এইবাৰ সুনীল গগৈৰ ৪ আত্মীয়ক মনোবৈজ্ঞানীক বিশেষজ্ঞৰ সাক্ষ্য পৰীক্ষণ...

জাহাঙ্গীৰ হত্যাকাণ্ডৰ তদন্তৰ চি আই ডিয়ে চপাইছে জাল
এইবাৰ সুনীল গগৈৰ ৪ আত্মীয়ক মনোবৈজ্ঞানীক বিশেষজ্ঞৰ সাক্ষ্য পৰীক্ষণ...
এইবাৰ সুনীল গগৈৰ ৪ আত্মীয়ক মনোবৈজ্ঞানীক বিশেষজ্ঞৰ সাক্ষ্য পৰীক্ষণ...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: নিৰ্মমতা, বৰ্বৰতা আৰু নৃশংসতা সকলোকে চেৰ পেলোৱা এক নাৰকীয় হত্যাকাণ্ডৰ তদন্তই কঁপাইছিল সমগ্ৰ অসম। যোৱা ১ জুনৰ নিশা ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত সাপতিয়া চেতিয়া গাঁৱত ৰাজমিস্ত্ৰী জাহাঙ্গীৰ হুছেইনক শিৰচ্ছেদ কৰি, শৰীৰৰ সমস্ত অংশ নিমিষতে জ্বলাই ভস্মীভূত কৰা কৌশলী হত্যাকাণ্ডৰ তদন্তই মূল কক্ষপথত উপনীত হৈছে ।

বিগত প্ৰায় এটা মাহে অব্যাহত অপৰাধ অনুসন্ধান বিভাগৰ প্ৰামানিক সমল উদঘাটন, সংগ্ৰহ, অধ্যয়ন আৰু পৰীক্ষণৰ পাছত বিভাগৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ সূক্ষ্ম বিশ্লেষনৰ অন্তত এক পৰিশুদ্ধ দিশত অগ্ৰগতি লাভ কৰিছে। চি আই ডিৰ শীর্ষ আৰক্ষী বিষয়া ভূঞাই লখিমপুৰত বাহৰ পাতি চলোৱা নিৰন্তৰ অনুসন্ধান আৰু তথ্যগত বিশ্লেষণৰ অন্তত নতুনকৈ দুটামান মনোবৈজ্ঞানীক পৰীক্ষণৰ পোষকতা কৰা পৰিলক্ষিত হৈছে।

শুকুৰবাৰে হায়দৰাবাদৰ ফৰেঞ্চিক বিশেষজ্ঞ কেশৱ কুমাৰ, ৰাষ্ট্ৰীয় ফৰেঞ্চিক বিজ্ঞান বিশ্ববিদ্যালয় (এন এফ এছ ইউ)ৰ বিশেষজ্ঞ ড০ আশা শ্ৰী বাস্তৱসহ ৪ জনীয়া এটা বিশেষজ্ঞৰ দলে ঘটনাস্থলীৰ পৰা নতুন তথ্যৰ নমুনা, ফটো সংগ্ৰহৰ পাছত শনিবাৰে দুগৰাকী মনোবিজ্ঞান বিশেষজ্ঞৰ আগমন ঘটিছে ঢকুৱাখনালৈ। এইসকল মনোবিজ্ঞান বিশেষজ্ঞৰ জৰিয়তে চি আই ডিৰ শীর্ষ বিষয়াই চলোৱা জেৰাৰ সময়ত ব্যক্ত কৰা সাক্ষ্যৰ সত্যনিষ্ঠতা আৰু শুদ্ধতা নিৰ্ণিত হ'ব বুলি জনা গৈছে ।

সেই উদ্দেশ্যেৰে ঢকুৱাখনা আৰক্ষীৰ জৰিয়তে শনিবাৰে পুৱা ৮ বজাত নিখোজ সুনীলৰ পুত্ৰ সৌৰভ গগৈ, সুনীলৰ বৰদেউতাক হেমন্ত গগৈ, ভতিজাক জয়ন্ত গগৈ আৰু সুনীলৰ শালপতিয়েক প্ৰহ্লাদ গগৈক ঢকুৱাখনা থানাত হাজিৰ কৰাইছে অপৰাধ অনুসন্ধান বিভাগে। আৰক্ষী অধীক্ষক ভূঞাৰ সহযোগত লখিমপুৰ সদৰ থানাত এইসকল বিশেষজ্ঞ উপস্থিত হোৱাৰ পাছতে পৃথক পৃথক ভাবে পদ্ধতিগত শৈলীৰে সাক্ষ্য গ্ৰহণ কৰা হয় সকলোৰে।

পৰৱৰ্তী সময়ত সুনীল পত্নী পুষ্পা গগৈৰো এনে পদ্ধতিৰে সাক্ষ্য গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইপিনে তদন্তকাৰী আৰক্ষীৰ দলে হত্যাকাণ্ডৰ স্থান,  হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰৰ ক্ৰয় কেন্দ্ৰ, মৃত্যুৰ পূৰ্বে হত্যাকাৰী আৰু জাহাঙ্গীৰৰ অন্তিম উপস্থিতি সন্দৰ্ভত নিশ্চিত কাৰিকৰী তথ্যৰ গুৰুত্বপূৰ্ণ সম্ভেদ লাভ কৰি এই হত্যাকাণ্ডৰ লগত সুনীল গগৈ সম্পৃক্ত হোৱাৰ দিশটো পৰ্য্যালোচনা কৰি থকা পৰিলক্ষিত হৈছে ।

তাৰেই পম খেদি চি আই ডিৰ দলটোৱে সংগ্ৰহ কৰিছে বহু পতিয়নযোগ্য ক্লু । তাৰোপৰি তদন্তকাৰী আৰক্ষীৰ হাতলৈ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ সন্দৰ্ভতো বহু তথ্য আহি পৰিছে। সংগৃহীত তথ্য মতে এগৰাকী নিৰীহ ৰাজমিস্ত্ৰীৰ বৰ্বৰোচিত হত্যাকাণ্ডৰ কাৰণ, ইমান নৃশংসভাৱে হত্যা কৰাত কোনোবা অপৰাধ প্ৰবন ব্যক্তিয়ে সহযোগিতা কৰা, হত্যাৰ কাৰক হিচাবে অপ্রকাশ্য গোপন পঞ্জীভূত প্ৰতিশোধ নিৰ্হিত আছে নেকি সেয়াও নিৰীক্ষণ কৰি বহু ইতিবাচক সংকেত লাভ কৰিছে চি আই ডিয়ে। এই সকলোবোৰ বিষয় সামৰি চি আই ডিৰ শীর্ষ বিষয়াই চলোৱা তদন্ত আৰু ৪ গৰাকী সুনীলৰ আত্মীয়ৰ সাক্ষ্য পৰীক্ষাৰ অন্তত শনিবাৰে সন্ধিয়া স্বগৃহলৈ যাব দিয়া হয়।

এইবাৰ সুনীল গগৈৰ ৪ আত্মীয়ক মনোবৈজ্ঞানীক বিশেষজ্ঞৰ সাক্ষ্য পৰীক্ষণ...
সাত দিনীয়া কোচ ৰাজবংশীয় নৃত্য-গীত-বাদ্য কৰ্মশালাৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in