আদবাটতে হেৰাল দলং নিৰ্মাণৰ বাবে অনা ৬০০বেগ চিমেণ্ট ! গোগামুখত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ট্ৰাক

আদবাটতে হেৰাল দলং নিৰ্মাণৰ বাবে অনা ৬০০বেগ চিমেণ্ট ! গোগামুখত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ট্ৰাক

author-image
Asomiya Pratidin
New Update
আদবাটতে হেৰাল দলং নিৰ্মাণৰ বাবে অনা ৬০০বেগ চিমেণ্ট ! গোগামুখত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ ট্ৰাক

ডিজিটেল সংবাদ, ঢকুৱাখনা : মাজুলী জিলাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত পকী দলং নিৰ্মাণৰ বাবে অনা প্ৰায় ৬০০ বেগ চিমেণ্ট হৰলুকী হৈছে। চিলাপথাৰস্থিত চিমেণ্ট ৰেকৰ পৰা ৬০০ বেগ "ৰেমক'" ব্ৰেণ্ডৰ অ পি চি চিমেণ্ট বৃহস্পতিবাৰে ৰাজপথৰ পৰাই অন্তৰ্ধান হোৱা বুলি জানিব পৰা গৈছে ।

প্ৰায় ২৭ লক্ষাধিক টকা মূল্যৰ চিমেণ্টখিনি গাড়ীৰ পৰাই হৰলুকী হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সূত্ৰপাত ঘটাইছে । ঘটনাৰ বিবৰণী মতে BR 44 GA 0485 নম্বৰৰ ১০ চকাৰ এখন মালবাহী ট্রাকে যোৱা মাহৰ শেষত ডিব্ৰুগড়ৰ "চিমেণ্ট হাউছ"ৰ চিলাপথাৰস্থিত ৰে'কৰ পৰা  উক্ত চিমেণ্ট  লোড কৰি মাজুলী দিশে ৰাওনা হৈছিল ।

এই সন্দৰ্ভত চিমেণ্ট হাউচ কৰ্তৃপক্ষই সংশ্লিষ্ট ক্ৰেতা পক্ষলৈ "ইনভইচ" প্ৰেৰণেৰে অৱগত কৰি চিমেণ্টখিনি নিৰ্মান সংস্থাৰ নিজা ট্ৰাকৰ জৰিয়তে প্ৰেৰণ কৰিছিল মাজুলীলৈ । কিন্তু যোৱা প্ৰায় ৪ দিনে চিমেণ্ট গৈ নাপালে গন্তব্যস্থান মাজুলীৰ দলং নিৰ্মাণথলী ।

এই সন্দৰ্ভত নিৰ্মাণ সংস্থাই অশেষ সন্ধান চলায়ো ট্ৰাকৰ অৱস্থিতি উদ্ধাৰ কৰিব নোৱাৰি আৰক্ষীৰ কাষ চাপে । হেৰুৱা চিমেণ্ট সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পাছত গোগামুখ আৰক্ষী থানাই ক্ষীপ্ৰ তদন্ত কৰি চিমেণ্টবিহীন খালী ট্ৰাকখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে ।

গোগামুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  প্ৰণৱ দলেৰ নেতৃত্বত ক্ষীপ্ৰ অভিযান চলাই উক্ত ট্ৰাকখন গোগামুখ থানাৰ অন্তৰ্গত গোগামুখ- ঘিলামৰা ৰাজ্যিক ঘাইপথৰ "নায়েৰা পেট্ৰল পাম্প"ৰ সন্মুখত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু আশ্বৰ্যজনকভাৱে ট্ৰাকখনত বৃহৎ পৰিমাণৰ চিমেণ্ট উপলব্ধ নাছিল  ।

অৰ্থাৎ প্ৰায় খালী অৱস্থাত উদ্ধাৰ হৈছিল ট্ৰাকখন। ট্ৰাকত নাছিল চালক কিম্বা অন্য সামগ্ৰী ।  গোগামুখ আৰক্ষীয়ে পেট্ৰল পাম্পৰ কৰ্মচাৰী আৰু অন্য ব্যক্তিক সোধা পোচা কৰি কোনো সুদত্তৰ উলিয়াবলৈ সক্ষম নহ'ল ।

পাছত আৰক্ষীয়ে ধেমাজি জিলাৰ গোগামুখ  থানা আৰু বৰদলনী আৰক্ষী চকীৰ অন্তৰ্গত সন্দেহযুক্ত স্থানত চিমেণ্টৰ সন্ধানত অভিযান চলায় । তাৰোপৰি ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰু ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানতো শুকুৰবাৰে সন্ধান চলায় ।

আৰক্ষীয়ে সন্দেহ কৰা মতে চতুৰ প্ৰকৃতিৰ ট্ৰাক চালকগৰাকীয়ে গোপনে চিমেণ্টখিনি কম দামত বিক্ৰী কৰি উধাও হৈছে ! কিয়নো সাধাৰণতে এই ব্ৰেণ্ডৰ চিমেণ্ট ডাঙৰ ডাঙৰ দলং , চিমেণ্টৰ ইটা আদি নিৰ্মাণ কাৰ্যত ব্যৱহৃত কৰা হয়।

কিন্তু ক'ত, কোনে, কেনেকৈ চোৰাংভাৱে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ চিমেণ্ট আৰু ক'ত মজুত কৰি ৰাখিছে এনেবোৰ এশ এবুৰি চিন্তাই নিদ্ৰা হৰিছে আৰক্ষীৰ । আৰক্ষীয়ে সন্দেহযুক্ত সকলো স্থানত সন্ধান চলোৱা আৰম্ভ কৰিছে । কিন্তু সফল হ'ব পৰা নাই অদ্যপি। এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে ।

Also Read: জাগীৰোডত 'অমৃত বৃক্ষ ২.০’ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

dhakuakhana gogamukh