ডিজিটেল সংবাদ,ঢকুৱাখনা: এচাম উদণ্ড ব্যক্তিৰ আচৰণত পুনৰ অশান্ত হৈ পৰিছে ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাৰ ভিতৰত অজনজাতীয় বসতি প্ৰধান গাঁও অন্তৰ্ভুক্ত নকৰাৰ বাবে প্ৰশাসনক আহ্বান জনোৱাৰ বাবেই এগৰাকী মহিলা নেত্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান আজি জ্বলাই দিয়াৰ মুকলি ভাবুকি দিছে জনগোষ্ঠীটোৰ দুটা উদণ্ড যুৱকে।
সোণাৰি চাপৰি গাঁৱত উদণ্ড আচৰণ কৰি অশান্তিৰ বীজ ৰোপণ কৰা যুৱকজন ভৈৰব দলেৰ পুত্ৰ ৰমেন দলে লগত এজন সতীৰ্থ নবীন দলে। দুই যুৱকে সোণাৰি চাপৰি সদৰৰ চাৰিকড়ীয়া সূতা ভঁৰাল নামৰ ব্যৱসায় প্ৰতিষ্ঠানত বুধবাৰে বিয়লি প্ৰায় ৬-৩০ বজাত উপস্থিত হয়। ৰমেন দলেয়ে মহিলা নেত্ৰী অনু দিহিঙীয়াক সোণাৰি চাপৰিত এঘৰো মিছিং মানুহ নাই বুলি কিয় লিখিত অভিযোগ দিছে বুলি কৈ এইটো মানি লোৱা নহব বুলি কয়।
উত্তেজিত ৰমেন দলেয়ে দিহিঙীয়াৰ দোকান জ্বলাই দিয়া আৰু প্ৰাণে মাৰিম বুলি ভাবুকি দি জেললৈ যাব লগা হলেও যাম বুলি কৈ গালি গালাজ কৰে। এই সন্দৰ্ভত স্বত্বাধিকাৰী অনু দিহিঙীয়াই ঢকুৱাখনা মহকুমা প্ৰশাসনে গঠন কৰি দিয়া সমন্বয় সমিতিৰ সদস্য অনন্ত পেগু আৰু ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈক ঘটনাটো অৱগত কৰে। তাৎপৰ্যপূৰ্ণ ভাবে সমন্বয় সমিতিৰ সদস্য অনন্ত পেগুৱে এই কাণ্ডৰ সৈতে তেওঁলোক দায়বদ্ধ নহয় বুলি স্পষ্টকৈ জনায়। লগতে ব্যক্তিগত ভাবে গোচৰ দিয়াৰ আহ্বান জনায়।
ফলত দিহিঙীয়াৰ প্ৰাণৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰতি চূড়ান্ত ভাবুকি নমাই অনা এই অশান্তি সৃষ্টিকাৰী ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী মহিলা নেত্ৰী দিহিঙীয়াই গোচৰ তৰাৰ ব্যৱস্থা কৰিছে। সোণাৰি চাপৰি মহিলা সমিতিৰো বিষয়ববীয়া ৰূপে চিৰ পৰিচিত আৰু অনামিচিং সুৰক্ষা দাবী সমিতিৰ সম্পাদক দিহিঙীয়াক লক্ষ্য কৰি এচাম উদণ্ড ব্যক্তিয়ে প্ৰদান কৰা ভয় ভাবুকিৰ পাছতো আৰক্ষীয়ে অভিযুক্তক অদ্যপি আটক কৰা নাই।
এই ক্ষেত্ৰত ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত গঠন কৰা সমন্বয় সমিতিৰ গেৰুৱা দলৰ সমৰ্থক এজন মুষ্টিমেয় স্বাৰ্থপৰ সদস্যৰ দুমুখিয়া স্থিতিয়েও বিশেষ তাৎপৰ্য বহন কৰিছে। সদস্যজনৰ নিজা গাঁৱৰ পৰা আহি মুকলি ভাবেই ৰাজহুৱা সন্ত্ৰাসৰ বীজ বিয়পাই দিয়া দুই অপশক্তিৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে নিজাববীয়া গোচৰ কিয় লোৱা নাই তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে।
এক বিশেষ ৰাজনৈতিক দলৰ চত্ৰছায়াত আশ্ৰিত এনেবোৰ উদণ্ড যুৱকৰ বাবেই সমগ্ৰ শান্ত সমাহিত সোনাৰী চাপৰিত চেঁপা উত্তেজনাই বিৰাজ কৰিছে। ভয় ভাবুকিৰে জনজীৱন ত্ৰস্তমান কৰি তুলিছে। অথচ ভিজা মেকুৰীৰ ভাও দি আহিছে ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে। সমন্বয় সমিতি গঠন কৰিয়েই স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত দায়িত্ব সামৰিছে এনেবোৰ দায়িত্বশীল পক্ষই।
ৰাতি নিৰাপত্তা বাহিনী মোটায়েন কৰা হৈছে সোণাৰি চাপৰি সদৰত। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এই সন্দৰ্ভত এচাম অবিবেচকী ব্যক্তিয়ে সোণাৰি চাপৰি সদৰত দোকান বন্ধ কৰিবলৈ ফটোৱা জাৰি কৰি উত্তেজনাময় পৰিস্থিতি উদ্ভব কৰিছিল। এই সন্দৰ্ভত " অসমীয়া প্ৰতিদিন ডিজিটেল" ত বাতৰি প্ৰকাশৰ পাছ দিনাই সমন্বয় সমিতি গঠন কৰি দায়িত্ব সামৰিছিল মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে।
Also Read: মনহা কছাৰীগাঁৱত বাইকৰ খুন্দাত নিহত এজন কলেজীয়া ছাত্ৰ