ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বিদ্যাৰ মন্দিৰ শিক্ষানুষ্ঠানৰ মুখ্য প্ৰৱেশ তোৰণক বিদ্যালয়খনৰ বাটচৰা হিচাবে গণ্য কৰা হয়। ১৯৬৮ চনতে সোণাৰী চাপৰিবাসীৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত প্ৰাণ প্ৰতিষ্ঠা হৈছিল সোণাৰী চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ। অঞ্চলটোৰ মধ্যস্থলত প্ৰতিষ্ঠা হোৱা এইখন সুনাম অর্জনকাৰী শিক্ষানুষ্ঠান সুদীৰ্ঘ পৰিক্ৰমাত এখন মুখ্য প্ৰৱেশ তোৰণৰ অভাৱত ভুগি আহিছিল। শুকুৰবাৰে এই অভাৱৰ স্থায়ী অৱসান ঘটিল।
সোনাৰী চাপৰিৰ এগৰাকী শুভানুধ্যায়ী সমাজহিতৈষী ব্যক্তিৰ বদান্যতাত এখন সুদৃশ্যমান স্থায়ী মুখ্য প্ৰৱেশ তোৰণ লাভ কৰিবলৈ সক্ষম হ'ল বিদ্যালয়ৰ পৰিয়াল। বিদ্যালয়খনৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাপক প্ৰয়াত বিপিন শইকীয়া আৰু বুলেন খনিকৰৰ সশ্ৰদ্ধ স্মৃতিত শিক্ষাব্ৰতী লোকেন শইকীয়াই আগবঢ়োৱা অৰ্থানুদানেৰে বিদ্যামন্দিৰখনৰ প্ৰৱেশ তোৰণখন নিৰ্মাণ কৰা হয় । শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে মঙ্গল ধ্বনিৰ মাজত এই নৱ নিৰ্মিত তোৰণৰ শুভ উন্মোচন কৰা হয় আৰু বিদ্যালয় পৰিয়ালৰ নামত উৎসৰ্গা কৰা হয়।
এই সন্দৰ্ভত অনুষ্ঠিত উন্মোচনী সভাৰ আঁত ধৰে লীনা বুঢ়া গোঁহাইযে। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীনা মাই চুতীয়া, বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ উপস্থিত থকা উন্মোচনী সভাৰ পূৰ্বে তোৰণৰ দাতা পৰিয়াল পৰিজনক গায়ন বায়নেৰে আদৰি অনা হয়। পাছত বিদ্যালয়খনৰ অৱসৰ প্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক ৰাজেন টাকোৱে বিদ্যালয় পৰিয়ালৰ সহযোগত আয়তীৰ উৰুলি মংগল ধ্বনিৰ মাজত তোৰণৰ ফিটা কাটি উন্মোচন কৰি উৎসৰ্গিত ব্যক্তিসকলৰ জীৱন চৰ্যা সন্দৰ্ভত অবলোকন কৰে। প্ৰয়াত সমাজহিতৈষী বিপিন শইকীয়াৰ জ্যেষ্ঠ কন্যা নীলিমা শইকীয়া, পুত্ৰ শিৱেন শইকীয়া, দিগন্ত শইকীয়া, বসন্ত শইকীয়া, পৰাগ প্ৰতিম শইকীয়া, কন্যা দুলু শইকীয়া, জ্ঞানদীপ শইকীয়া আদিৰ উপৰি প্ৰয়াত বলেন খনিকৰৰ আত্মীয় স্বজন এই উন্মোচনী কাৰ্যসূচীত উপস্থিত থকা সভাত বহু কেইগৰাকী শিক্ষাব্ৰতীয়ে চমু বক্তব্য আগবঢ়ায়। এই উপলক্ষে বিদ্যালয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।
Also Read: মাছখোৱাত ভাৰতীয় ডাক সেৱা বিভাগৰ বিশেষ সভা