সমবায় সমিতিৰ কেলেংকাৰীক লৈ জংগী আন্দোলনৰ হুংকাৰ জাতীয় সংগঠনৰ...

সমবায় সমিতিৰ কেলেংকাৰীক লৈ জংগী আন্দোলনৰ হুংকাৰ জাতীয় সংগঠনৰ...
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলা সমবায় সমূহৰ পঞ্জীয়কৰ কাৰ্য্যালয়ৰ অন্তৰ্গত, ঢকুৱাখনা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ পূব ঢকুৱাখনা সমবায় সমিতিত সংঘটিত হৈছে বৃহৎ চাউল কেলেংকাৰী । সমবায় সমিতিখনৰ সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ নেতৃত্বত সংঘটিত ১১ শ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যবস্থাৰ চাউল হৰলুকী ঘটনাকলৈ লখিমপুৰ জিলা প্ৰশাসন, ঢকুৱাখনা মহকুমা প্ৰশাসন আৰু খাদ্য আৰু অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা ভূমিকাক লৈ ক্ষুব্ধ ৰাইজ-সংগঠন।

তাৰেই পৰিপ্ৰেক্ষিতত দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত কৰা হয় এখনি সংবাদমেলৰ । মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং, মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাঙৰ ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত জনজাতি কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত কৰা হয় সংবাদমেলৰ।  জাতীয় সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য ক্ষীৰোদ পেগুৱে সাংবাদিকক সম্বোধন কৰি পূব ঢকুৱাখনা সমবায় সমিতিখনৰ দৰিদ্ৰ হিতাধিকাৰীৰ বিপৰীতে আবন্তিত প্ৰায় ৬ মাহৰ ১১শ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল হৰলুকী  হোৱাৰ দৰে ভয়ানক অপৰাধ হোৱাৰ পাছতো জিলা ,মহকুমা আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগে মৰটোপনি মৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে।

সমবায় সমিতিখনত সভাপতি ভবেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ নেতৃত্বত সংঘটিত প্ৰায় ৩৮লাখ টকা বজাৰ মূল্যৰ চৰকাৰী চাউল চোৰাং বজাৰত বিক্ৰী কৰাৰ অভিযোগ প্ৰমাণিত হোৱাৰ পাছতো প্ৰশাসনে এইসকল দুৰ্নীতিগ্ৰস্ত অৰ্থ লোভীৰ ওপৰত আইন সংগত ব্যৱস্থা গ্ৰহণ নকৰাত গভীৰ অসন্তুষ্টি ব্যক্ত কৰে। পেগুৱে বিজেপি দলৰ মাতমৰা মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি হোৱাৰ বাবেই সমবায়খনৰ সভাপতি ভবেশ দলে আৰু সচিব পেগুৰ ওপৰত গোচৰ ৰুজু কৰাত প্ৰশাসনে সাহস হেৰুৱাইছে বুলি অভিযোগ উত্থাপন কৰি দুৰ্নীতিগ্ৰস্তক ৰক্ষণাবেক্ষণ দিয়া প্ৰশাসনৰ এনে সোপাধিলা ভূমিকাৰ বিৰুদ্ধে জংগী গণতান্ত্ৰিক সংগ্ৰাম আৰম্ভ কৰাৰ সকীয়নী দিয়ে।

পেগুৱে দুৰ্নীতিৰ ৰম্যভূমি পূব ঢকুৱাখনা সমবায় সমিতিখন নিলম্বন কৰি প্ৰশাসনে সমীপৰ খেৰকটা সমবায় সমিতিত সংলগ্ন কৰি দিছে বুলি জানিবলৈ দি এনেবোৰ দুৰ্নীতিগ্ৰস্তৰ সৰ্বগ্ৰাসী চৰিত্ৰৰ বাবেই এতিয়া অতিৰিক্ত দূৰত্ব অতিক্ৰম কৰি, গাঁঠিৰ ধন ভাঙি আৰু কষ্ট স্বীকাৰ কৰি হিতাধিকাৰী সকলে প্ৰাপ্য চাউল সংগ্ৰহ কৰিব লাগিব বুলি জনায়। তেওঁ সভাপতি আৰু সচিবৰ ওপৰত চৰকাৰী সামগ্ৰী চোৰাং বেহা পতাৰ অভিযোগত গোচৰ ৰুজু নকৰাৰ অন্তৰালত ৰাজনৈতিক শক্তিৰ দ্বাৰা জিলা আৰু মহকুমা প্ৰশাসন প্ৰভাৱিত হোৱাৰ আশংকা ব্যক্ত কৰি  এনে পক্ষপাতী আচৰণৰ বিৰুদ্ধে অংশীদাৰী ৰাইজে শীঘ্ৰে গণতান্ত্ৰিক সংগ্ৰামত নামিব বুলি ব্যক্ত কৰে ।

