ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নিযুক্তি

ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নিযুক্তি

Published on

ডিজিটেল সংবাদ,ঢকুৱাখনা : অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সংখ্যালঘু বিভাগৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে ৰাজীৱ খানক । ঢকুৱাখনা ব্লক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা খানক এই গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল পদত নিযুক্তি দিছে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানে ।

নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ তথা ৰাজ্য সভাৰ সাংসদ ইমৰান প্ৰতাপ গ্ৰাহীৰ অনুমোদন ক্ৰমে প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগে শনিবাৰে এই নিযুক্তি প্ৰদান কৰে। খানক এই ৰাজ্যিক সমিতিৰ এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াত ঢকুৱাখনা কংগ্ৰেছ কৰ্মীসকল উৎসাহী হোৱা পৰিলক্ষিত হৈছে ।

ৰাজীৱ খানক ৰাজ্যিক সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক নিযুক্তি
নগাঁৱত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত চিন্তন বৈঠক
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in