৰুলাৰ,এটা পানী টেংক সুদীর্ঘ দিন পেলাই ৰাখি অন্য এক ভয়ানক বিপদ মাতি আনিছে ।

পথৰ ওপৰতে পথ আবদ্ধ কৰি পেলাই ৰখা এনেবোৰ যন্ত্ৰত নিশা পথচাৰীযে খুন্দিয়াই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। এনেবোৰ সীমাহীন অনিয়মকে নিয়ম কৰি লোকনিৰ্মাণ পথ বিভাগত দৌৰাত্ম্য চলাই যোৱাৰ পাছতো নিৰ্বিকাৰ বিভাগ। জনজীৱন বিপদাপন্ন কৰাৰ পাছতো এইজন প্ৰতাপী ঠিকাদাৰক লেকাম লগাবলৈ শক্তিহীন ঢকুৱাখনা সংমণ্ডল ।

ভুক্তভোগী ৰাইজৰ শেষ প্ৰত্যাশা জিলা আয়ুক্ত গায়ত্ৰী দেৱী হায়লিঙে আৰু মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ ওপৰত। ৰাইজৰ দাবী আধৰুৱা পথ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক বাধ্য কৰাওক অন্যথা বেপৰোৱা ঠিকাদাৰৰ ওপৰত গোচৰ ৰুজু কৰি ব্লেক লিষ্টেড কৰাওক। ভুক্তভোগী ৰাইজ ৰাজপথলৈ ওলাই অহাৰ গত্যন্তৰ নাথাকিব বুলি অন্তিম সকীয়নী প্ৰদান কৰিছে।

বিধায়ক নৱ দলেৰ ঘনিষ্ঠ হৈ লোকনিৰ্মাণ বিভাগত মহেন্দ্ৰ গুৰুঙৰ দৌৰাত্ম্য...
অবিনাশৰ অসহায় পিতৃ-মাতৃক মুখ্যমন্ত্ৰীয়ে দিলে বুজনিঃ 'তহঁত ঘৰলৈ গৈ জিৰণী ল...'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in