ঢকুৱাখনাত টাই ভাষা একাডেমী উদ্বোধন...

বিধায়ক নৱ কুমাৰ দলেয়ে উদ্বোধন কৰিলে এই একাডেমী
ঢকুৱাখনাত টাই ভাষা একাডেমী উদ্বোধন...
ঢকুৱাখনাত টাই ভাষা একাডেমী উদ্বোধন...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰৰ তাই সাংস্কৃতিক গৱেষণা আৰু  বিকাশ কেন্দ্ৰ প্ৰাংগনত  সোমবাৰে উদ্বোধন কৰা হয় এখন শৈক্ষিক প্ৰতিষ্ঠান । টাই আহোম উন্নয়ন পৰিষদৰ ২০২১-২০২২ বিত্তীয় বর্ষৰ আবন্তিত প্ৰায় ৪০ লাখ অৰ্থ সাহায্যৰে নিৰ্মিত এই তাই ভাষা একাডেমীৰ শুভ উদ্বোধন কৰে উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোঁহাইৰ অনুপস্থিতিত বিধায়ক নৱ দলেয়ে।

টাই আহোম উন্নয়ন পৰিষদৰ সদস্য অৰূপ কুমাৰ গগৈ (সঞ্জীৱ)ৰ সহযোগিতাত আৰু টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়া,জ্ঞাতিবৰ্গৰ সক্ৰিয় উপস্থিতিত বিধায়ক দলেক গায়ন বায়নেৰে ৰাজপথৰ পৰা আদৰি আনে বিকাশ কেন্দ্ৰলৈ ।

বিকাশ কেন্দ্ৰৰ সভাপতি জিতেন গগৈ, সম্পাদক অৰুণ চমুৱা, প্ৰণৱ বৰপাত্ৰ, বিশিষ্ট নাগৰিক পূৰ্ণানন্দ গগৈ, ডঃ গিৰিন গগৈ, মঞ্জু গগৈ, সমুজ্জ্বল চেতিয়া, ৰাজীৱ দাস, দেৱজিৎ ফুকন জীৱন চমুৱা আদি গৰিষ্ঠ সংখ্যক জ্ঞাতিৰ উপস্থিতিত গুৰু ঘাটৰ মাজত তাই ভাষা একাডেমীৰ মুখ্য দ্বাৰৰ ফিটা কাটি উদ্বোধন কৰে বিধায়ক দলেয়ে। 

উন্নয়ন পৰিষদৰ প্ৰায় ৪০ লাখ টকা পুঁজিৰে নিৰ্মিত এই ভাষা একাডেমীৰ দ্বাৰ উন্মোচনৰ পাছতে ঢকুৱাখনা পৌৰ সভাৰ প্ৰায় ৪ লাখ অৰ্থ অনুদানেৰে নিৰ্মিত হ'ব লগা  আদৰ্শ শৌচাগাৰৰ আধাৰশিলা স্থাপন কৰে বিধায়ক দলেয়ে।

ঢকুৱাখনাত টাই ভাষা একাডেমী উদ্বোধন...
বাংগালুৰুৰ নামঘৰত উলহ-মালহেৰে “ষষ্ঠ সংখ্যক গুৰু আসন প্ৰতিষ্ঠা দিৱস উদযাপন”

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in