ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰাবাসীৰ আৱেগ স্বাভিমানৰ মূৰ্ত প্ৰতীক নৰ্থ বেংক মহাবিদ্যালয়। ১৯৬১ চনতে প্ৰাণ প্ৰতিষ্ঠা হোৱা এইখন উচ্চ শিক্ষানুষ্ঠানৰ সুনামত কালিমা সানিছে এগৰাকী বিতৰ্কিত অধ্যক্ষই ।
মহাবিদ্যালয়খনত ২০১২ চনতে অধ্যক্ষ হিচাবে যোগদান কৰা ড০ যুগল শইকীয়াৰ ১২ বছৰ জোৰা অত্যাচাৰী শাসনৰ নিৰ্মম পৰিণতি ভূগিছে ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ লগতে শিক্ষক শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলে। মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ পশ্চাদগমনৰ প্ৰধান কাৰক হিচাবে থিয় দিছে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শইকীয়া।
মহাবিদ্যালয়খনৰ সমূহ শিক্ষক, শিক্ষাৰ্থীৰ লগতে কৰ্মচাৰীসকলৰ মুখে মুখে এই অদক্ষ অধ্যক্ষৰ কুকৃৰ্তি শুনিবলৈ পোৱা গ'ল মংগলবাৰে। শাসনৰ নামত অপশাসনৰ অশুভ পৰম্পৰাৰ বীজ ৰোপণ কৰা এইগৰাকী অধ্যক্ষৰ বিৰুদ্ধে মঙলবাৰে সংঘবদ্ধ প্ৰতিবাদ সাব্যস্ত হ'ল ঘিলামৰাত।
মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি কল্পনা কলিতা, সম্পাদক শুভ দাসৰ নেতৃত্বত সমূহ কৰ্মচাৰী আৰু শিক্ষাৰ্থী সমাজে হাতে হাতে প্লে'কাৰ্ডলৈ মহাবিদ্যালয় মূল প্ৰৱেশ পথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি পঞ্জীভূত ক্ষোভৰ বৰ্হি প্ৰকাশ কৰে। মহাবিদ্যালয় শ্ৰেণীত পাঠদান শেষ হোৱাৰ পাছত বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।
অধ্যক্ষৰ স্বেচ্ছাচাৰী টোঘলকী আচৰণ আৰু শিক্ষানুষ্ঠানখনৰ প্ৰতি বেপৰোৱা নীতিত অতিষ্ঠ শিক্ষক, শিক্ষাৰ্থীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি মহাবিদ্যালয়খনৰ ১৪০০ শিক্ষাৰ্থীৰ বিপৰীতে বেঞ্চ ডেস্ক আছে মাত্ৰ ১৩৮ যোৰ। সেয়াও অতি জৰাজীৰ্ণ আৰু ব্যৱহাৰৰ অনুপযোগী ।
মহাবিদ্যালয়ৰ পৰিয়ালৰ ব্যৱহাৰৰ বাবে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা, কনফাৰেন্স হলৰ ব্যৱস্থা, নিয়মীয়া বিদ্যুৎ যোগান ব্যৱস্থা বছৰ বছৰ ধৰি পুতৌ লগা। আনকি মহাবিদ্যালয়ৰ প্ৰতি বিষয়ৰ ব্যৱধানত ঘণ্টা বজাবলৈ নাই কোনো কৰ্মচাৰী।
অতি কদৰ্যময় আৰু বিশৃংখল পৰিবেশত নিমৰ্জিত হোৱা মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ পৰা প্ৰতি বর্ষত নামভৰ্তি মাচুল সংগ্ৰহ কৰি অহাৰ পাছতো বিগত প্ৰায় এটা দশকৰো অধিক সংখ্যা প্ৰকাশ কৰা নাই বছেৰেকীয়া আলোচনী "এন বিয়ান"। অন্যহাতে মহাবিদ্যালয়খনৰ সুদীর্ঘ দিন ধৰি খালী হৈ থকা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ সমূহ পূৰণ কৰাত কোনোদিনে গুৰুত্ব প্ৰদান নকৰি বাস্তৱিকতে মহাবিদ্যালয়খনকলৈ নির্লজ হেতালি খেলা বুলি প্ৰকাশ্যে অভিযোগ উত্থাপন কৰে ভুক্তভোগী শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলে।
এই সন্দৰ্ভত বিগত এটা দশক ধৰি শিক্ষক গোট, কৰ্মচাৰী গোটৰ তৰফৰ পৰা অজস্ৰ বাৰ অৱগত কৰি এই জলন্ত আৰু অতি প্ৰয়োজনীয় সমস্যাসমূহ পূৰণৰ আহ্বান জনায় ব্যৰ্থ হোৱা বুলি জানিবলৈ দি উপায়ন্তৰ হৈ শৈক্ষিক বাতাবৰণত আঘাত নোহোৱাকৈ এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱা বুলি জনাই।
তাৰোপৰি মহাবিদ্যালয়খনৰ ডিজিটেল শ্ৰেণী কোঠাতো গৰু গোহালি সদৃশ অৱস্থা , হোষ্টেলসমূহ ব্যৱহাৰৰ অনুপযোগী। মহাবিদ্যালয়খনক উত্তৰণৰ দিশত আগুৱাই নিয়াৰ পৰিবৰ্তে অধঃপতনে নিয়াৰ কূট কৌশলত ব্ৰতী হৈ উচ্চ শিক্ষানুষ্ঠানখনৰ বিপর্যয় মাতি অনা কাৰ্য বন্ধ কৰিবলৈ একেমুখে দাবী জনাই প্ৰতিবাদী শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থী সকলে। এই ক্ষেত্ৰত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীৰ অধিক সক্ৰিয়তা কামনা কৰা হৈছে ।
Also Read: বোকাখাতৰ বিশিষ্ট বাওঁপন্থী নেতা বলো বৰাৰ দেহাৱসান...