ঢকুৱাখনাৰ ফুকন ফিলিং ষ্টেচনত চোৰৰ চাফাই অভিযান...

ঢকুৱাখনাৰ ফুকন ফিলিং ষ্টেচনত চোৰৰ চাফাই অভিযান...
ঢকুৱাখনাৰ ফুকন ফিলিং ষ্টেচনত চোৰৰ চাফাই অভিযান...
Published on
Updated on

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা নগৰত চোৰৰ তাণ্ডৱ দিনক দিনে বৃদ্ধি পাই আহিছে। নগৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক লক্ষ্য কৰি নিৰবধি চোৰৰ এটা দলে চলাই গৈছে তাণ্ডৱ।

আৰক্ষীৰ নিয়মীয়া তহল ব্যৱস্থা ক্ৰুটিপূৰ্ণ হোৱাৰ অচিলা লৈ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অব্যাহত ৰখা তাণ্ডৱত নাগৰিক অতিষ্ঠ। শেহতীয়াভাবে নগৰৰ আমোলাপট্টি অঞ্চলত অৱস্থিত ফুকন ফিলিং ষ্টেচন নামৰ ভাৰতীয় তেল নিগমৰ পাম্পত মঙলবাৰে পুৱতি নিশা প্ৰায় ৪-০৭ বজাত চোৰে লোৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰি প্ৰায় ১৫ হাজাৰ টকা লুটি নিয়ে।

ঘটনাৰ বিবৰণী মতে ঘন কুঁৱলীৰ সুযোগ লৈ পুৱতি নিশা এটা চোৰে ৰাজপথৰ দাঁতিত অৱস্থিত খিৰিকী খুলি লোৰ গ্ৰীল ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু "কেচ বক্স"ৰ তলা ভাঙি উক্ত ধন ৰাশি লুটি নিয়ে। পাম্পটোৰ ভিতৰত সংযোজিত চি চি কেমেৰাত এই সমগ্ৰ অভিযান বাণীবদ্ধ হৈছে।

এই সন্দৰ্ভত ফিলিং ষ্টেচনৰ স্বত্বাধিকাৰী জ্যোতিষ সিংহ ফুকনে ঢকুৱাখনা সদৰ থানাত অৱগত কৰিছে। সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈয়ে চুৰি কাণ্ডৰ ভি ডি অ' ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।

ইপিনে ইয়াৰ কিছু সময়ৰ পাছতে নগৰৰ আমোলাপট্টি অঞ্চলত অৱস্থিত এখন ইলেক্ট্ৰিকেলচৰ দোকানতো চোৰে চাফাই অভিযান চলাই। তদুপৰি ব্লক চাৰি আলিৰ বিহাৰী ষ্টৰটো চাফাই অভিযান চলাবলৈ লওঁতেই কোনো ব্যক্তিৰ উপস্থিতিৰ উমান পাই চোৰ আঁতৰি যায়।

আৰক্ষীৰ নিখুঁত তদন্ত হলে অচিৰেই এই নিদ্ৰাশৰণকাৰী চোৰৰ দলটো ধৰা পৰিব । পিছে আৰক্ষীযে বা কি কঠোৰ স্থিতি গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

ঢকুৱাখনাৰ ফুকন ফিলিং ষ্টেচনত চোৰৰ চাফাই অভিযান...
পুনৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ যুৱক : পৰিয়ালৰ মাজত হাহাকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in