ঢকুৱাখনা জিলা টি এম পি কেৰ সম্পাদক অমৰজিৎ দলেয়ে সমগ্ৰ কেলেংকাৰীক লৈ প্ৰশাসনৰ দুৰ্বল ভূমিকা ৰহস্যজনক বিষয় হিচাবে অভিহিত কৰি প্ৰবঞ্চিত অংশীদাৰী সকলে যোৱা ১৯জুনত প্ৰশাসনক অভিযোগ দিযাৰ পাছত তদন্তৰ কৰি কিয় এই অপৰাধী সকলৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু নকৰিলে বুলি প্ৰশ্ন তুলি এইক্ষেত্ৰত উপায়ুক্ত গৰাকীৰ দুৰ্বল ভূমিকাকো সন্দেহৰ দৃষ্টিৰে ৰাইজে চাইছে বুলি অৱগত কৰে। দুৰ্নীতি পৰায়ন সভাপতি, সচিব জড়িত থকাৰ পাছতো এনেবোৰ পক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা দুৰ্বল ভূমিকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও সকীয়াই দিয়ে ।

দুৰ্নীতিগ্ৰস্তই দুখীয়া মানুহৰ মুখৰ চাউল কাঢ়ি খাব অথচ জিলা আৰু মহকুমা প্ৰশাসন নীৰৱ ভূমিকা পালন কৰিব এইয়া সহনীয় নহয় বুলি কৈ দোষীক কঠোৰ আইনগত শাস্তি নিদিলে গণ প্ৰতিবাদ সাব্যস্ত কৰা হব বুলি সকীয়াই দিয়ে। ঢকুৱাখনা জিলা এম এম কেৰ সভাপতি দ্বীপেন দলেয়ে কেলেংকাৰী সন্দৰ্ভত জানিও মহকুমা যোগান বিভাগৰ নীৰৱতাক তীব্ৰ  নিন্দা কৰি ৰাজনৈতিক আশীৰ্বাদপুষ্ট আৰু অবৈধ ভাৱে গঠিত দুৰ্নীতিগ্ৰস্ত সমবায় সমিতিখন ভংগ কৰি এখন নিকা আৰু স্বচ্ছ নতুন সমিতি গঠন কৰাৰ বাবে সমবায় সমূহৰ পঞ্জীয়কক দাবী জনায়।

জাতীয় সংগঠনৰ নেতা যতীন পেগু, ব্ৰিগেন দলে, ভূপেন দলে, সঞ্জীৱ দলে আদি গৰিষ্ঠ সংখ্যক নেতা উপস্থিত থকা সংবাদমেলত বিধায়ক নৱ দলেৰ নিজ গৃহ পঞ্চায়তৰ সমবায়খনত সংঘটিত এই ভয়ংকৰ কেলেংকাৰী সন্দৰ্ভত কিয় মৌন ভূমিকা পালিছে বুলি প্ৰশ্ন উত্থাপন কৰে । লগতে দৰিদ্ৰজনৰ নামত আৱন্তিত চাউলৰ এই নিৰ্লজ বেহাৰ নিৰপেক্ষ তদন্ত হবই লাগিব বুলি মত ব্যক্ত কৰে। উল্লেখ্য যে প্ৰশাসনৰ ৰহস্যজনক নীৰৱতাত অতিষ্ঠ ভুক্তভোগী ৰাইজৰ হৈ শনিবাৰে মনোজ কুমাৰ দাৰিকে ঢকুৱাখনা সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

সমবায় সমিতিৰ কেলেংকাৰীক লৈ জংগী আন্দোলনৰ হুংকাৰ জাতীয় সংগঠনৰ...
জনশূণ্য কবু চাপৰিত কাঠ মাফিয়াৰ ৰাজত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in