লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি...

পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান
লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি...
লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলাৰ সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয়ৰ সময়সূচী পুনৰনিৰ্ধাৰণ কৰা হৈছে। প্ৰচণ্ড গৰমৰ বাবে লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ সকলো বিদ্যালয়ৰ পাঠদান পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশ দিছে ।

লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে পূৰ্বৰ শনিবাৰে আই এছ /এল ডি চি/ চামাৰ ভেকেচন/০১/২০২৪-২৭২৫-৩০ নম্বৰৰ এক নিৰ্দেশনা যোগে অহা ২৩ ছেপ্টেম্বৰৰ পৰা জিলাখনৰ প্ৰাথমিক বিদ্যালয়সমূহৰ পাঠদান পুৱা ৮ বজাৰ পৰা ১২-৩০ বজালৈ, মধ্য ইংৰাজী, উচ্চ প্ৰাথমিক বিদ্যালয়, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহ পুৱা ৮ বজাৰ পৰা বিয়লি ১ বজালৈ খোলা ৰাখি পাঠদান কৰাৰ নিৰ্দেশনা জাৰি কৰিছে।

বতৰৰ প্ৰতিকুলতাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো শিক্ষানুষ্ঠানতে ২৩ছেপ্টেম্বৰৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী কৰাৰ জাননী জাৰি কৰা হৈছে ।

লখিমপুৰ জিলাৰ বিদ্যালয়ৰ সময়সূচী সলনি...
কোকৰাঝাৰত আন্ত:ৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপনঃ ৰাজ্যপালৰ অংশগ্ৰহণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in