আৰ জি কৰ কাণ্ড : গোগামুখত বীৰ লাচিত সেনাৰ মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন

আৰ জি কৰ কাণ্ড : গোগামুখত বীৰ লাচিত সেনাৰ মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা : মানৱ সেৱাৰ সতে জড়িত চিকিৎসক তথা কলকাতাৰ আৰ জি কৰ হাস্পতালৰ বৰ্বৰ জঘন্য কাণ্ডৰ প্ৰকৃত অভিযুক্তক চিনাক্ত কৰি চৰম শাস্তি প্ৰদানৰ দাবীত বুধবাৰে এখন প্ৰাৰ্থনা সভা আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় গোগামুখত। বীৰ লাচিত সেনা অসমৰ গেৰুকামুখ আঞ্চলিক সমিতিৰ উদ্যোগত বুধবাৰে প্ৰয়াত চিকিৎসকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনাৰে মৌন প্ৰাৰ্থনা কাৰ্যসূচী গ্ৰহণ কৰা হয়।

আঞ্চলিক সমিতিৰ উপদেষ্টা গগন বৰুৱা, দেৱজিৎ গগৈ, বাবা গগৈ, বাবা কুটুম, সভাপতি জিতু ফুকন, সম্পাদক অজিত বৰা, সাংগঠনিক মুখ্য সচিব দীপক শইকীয়া, প্ৰশাসনিক মুখ্য সচিব টুটু হাজৰিকা, সহকাৰী প্ৰশাসনিক সচিব ৰুবুল শইকীয়া, শিক্ষা সচিব মহানন্দ চিন্তে , যুটীয়া সচিব মনোজ বৰা, কাৰ্য্যালয় সচিব জিতেন নেওগৰ লগতে আঞ্চলিক সমিতিৰ সমূহ কৰ্মকতা আৰু ৰাইজৰ উপস্থিতিত গেৰুকামুখ থানাৰ সমীপৰ পাচনিকেম্প তিনিআলিত উক্ত স্মৰণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

লাচিত সেনাৰ কৰ্মকতাসকলে চিকিৎসকগৰাকীৰ বিদেহ আত্মাৰ স্বৰ্গসুখ প্ৰাপ্তিৰ কামনাৰে প্ৰথমে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে । ইয়াৰ পাছতে প্ৰয়াত চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিত পুষ্প মাল্য অৰ্পণ কৰে। লগতে বন্তি প্ৰজ্বলন কৰি শোক সভা অনুষ্ঠিত কৰে ।

বীৰ লাচিত সেনাৰ গেৰুকামুখ আঞ্চলিক সমিতিৰ গৰিষ্ঠ সংখ্যক কৰ্মকর্তাই হাতে হাতে মম ,শলিতা লৈ এনে পাশবিক জঘন্য কাণ্ড সংঘটিত কৰা নৰ পিশাচবোৰক চিনাক্ত কৰি চূড়ান্ত আইনগত কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে। আঞ্চলিক সমিতিয়ে কয়- এনে পৈশাচিক কাণ্ড সংঘটিত কৰা দানববোৰক এনে শাস্তি প্ৰদান কৰক যাৰ বাবে ভৱিষ্যতে যাতে কোনোৱে এনে নাৰকীয় কাণ্ড সংঘটিত কৰিবলৈ সাহস নকৰে ।

এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত গেৰুকামুখৰ বহু সংখ্যক নাগৰিকেও স্বতঃস্ফুটভাৱে অংশগ্ৰহণ কৰে।

আৰ জি কৰ কাণ্ড : গোগামুখত বীৰ লাচিত সেনাৰ মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন
বহৰিত শনি মন্দিৰৰ শুভ উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in