ইংগিত ঘিলামৰাৰ গ্ৰাম্য নাট কৰ্মশালা : ‘কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’ শ্ৰেষ্ঠ নাটক

ইংগিত ঘিলামৰাৰ গ্ৰাম্য নাট কৰ্মশালা : ‘কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’ শ্ৰেষ্ঠ নাটক
Published on
Updated on

ডিজিটেল সংবাদ,ঘিলামৰাঃ ইংগিত ঘিলামৰাৰ উদ্যোগত ঘিলামৰা কৃষ্টি ভৱনত শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা গ্ৰাম্য একাংক নাট প্ৰতিযোগিতাত ড্ৰেমেটিক ফ্ল’ৰিচ নাট্যদলৰ ‘কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’ নাটকখনে শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰে। ঘিলামৰা অঞ্চলৰ ৯টা নাট্যদলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত দ্বিতীয় শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰে টেঙাআম মাজগাঁৱৰ মিলিজুলি নাট্যদলৰ ‘ধন্যবাদ’ নাটকে।

তৃতীয় শ্ৰেষ্ঠ নাটকৰ সন্মান লাভ কৰে পাঞ্চজন্য শিল্পী সমাজৰ ‘আকাশে কি বাদ্য বাজত বাজত’ নাটকে। শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ‘কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’ নাটকৰ ৰুবুল চাংমায়ে।

দ্বিতীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ‘ধন্যবাদ’ নাটকৰ বিশ্বজিৎ কোঁচে আৰু তৃতীয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ‘আকাশেৱ কি বাদ্য বাজত বাজত’ নাটকৰ ৰন্টু দত্তই। শ্ৰেষ্ঠ অভিনেতা নিশান্ত গগৈ ( কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’)।

একেদৰে দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা কল্যাণ গগৈ ( আকাশে কি বাদ্য বাজত বাজত’) , চয়নিকা বুঢ়্গোঁহায়ে শ্ৰেষ্ঠ অভিনেত্ৰী ( কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’) আৰু জুৰি হাজৰিকাই দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী ( মন কী বাত)।

শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে পাঞ্চজন্য শিল্পী সমাজে। শ্ৰেষ্ঠ পোহৰৰ বঁটা লাভ কৰে ড্ৰেমেটিক ফ্ল’ৰিচ নাট্যদলে।

শ্ৰেষ্ঠ ৰূপসজ্জাৰ বঁটা লাভ কৰে প্ৰগতি নাট্যদলে, শ্ৰেষ্ঠ নাট্যকাৰৰ ধ্ৰুৱজ্যোতি নাথ (এখন ৰামধেনুৰ অপেক্ষাত), বিশাল চাংমাই শ্ৰেষ্ঠ কৌতুক অভিনেতা, দেৱাশীষ বৰগোহাঁয়ে শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা লাভ কৰে। আনহাতে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ‘ৰাজকাৰেঙৰ সাধু’ নাটকৰ ৰিম্পী শইকীয়া আৰু ‘ঢোল’ নাটকৰ নবীন চাংমায়ে। স্থান লাভ কৰা সকলক নগদ ধন, প্ৰশংসা পত্ৰ আৰু চলন্ত ট্ৰফীৰে পুৰস্কৃত কৰা হয়।

ইংগিত ঘিলামৰাৰ গ্ৰাম্য নাট কৰ্মশালা : ‘কৈলাসত গুমগুমনি কাঠগড়াত পাৰ্বতী ’ শ্ৰেষ্ঠ নাটক
দৰং জিলা সাহিত্য সভাৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in