বিহপুৰীয়াত গ্ৰীষ্মকালীন ক্রিকেট প্ৰশিক্ষণ শিবিৰ...

বিহপুৰীয়াত গ্ৰীষ্মকালীন ক্রিকেট প্ৰশিক্ষণ শিবিৰ...

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত গ্ৰীষ্মকালীন ক্রিকেট প্ৰশিক্ষণ  শিবিৰ...

ডিজিটেল সংবাদ, বিহপুৰীয়া : অসম ক্রিকেট একাডেমীৰ পঞ্জীয়নভূক্ত বিহপুৰীয়া ক্রিকেট একাডেমীৰ উদ্যোগত ১৫ জুলাইৰ পৰা ২৫ জুলাইলৈকে ল'ৰা আৰু ছোৱালী উভয় শাখাত এক গ্ৰীষ্মকালীন ক্রিকেট প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে শুভাৰম্ভ কৰা হয় । এই উদ্দেশ্যে আজি কাৱৈমাৰী গ্ৰাম্য খেলপথাৰত বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ সভাপতি ডা° বিপুল কুমাৰ নেওগৰ সভাপতিত্বত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিৱিৰৰ শুভাৰম্ভ উপলক্ষে এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

সভাত বন্তি প্ৰজ্বলনেৰে প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক কেশৰাম বৰাই৷ বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ সম্পাদক গুণগুবিন্দ সোনোৱালে আতঁ ধৰা সভা খনত শিবিৰৰ মুখ্য প্ৰশিক্ষক তথা অসম ৰাজ্যিক ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ, সুদক্ষ প্ৰশিক্ষক জাভেদ আখতাৰ খানে প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই।

সভাত বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীকান্ত হাজৰিকা,সাংবাদিক জগত বৰা আৰু বুলটন গগৈৰ লগতে কেইবাগৰাকীও অভিভাৱকে বিহপুৰীয়া ক্ৰিকেট একাডেমিৰ প্ৰয়াসৰ প্ৰশংসা কৰাৰ লগতে এই প্ৰশিক্ষণ শিৱিৰৰ জড়িয়তে বিহপুৰীয়া অঞ্চলৰ ক্ৰীড়া প্ৰতিভা সমুহে সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ ক্ৰিকেট একাডেমীৰ প্ৰশিক্ষক অভিজিৎ গোস্বামীয়ে প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জনাই বক্তব্য আগবঢ়াই ৷ উদ্বোধনী অনুষ্ঠানত একাডেমীৰ উপসভাপতি পিজুচ বৰুৱা, প্ৰশিক্ষক ক্ৰমে হিৰণ্য হাজৰিকা,নয়নজ্যোতি বৰুৱা,আদিত্য বৰা,মানসজ্যোতি ভূঞা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্সাৰ ইয়ামিন আলি উপস্থিত থাকে ৷

bihpuria all assam cricket academy cricket camp