উদ্ধাৰ হ'ল মাজুলীৰ ব্ৰহ্মপুত্ৰ দলংৰ হৰলুকী চিমেণ্ট...

গোগামুখ আৰক্ষীৰ সফল অভিযান
উদ্ধাৰ হ'ল মাজুলীৰ ব্ৰহ্মপুত্ৰ দলংৰ হৰলুকী চিমেণ্ট...
উদ্ধাৰ হ'ল মাজুলীৰ ব্ৰহ্মপুত্ৰ দলংৰ হৰলুকী চিমেণ্ট...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: অৱশেষত মাজুলীৰ ব্ৰহ্মপুত্ৰ দলং নিৰ্মাণৰ বাবে সৰবৰাহ কৰা অৱস্থাত হৰলুকী হোৱা ৫৫০ বেগ চিমেণ্ট উদ্ধাৰ হ'ল। ধেমাজি জিলাৰ গোগামুখ আৰক্ষীৰ দুদিনীয়া সফল অভিযানৰ অন্তত শনিবাৰে ৫৫০ বেগ ৰেনক' চিমেণ্টসহ দুজন চোৰাং ক্ৰেতা আৰক্ষীৰ জালত বন্দী হৈছে।

গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলেৰ নেতৃত্বত দুদিন ধৰি চলোৱা অভিযান কালত বৰদৈ বালিগাঁওৰ দিলীপ পাতিৰ (৩৫) আৰু নাহৰবাৰী গাঁৱৰ লক্ষী মেদক(৩৬)ক গ্ৰেপ্তাৰ কৰি দুয়োজন চোৰাং বেপাৰীৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা গোপনে মজুত কৰি ৰখা অৱস্থাত উক্ত চিমেণ্টখিনি উদ্ধাৰ কৰি জব্দ কৰে।

গোগামুখ আৰক্ষীয়ে এই সন্দৰ্ভত গোগামুখ থানাত ভাৰতীয় ন্যায় সংহিতা আইনৰ  ৩১৮ (৪)/ ৩০৩(২) ধাৰাত এক গোচৰ (নং-৫৫  /২০২৪) পঞ্জীয়ন কৰি দুয়োটা চুৰি চিমেণ্ট ক্ৰেতাক ধেমাজি ন্যায়িক আদালতত হাজিৰ কৰাই দুদিনৰ বাবে পুনৰ আৰক্ষীৰ জিম্মাত লৈছে। লগতে জব্দকৃত ট্ৰাকসহ চিমেণ্টখিনি আৰক্ষীৰ জিম্মাত ৰাখিছে ।

উল্লেখযোগ্য যে যোৱা ৩০  জুলাইত BR 44 GA 0485 নম্বৰৰ ১২ চকাৰ দলং নিৰ্মাণ কোম্পানী "বি আৰ চি"ৰ নিজা এখন মালবাহী ট্রাকে ডিব্ৰুগড়ৰ "চিমেণ্ট হাউছ"ৰ চিলাপথাৰস্থিত ৰে'কৰ পৰা  উক্ত চিমেণ্ট লোড কৰি মাজুলী দিশে ৰাওনা হৈছিল। মাজুলীলৈ যাত্ৰা পথৰ গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ বৰদৈ বালি অংশত ট্ৰাকচালকজনে চোৰাং ভাবে দিন দুপৰতে উক্ত বৃহৎ পৰিমাণৰ ৰেনক' ব্ৰেণ্ডৰ চিমেণ্টখিনি বিক্ৰী কৰি উক্ত পথত অৱস্থিত "নায়েৰা পেট্ৰল পাম্প"ৰ সন্মুখত ট্ৰাকখন ৰাখি পলায়ন কৰিছিল।

পৰৱৰ্তী সময়ত মাজুলীৰ দলং নিৰ্মাণ সংস্থা বি আৰ চি কৰ্তৃপক্ষই আৰক্ষীক গোচৰ দিয়াত গোগামুখ আৰক্ষীয়ে ক্ষীপ্ৰতৰ অভিযান চলাই এই সফলতা অৰ্জন কৰে। আৰক্ষীৰ জালত দুই চোৰাং চিমেণ্ট ক্ৰেতা পৰিল যদিও অদ্যপি সন্ধান নাই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি উধাও হোৱা বিহাৰৰ চুনো পাচুৱান নামৰ ট্ৰাকচালকটোৰ। অৱশ্যে আৰক্ষীৰ অভিযান অব্যাহত আছে। গোগামুখ থানাৰ অ'চি প্ৰণৱ দলেৰ তৎপৰতাৰ বিভিন্নজনে শলাগ লৈছে।

উদ্ধাৰ হ'ল মাজুলীৰ ব্ৰহ্মপুত্ৰ দলংৰ হৰলুকী চিমেণ্ট...
আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ পথতে ট্ৰাকৰ খুন্দাত একে পৰিয়ালৰ ৫ সদস্য নিহত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in