ডিজিটেল সংবাদ, ঢকুৱাখনা : শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সনা এক নির্লজ ঘটনা পোহৰলৈ আহিছে ঢকুৱাখনাত । চৰকাৰী বেতনে উদৰ পূৰণ নোহোৱা এগৰাকী প্ৰধান শিক্ষকে এইবাৰ বিদ্যাৰ্থীৰ বিপৰীতে আবন্তিত পুঁজি কুক্ষীগত কৰাৰ তথ্য পোহৰলৈ আহিছে ঢকুৱাখনা শিক্ষা খণ্ডত ।
ঢকুৱাখনাৰ শৈক্ষিকমহলক লজ্জানত কৰা এই বিতৰ্কিত প্ৰধান শিক্ষকজন হৈছে কনক গগৈ । ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত ৫৪২ নং লাহিবাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত এইজন চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত হৈছে এক গোচৰ।
ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈয়ে দাখিল কৰা গোচৰৰ ভিত্তিত সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত পঞ্জীভূত হৈছে এক জামিন অযোগ্য গোচৰ । উত্থাপিত অভিযোগ মতে বিদ্যালয়খনৰ বিদ্যাৰ্থীসকলৰ বিপৰীতে ইউনিফ্ৰম ক্ৰয়ৰ বাবে আবন্তিত চৰকাৰী পুঁজিৰ লগতে বিদ্যালয়খনৰ বৈদ্যুতিকৰণ শিতানত আবন্তিত পুঁজিৰ নামত বিত্তীয় অনিয়ম সংঘটিত কৰিছিল প্ৰধান শিক্ষকগৰাকীয়ে ।
এই সন্দৰ্ভত ঢকুৱাখনা মহকুমা প্ৰশাসনক প্ৰদান কৰা ৰাজহুৱা অভিযোগ সন্দৰ্ভত প্ৰশাসনৰ কাৰ্যবাহী দণ্ডাধীশ যমুনা সোনোৱালে তদন্ত চলাই এই বিত্তীয় অনিয়ম আৰু চৰকাৰী সামগ্ৰী আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আনিছিল । এই তদন্তৰ খতিয়ান মহকুমাধিপতিক দাখিলৰ পৰৱৰ্ত্তী সময়ত জিলা আয়ুক্তলৈ প্ৰেৰণ কৰিছিল মহকুমাধিপতি কাৰ্ত্তিক কলিতাই। সেই সন্দৰ্ভত জিলা আয়ুক্তই প্ৰদান কৰা নিৰ্দেশৰ ভিত্তিত ঢকুৱাখনাৰ শিক্ষা বিষয়াগৰাকীয়ে গোচৰ ৰুজু কৰিছে ।
মহকুমা প্ৰশাসনে কৰা দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । অভিযুক্ত প্ৰধান শিক্ষকগৰাকীযে প্ৰদান কৰা ভাষ্যৰ ভিত্তিত এই নিকৃষ্ট কাৰ্যৰ সৈতে শিক্ষা বিভাগ তথা সৰ্বশিক্ষা অভিযানৰ অন্য এক অৰ্থলোভী চক্ৰ জড়িত হোৱাৰো প্ৰামানিক তথ্য পোহৰলৈ আহিছে ।
কিন্তু অতি তাৎপৰ্যপূৰ্ণভাৱে শিক্ষা বিষয়াগৰাকীয়ে আৰক্ষীক দাখিল কৰা গোচৰত ৰহস্যজনকভাৱে অন্য বিভাগীয় চক্ৰটোৰ নাম নোসোমাল । সৰ্বশিক্ষা অভিযানৰ দায়িত্ব প্ৰাপ্ত এই চক্ৰটোক সুৰক্ষা দি কেৱল প্ৰধান শিক্ষক গৰাকীক বলিৰ পঠা সজোৱা বিতৰ্কিত শিক্ষা বিষয়া গগৈৰ এনে পক্ষপাতী আচৰনকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিক্ষা খণ্ডটোত।
উল্লেখ্য যে নিজৰ ব্যৰ্থ পৰিচালনা আৰু দুৰ্নীতিগ্ৰস্ত চৰিত্ৰ ফাদিল হোৱাত সমস্ত বিত্তীয় অনিয়ম জানি শুনিও মুকবধিৰৰ ভাও লোৱা শিক্ষা বিষয়া গগৈযে অৱশেষত জিলা আয়ুক্তৰ নিৰ্দেশত অনিচ্ছাৰ স্বত্তেও আৰক্ষী থানাত গোচৰ তৰিবলৈ বাধ্য হয় । লক্ষ্যণীয় বিষয় হ'ল- শিক্ষা বিষয়াগৰাকীৰ ঘনিষ্ঠ এগৰাকী সৰ্বশিক্ষা কৰ্মীৰ নাম এই সমস্ত বিত্তীয় অনিয়মৰ সৈতে অভিযুক্ত প্ৰধান শিক্ষকৰ ভাষ্যত সাঙোৰ খাই পৰা আৰু নিজৰ কটা যোৱা নাক বচাবলৈ কৌশল ৰচনা কৰিছিল এইগৰাকী চতুৰ শিক্ষা বিষয়াই ।
জিলা আয়ুক্তৰ নিৰ্দেশকো কেৰেপ নকৰি এইজন বিতৰ্কিত শিক্ষা বিষয়াই গ্ৰহণ কৰা কূট কৌশল পৰৱৰ্তী সময়ত ফাদিল কৰা হ'ব বুলি জানিব পৰা গৈছে । স্মতব্য যে আৰক্ষীৰ নিৰপেক্ষ তদন্ত হ'লে এই অৰ্থলোভী চক্ৰটো ৰঙা ঘৰৰ আলহী হোৱাটো খাটাং হোৱাত আৰক্ষীৰ তদন্তক প্ৰভাৱিত কৰিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে চক্ৰটোৱে ।