ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাই মহকুমাৰ পৰা সমজিলালৈ প্ৰশাসনিক উত্তৰণৰ এই বৰ্ণিল যাত্ৰা আৰু নব্য স্বীকৃতিকলৈ সমজিলাবাসী উৎসাহী হৈ থকাৰ সময়তে এক দুঃসংবাদ নামি আহিছে বৃহত্তৰ অঞ্চলটিলৈ । ঢকুৱাখনাক সমজিলালৈ উন্নীতকৰণৰ এই যাত্ৰাৰ অন্যতম প্ৰশাসনিক অংশীদাৰ ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰ।
বিগত অৰ্ধ শতিকাজুৰি ঢকুৱাখনা সমজিলাৰ ভিতৰত পুৰণি এই ৰাজহ চক্ৰৰ কাৰ্য্যালয়টোৱে ঘিলামৰাবাসীৰ ভূমি ৰাজহ , প্ৰশাসনিক আৰু অন্যান্য বিধিগত পৰিপূৰক সেৱা প্ৰদান কৰি আহিছিল । পূৰ্বৰ মহকুমা আৰু বৰ্তমানৰ সমজিলাৰ মুখ্য কাৰ্যালয়লৈ গাঁঠিৰ ধন ভাঙি তাঁত বাতি নকৰাকৈ এই বিভাগটোৰ জৰিয়তে সকলো প্ৰশাসনীয় চৰকাৰী সেৱা সহজলভ্য হৈ অহা ঘিলামৰাবাসী এই সেৱাৰ পৰা বঞ্চিত হোৱাৰ পথ প্ৰশস্ত হ'ল।
ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ১৮অক্টোবৰত আৰ এল আৰ -৩৭৭৮৫৫ -৩২২ নম্বৰৰ এক নিৰ্দেশনাযোগে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়টো অচিৰেই বিলুপ্তি কৰাৰ পথ প্ৰশস্ত কৰিলে । পৰিণতিত অস্তিত্ব নাথাকিব এই প্ৰায় অৰ্ধ শতিকা অতিক্ৰমা তথা ঘিলামৰাৰ প্ৰশাসনিক স্মৃতি বিজড়িত এই চৰকাৰী বিভাগটোৰ।
শীঘ্ৰেই এই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়টো চৰকাৰীভাৱে বিলুপ্তি ঘটাই বিভাগটোত নিয়োজিত বিষয়া কৰ্মচাৰীসকলক সমজিলাখনৰ একে অথবা অন্য বিভাগত নিযুক্তি দিয়া হ'ব । এই চৰকাৰী নিৰ্দেশনা ৰাজহুৱা হোৱাৰ পাছতে ঘিলামৰাত তীব্ৰ প্ৰতিবাদ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটিছে ।
এই চৰকাৰী হঠকাৰী পদক্ষেপৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ঘিলামৰাৰ ৰাইজ ,দল তথা সংগঠন । এটা এটাকৈ ঘিলামৰা সদৰত স্থাপিত সকলো চৰকাৰী কাৰ্য্যালয় ,বিভাগ স্থানান্তৰ কৰি ঘিলামৰাক লাওলোৱা কৰিব বিচৰা চৰকাৰী অবিবেচকী পদক্ষেপৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে ৰাইজ , দল-সংগঠন ।
বুধবাৰে এই স্পৰ্শকাতৰ নিৰ্দেশনা বাহিৰ হোৱাত ঘিলামৰা উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকা, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্ঞানদীপ বৰা , সম্পাদক মাধৱ শইকীয়া, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক অচ্যুত বৰগোঁহাই ,ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি ভবেশ বৰুৱা, যুটীয়া সম্পাদক বিৰাজ বৰগোঁহাই ,জ্যোতিময় গগৈ , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতিৰ সভাপতি তপন হাজৰিকা ,সম্পাদক অনুপম দত্ত , ঘিলামৰা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি সুভাষ দিহিঙীয়া , যুৱ কংগ্ৰেছ সমিতিৰ সভাপতি দেৱজিৎ হাজৰিকাকে প্ৰমুখ্য কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্বই প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি এয়া ৰাজ্য চৰকাৰৰ এক অবিবেচকী, ঘিলামৰাৰ প্ৰশাসনিক ইতিহাস বিনষ্টকাৰী আৰু ঘিলামৰাবাসীৰ প্ৰতি চূড়ান্ত প্ৰতাৰণামূলক সিদ্ধান্ত হিচাপে অভিহিত কৰে ।
যিকোনো প্ৰক্ৰিয়া আৰু ত্যাগৰ বিনিময়ত হ'লেও এই প্ৰশাসনীয় বিভাগটোৰ বিলুপ্তিকৰণ বন্ধ কৰিবলৈ ৰাইজ ,দল -সংগঠন সস্তম বুলি সংগঠনৰ নেতৃবৰ্গই একেমুখে জানিবলৈ দিয়ে। লগতে প্ৰয়োজনৰ স্বাৰ্থত ধাৰাবাহিক গণতান্ত্ৰিক গণ সংগ্ৰামৰ পাতনি মেলাৰো সকীয়নী দিয়ে আটাছুৰ কেন্দ্ৰীয় নেতা অচ্যুত বৰগোঁহাই , মহকুমা আছুৰ নেতা জ্ঞানদীপ বৰা, মাধৱ শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ নেতা নিতুল হাজৰিকা আদিয়ে ।
ইপিনে ঘিলামৰা উন্নয়ন সমিতিয়ে এই বিষয়টো ৰাজনৈতিকভাৱে সমাধান কৰি ঘিলামৰাবাসীক চৰকাৰী সেৱা সহজলভ্য কৰাত বৰেণ্য অৱদান আগবঢ়াই অহা সোৱণশিৰী চক্ৰটোৰ বিলুপ্তিৰ নিৰ্দেশনা তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবী জনাইছে । এইক্ষেত্ৰত বিধায়ক নৱ দলেৰ সক্ৰিয়তা দাবী কৰিছে ।
সমগ্ৰ ঘিলামৰাবাসীৰ প্ৰতি চৰম প্ৰশাসনিক আঘাট স্বৰূপ এই কাৰ্য্যালয় বিলুপ্তিকৰণ নিৰ্দেশনাৰ বিৰুদ্ধে এই বিতৰ্কিত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই ঐক্যবদ্ধ গণতান্ত্ৰিক গণ সংগ্ৰামৰ সূচনা কৰিবলৈ শীঘ্ৰে ৰাজহুৱা সভা আহ্বান কৰাৰ বাবে সংগঠনসমূহে কুচকাৱাজ চলোৱা বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে ৰাজ্যখনৰ ২৭ খন জিলাৰ ৩৬ টা ৰাজহ চক্ৰৰ লগতে ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত কদম ৰাজহ চক্ৰটো এই বিলুপ্তিকৰণৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ।
Also Read: মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