ঢকুৱাখনাৰ বিশিষ্ট শিক্ষাবিদ সৰ্বেশ্বৰ সূত বৰুৱাৰ বিয়োগত শোক...

ঢকুৱাখনাৰ বিশিষ্ট অৱসৰী শিক্ষক সৰ্বেশ্বৰ সূত বৰুৱাৰ বিয়োগত শোক...
ঢকুৱাখনাৰ বিশিষ্ট অৱসৰী শিক্ষক সৰ্বেশ্বৰ সূত বৰুৱাৰ বিয়োগত শোক...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ ব্লক তিনিআলি নিবাসী প্ৰবীণ শিক্ষাবিদ, জ্যেষ্ঠ নাগৰিক সৰ্বেশ্বৰ সূত বৰুৱাই শুকুৰবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিন ধৰি বাৰ্ধক্য জনিত কাৰণত হোৱা ৰোগৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ পাছত সামান্য উপশম পোৱাত ঢকুৱাখনাৰ স্ব-গৃহলৈ অনা হৈছিল।

এনে সময়তে শুকুৰবাৰে সূত বৰুৱাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট শিক্ষক বৰুৱাৰ মৃত্যু ঘটে। ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৭১ চনত সহকাৰী শিক্ষক হিচাবে যোগদান কৰি ১৯৯৬ চনৰ মে' মাহত অৱসৰ গ্ৰহণ কৰা প্ৰবীণ শিক্ষাব্ৰতী ,ধৰ্মপ্ৰাণ বৰুৱাই গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাবে শিক্ষকতা জীৱনৰ পাতনি মেলে।

ইয়াৰ পাছতে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে যোগদান কৰে। এইখন বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণৰ পৰৱৰ্তী সময়ত ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠাপক প্রধানাচাৰ্য হিচাবে বৰেণ্য  শৈক্ষিক আৰু সামাজিক সেৱা আগবঢ়াই গৈছে।

এগৰাকী মার্জিত আৰু সমাজ সচেতক ব্যক্তিত্বৰ অধিকাৰী বৰুৱাই ২০১৬ চনত "ঢকুৱাখনাৰ বৰেণ্য" শীৰ্ষক হেৰুৱা মানৱ মুকুতাসকলৰ জীৱনী সমৃদ্ধ এখন মনোজ্ঞ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। তাৰোপৰি ''জীৱন আৰু সৃষ্টি - সৰ্বেশ্বৰ সূত বৰুৱা " শীর্ষক এখন গ্ৰন্থও প্ৰকাশ কৰি নিজৰ সৃষ্টিৰাজীৰে সৰ্বজন সমাদৃত হৈছিল ।

প্ৰায় ৯০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰা বৰুৱাই মৃত্যুৰ সময়ত পত্নী,দুই পুত্ৰসহ অজস্ৰ গুণমুগ্ধ আৰু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি গৈছে। ধৰ্মপ্ৰাণ ব্যক্তি বৰুৱাৰ বিয়োগৰ খবৰে ঢকুৱাখনাত শোকৰ ছাঁ পেলাইছে ।

একালৰ শিক্ষাগুৰুগৰাকীৰ বিয়োগত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাজ, অধ্যক্ষ কল্পনা গগৈ, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, ঢকুৱাখনা জ্যেষ্ঠ নাগৰিক সন্মিলন,মেগামিক্স প্ৰকৃতি সংঘ আদি বিভিন্ন ব্যক্তি,সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তিকামনা কৰিছে ।

ঢকুৱাখনাৰ বিশিষ্ট অৱসৰী শিক্ষক সৰ্বেশ্বৰ সূত বৰুৱাৰ বিয়োগত শোক...
প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠক আৰু জুবি শইকীয়ালৈ যুৱ সাংবাদিক সন্থা,অসমৰ বিশেষ বঁটা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in